ETV Bharat / state

Nipon Goswami : সোঁৱৰণীৰ পৃষ্ঠাত অসমীয়া ছবিজগতৰ মহীৰূহ নিপন গোস্বামী

author img

By

Published : Oct 27, 2022, 12:27 PM IST

নাটক আৰু অভিনয়ে নিপন গোস্বামীৰ মন-মগজুত বাস কৰিছিল । সেয়ে বি এ পৰীক্ষা দি উঠি তেওঁ কলিকতালৈ গৈ পুনেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত (FTII) নামভৰ্তিৰ বাবে পৰীক্ষা দিয়ে । ১৯৬৫ চন মানত তেওঁ পুনেলৈ অভিনয়ৰ প্ৰশিক্ষণৰ বাবে যায় । সুভাষ ঘাই, শত্ৰুঘ্ন সিন্‌হা, নবীন নিশ্চল, জালাল আগা, ৰেহেনা চুলতানা, ৰাকেশ পাণ্ডে আদি তেখেতৰ সহপাঠী আছিল (Veteran Actor Nipon Goswami is no more) ।

Etv Bharat
Etv Bharat

নিউজ ডেস্ক, ২৭ অক্টোবৰ : অসমীয়া চলচ্চিত্ৰ জগতৰ এটা যুগৰ অৱসান । অসমীয়া ছবি জগতৰ নক্ষত্ৰ পতন । অসমীয়া ছবি জগতৰ মহীৰূহ, চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ দেহাৱসান । অসমীয়া চলচ্চিত্ৰ জগত আৰু চলচ্চিত্ৰপ্ৰেমীক কন্দুৱাই চিৰদিনৰ বাবে অজান মুলুকলৈ গুচি গ'ল সকলোৰে প্ৰিয় অভিনেতাগৰাকী । ৰিক্ত হ'ল অসমীয়া ছবিৰ এক তাৰকা স্থান ।

অভিনেতা নিপন গোস্বামী আৰু নাই (Veteran Actor Nipon Goswami is no more) ৷ কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতি দি সকলোকে কন্দুৱাই অনন্ত ধামলৈ গুচি গ’ল অসমীয়া ছবি জগতৰ জ্যেষ্ঠ তথা জনপ্ৰিয় অভিনেতা নিপন গোস্বামী ৷ 80 বছৰ বয়সত তেওঁ জীৱন নাটৰ সামৰণি মাৰে ৷ হাঁহি-কান্দোনৰ খোৰাক যোগাই চলচ্চিত্ৰপ্ৰেমীক মোহাচ্ছন্ন কৰা নিপন গোস্বামীৰ অবৰ্তমানত এতিয়া শোকবিহ্বল অসমীয়া সাংস্কৃতিক তথা জনজীৱন ।

হঠাৎ শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামীক 23 অক্টোবৰ তাৰিখে তৎকালীনভাৱে মহানগৰীৰ নেমকেয়াৰ হাস্পতালত (Nemcare Hospital) ভৰ্তি কৰোৱা হৈছিল ৷ বিশিষ্ট অভিনেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাচতেই হাস্পতালখনৰ হৃদৰোগ বিভাগৰ ICU-ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু সোমবাৰে অভিনেতাগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে (Assam actor Nipon Goswami Falling Ill)৷

দেওবাৰৰ পৰাই অভিনেতা নিপন গোস্বামী হাস্পতালখনৰ হৃদৰোগ বিশেষজ্ঞ, মেডিচিন বিশেষজ্ঞ আৰু হাওঁফাওঁ বিশেষজ্ঞ চিকিৎসকৰ দলৰ নিৰীক্ষণত চিকিৎসাধীন হৈ আছিল । কিন্তু বৃহস্পতিবাৰে মহানগৰীৰ নেমকেয়াৰ হাস্পতালতে পুৱা 9.15 বজাত শেষ নিশ্বাস ত্যাগ কৰে মহীৰূহ নিপন গোস্বামীয়ে ৷

