ETV Bharat / state

Rail connectivity in Assam: বিজেপিৰ শাসনকালত অসমত ৰে’ল সেৱাৰ দুৰৱস্থাৰ অভিযোগ অসম তৃণমূল কংগ্ৰেছৰ

অসমত ৰে’ল সেৱাৰ দুৰৱস্থাৰ অভিযোগ উত্থাপন কৰি অসম তৃণমূল কংগ্ৰেছৰ সংবাদমেল ৷ ক’ভিডৰ দুহাই দি 2020 চনৰ পৰা বৰ্তমানলৈকে 12 খন ৰে’লৰ চলাচল বন্ধ হৈ থকাৰ অভিযোগ ৷ অসমৰ পৰা নিৰ্বাচিত বিজেপি সাংসদৰ ভূমিকাকলৈয়ো সৰৱ তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা (Dilip Kumar Sarma TMC) ৷

author img

By

Published : Mar 3, 2023, 5:12 PM IST

Rail connectivity in Assam
বিজেপিৰ শাসনকালত অসমত ৰে’ল সেৱাৰ দুৰৱস্থাৰ অভিযোগ অসম তৃণমূল কংগ্ৰেছৰ

গুৱাহাটী, 3 মাৰ্চ: বিজেপি চৰকাৰৰ শাসনত অসমত ৰে’ল সেৱাৰ অধোগতি হৈছে (Poor railway services in Assam) । এই মন্তব্য অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাৰ । শুকুৰবাৰে গুৱাহাটীত অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত সংবামমেলত অসমত ৰে’ল সেৱাৰ দুৰৱস্থাৰ কথা উল্লেখ কৰে দিলীপ কুমাৰ শৰ্মাই ৷

তেওঁ কয় যে, ক’ভিডৰ দোহাই দি 2020 চনৰ 23 মাৰ্চৰ পৰা ৰাজ্যত চলাচল কৰা 12 খন ৰে’ল বন্ধ হৈ আছে (12 Train canceled in Assam) ৷ 55818 নম্বৰ গুৱাহাটী - নিউ বঙাইগাঁও পেচেঞ্জাৰ , 15771 আলিপুৰদুৱাৰ জংচন - গুৱাহাটী আইচি , 55903 মৰিয়নি-ডিমাপুৰ পেচেঞ্জাৰ , ডিব্ৰুগড়-ডেকাৰগাঁও আইচি, ডিব্ৰুগড়-লিডু পেচেঞ্জাৰ, 12086 ডিব্ৰুগড়-গুৱাহাটী শতাব্দী, 12525 ডিব্ৰুগড়-কলকাতা চুপাৰফাষ্ট , নিউ জলপাইগুড়ি-ৰঙিয়া, ডিব্ৰুগড়-তেজপুৰ ইন্টাৰচিটি, কলকাতা-গুৱাহাটী গৰীৱ ৰথ বন্ধ হৈ আছে (Several train canceled in Assam)।

সপ্তাহত 3/4 দিন চলাচল কৰা কন্যাকুমাৰী এক্সপ্ৰেছখন 2020 চনতে দৈনিক চলাব বুলি সিদ্ধান্ত লৈছিল, কিন্তু আজিও কন্যাকুমাৰী এক্সপ্ৰেছ দৈনিক চলাব নোৱাৰিলে বুলিও তেওঁ সংবাদমেলত উল্লেখ কৰে । ইফালে, ব্ৰহ্মপুত্ৰ মেইলখন দিল্লী-কামাখ্যাৰ মাজতহে চলাচল কৰে কিন্তু উজনিলৈকে নাযায় বুলিও অভিযোগ উত্থাপন কৰে (Railway connectivity in Assam) ৷

লগতে তেওঁ অভিযোগ উত্থাপন কৰি কয়, ‘‘উজনিৰ পৰা বগীবিল হৈ কলকাতালৈ চুপাৰফাষ্ট 12515 দ্ৰুতবেগী ট্ৰেইন ঘোষণা কৰিও এতিয়া বাতিল কৰিলে । জোনাই-গুৱাহাটী 496 কি.মি. দৈৰ্ঘৰ ব্ৰডগজ ৰেলপথ যাত্ৰীবাহী ৰে’লৰ বাবে এতিয়া এলাগী হৈ আছে ৷’’

সমান্তৰালভাৱে, 2015 চনৰ ভিতৰত এইচোৱা ৰে’লপথ 1500 কোটি টকাৰে ব্ৰডগজলৈ সম্প্ৰসাৰণ কৰাৰ পাচত 2016 চনৰ মাৰ্চ মাহত প্ৰথমখন ৰে’লযাত্ৰাৰ শুভাৰম্ভ কৰিছিল তদানীন্তন ৰে’লমন্ত্ৰী সুৰেশ প্ৰভুৱে ৷ কিন্তু এতিয়া এইচোৱা ৰে’ল পথত চেগাচোৰোকাকৈ দুই-এখন অনিয়মীয়া যাত্ৰীবাহী ৰে’লৰ পৰিৱৰ্তে যাত্ৰীৰ অভাৱ দেখুৱাই অধিক মুনাফাৰ স্বাৰ্থত ৰেলবিভাগে মালবাহী ট্ৰেইনৰ চলাচলতহে গুৰুত্ব দিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ অসমৰ পৰা নিৰ্বাচিত বিজেপি সাংসদ কেইজনৰ ভূমিকাও পুতৌলগা বুলি তেওঁ অভিযোগ কৰে (BJP MP from Assam)।

লগতে পঢ়ক: Guwahati Double Murder Update: কাৰাগাৰৰ এন্ধাৰ কুঠৰী হ‘ল পাষাণ বন্দনাৰ ঠিকনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.