১৯৪২ চনৰ ছেপ্টেম্বৰ মাহত সাংস্কৃতিক নগৰী তেজপুৰৰ কলিবাৰীত জন্ম হৈছিল নিপন গোস্বামীৰ । অসমৰ চলচ্চিত্ৰ আৰু নাট্য জগতৰ জনপ্ৰিয় অভিনেতা আছিল নিপন গোস্বামী । মঞ্চত অভিনয়েৰে তেওঁ ছবি জগতলৈ বাট বুলে । অসমীয়া ছবি জগতৰ 'তাৰকা অভিনেতা'ৰ শাৰীৰ মুষ্টিমেয় কেইজনমানৰ ভিতৰত অন্যতম হৈছে নিপন গোস্বামী । মঞ্চনাট, টেলি-ফিল্ম, ভিচিডি, পূৰ্ণদৈৰ্ঘ্যৰ ছবি আদিত অভিনয় কৰাৰ লগতে তেওঁ নাট পৰিচালনাও কৰিছিল । নিপন গোস্বামীয়ে শতাধিক ছবিত কাম কৰি গৈছে । উল্লেখ্য, ২০২১ বৰ্ষত নিপন গোস্বামীক ড৹ ভবেন্দ্ৰ নাথ শইকীয়া বঁটাৰে সন্মানিত কৰা হয় ৷

নিপন গোস্বামীৰ পিতৃ চন্দ্ৰধৰ গোস্বামী আছিল বিখ্যাত অভিনেতা আৰু মাতৃ নিৰুপমা গোস্বামীয়ে সংগীত চৰ্চা কৰিছিল । নিপন গোস্বামীয়ে আদিপাঠ গ্ৰহণ কৰিছিল কলিবাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত । তাৰ পাচত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে । নিপন গোস্মামীয়ে নিজৰ ঘৰখনৰ পৰায়ে এটা সাংস্কৃতিক পৰিৱেশ লাভ কৰিছিল । পিতৃ চন্দ্ৰধৰ গোস্বামীকে ধৰি পাঁচোজন খুৰাকেই আছিল অভিনয়ৰ লগত জড়িত । তদুপৰি বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আছিল তেখেতৰ চুবুৰীয়া । তেজপুৰৰ প্ৰখ্যাত বাণ থিয়েটাৰত নিয়মিতভাৱে চলি থকা নাটক চায়েই তেখেত অভিনয়ৰ প্ৰতি আগ্ৰহী হৈছিল ।

স্কুলত পঢ়ি থকা দিনতেই নিপন গোস্বামীয়ে প্ৰথম অভিনয় কৰিছিল । প্ৰায় ৯ বছৰ বয়সতে তেওঁ প্ৰথম নাটকত অভিনয় কৰিছিল । তেওঁ অভিনয় কৰা প্ৰথমখন নাটক আছিল 'লাচিত বৰফুকন' । স্কুলীত লগৰীয়াকেইজনমানৰ সৈতে নাটকখনত অভিনয় কৰিছিল । আনহাতে, হাইস্কুলত পঢ়ি থকা সময়ত তেওঁ বিভিন্ন নাট প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল ।

নাটক আৰু অভিনয়ে নিপন গোস্বামীৰ মন-মগজুত বাস কৰিছিল । সেয়ে বি এ পৰীক্ষা দি উঠি তেওঁ কলিকতালৈ গৈ পুনেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত (FTII) নামভৰ্তিৰ বাবে পৰীক্ষা দিয়ে । ১৯৬৫ চন মানত তেওঁ পুণেলৈ অভিনয়ৰ প্ৰশিক্ষণৰ বাবে যায় । সুভাষ ঘাই, শত্ৰুঘ্ন সিন্‌হা, নবীন নিশ্চল, জালাল আগা, ৰেহেনা চুলতানা, ৰাকেশ পাণ্ডে আদি তেখেতৰ সহপাঠী আছিল । বলিউডৰ অভিনেতা আচৰাণী আছিল অগ্ৰজ আৰু বলিউদৰ ডেনী আৰু জয়া ভাদুৰী তেখেতৰ কনিষ্ঠ আছিল । তাত তেওঁ ২ বছৰীয়া শিক্ষা সাং কৰি প্ৰথম ছবিত অভিনয় কৰে ।

'পুনে ফিল্ম ইনষ্টিটিউট'ৰ শিক্ষা গ্ৰহণ কৰি থাকোতেই নিপন গোস্বামীয়ে অমৰ পাঠকৰ 'সংগ্ৰাম' ছবিত অভিনয়ৰ বাবে আমন্ত্ৰণ পায় । উক্ত আমন্ত্ৰণ লাভ কৰি নিপন গোস্বামীয়ে 'সংগ্ৰাম' ছবিত প্ৰথমে নায়কৰ চৰিত্ৰত অভিনয় কৰে । অৱশ্যে নিপন গোস্বামীৰ অভিনীত প্ৰথম ছবি আছিল ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত 'পিয়লি ফুকন' । তেওঁৰ পিতৃয়ে ছবিখনত নাম ভূমিকাত অভিনয় কৰিছিল । উক্ত ছবিখনতে কেইটামান সৰু-সুৰা দৃশ্যত তেওঁ প্ৰথমে কেমেৰাত ভূমুকি মাৰিছিল ।

'সংগ্ৰাম'ৰ পাছতে নায়ক হিচাপে তেখেতে ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত 'ডক্তৰ বেজবৰুৱা' ছবিত অভিনয় কৰে । তাৰ পাচৰে পৰা তেওঁ আৰু পিছলৈ উভতি চাবলগা হোৱা নাই । এইখিনিতে উল্লেখ কৰিব লাগিব যে, তেওঁ ইচ্ছা কৰিলে বলিউডতো নিজৰ দখল দিয়াৰ সম্ভাৱনা আছিল । কিন্তু তেওঁ নিজৰ সংস্কৃতিৰ প্ৰতি অধিক সমৰ্পিত আছিল । সেয়ে তেওঁ জন্মভূমিলৈ উভতি অহাৰ সিদ্ধান্ত লয় । তেনেদৰেই শতাধিক অসমীয়া ছবিত অভিনয়েৰে অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক সমৃদ্ধিশালী কৰি তোলে । ১৯৮১ চনৰ আজলী নবৌৰ পাচৰে পৰা নিপন গোস্বামীয়ে নায়কৰ লগতে চৰিত্ৰাভিনয়ো কৰিবলৈ লয় ।

অৱশ্যে চলচ্চিত্ৰতকৈ নিপন গোস্বামীয়ে মঞ্চ অভিনয়হে বেছি ভাল পাইছিল । সেই কথা তেওঁ নিজেই প্ৰকাশ কৰি গৈছে । সেয়ে তেওঁ চলচ্চিত্ৰৰ লগতে মঞ্চাভিনয়ো অব্যাহত ৰাখিছিল । উল্লেখ্য, নিপন গোস্বামীয়ে ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰি গৈছে । কহিনুৰ, আৱাহন, হেঙুল আৰু শকুন্তলা থিয়েটাৰত অভিনয় কৰিছিল । ভ্ৰাম্যমাণৰ ইতিহাসৰ এক অন্যতম নাটক কাঞ্চন বৰুৱাৰ বিখ্যাত উপন্যাসৰ আধাৰত কহিনুৰ থিয়েটাৰে মঞ্চস্থ কৰা 'অসীমত যাৰ হেৰাল সীমা'ৰ 'চন্দন'ৰ চৰিত্ৰত অভিনয় কৰিছিল নিপন গোস্বামীয়ে ।

অভিনয়ৰ সমান্তৰালভাৱে নিপন গোস্বামীয়ে নাট পৰিচালনাও কৰিছিল । এমেচাৰ আৰু ভ্ৰাম্যমাণ দুয়োবিধ নাটকেই নিপন গোস্বামীয়ে পৰিচালনা কৰিছে । টেলিফিল্মো পৰিচালনা কৰিছে নিপন গোস্বামীয়ে । ইয়াৰ উপৰি মুনীন বৰুৱাৰ লগত যৌথভাৱে তেওঁ 'প্ৰতিমা' ছবিখন পৰিচালনা কৰিছিল । মৃত্যুৰ কেইটামান বছৰ আগলৈকে তেওঁ চলচ্চিত্ৰ আৰু ভিচিডি ছবিত অভিনয় কৰি গৈছে । মাজতে অসম চৰকাৰৰ জনসংযোগ বিভাগত চাকৰি কৰিছিল যদিও তেওঁ তাৰ পৰা অব্যাহতি লয় ।

অসমৰ আগশাৰীৰ নাট্যগোষ্ঠী আৱাহন থিয়েটাৰে ২০২১ বৰ্ষত নিপন গোস্বামীক ড৹ ভবেন্দ্ৰ নাথ শইকীয়া বঁটাৰে সন্মানিত কৰে ৷ উক্ত বঁটাত গামোচা, ট্ৰফী, চেলেং, সম্বৰ্ধনা-পত্ৰ আৰু নগদ দহ হাজাৰ টকাৰে তেওঁক সন্মান প্ৰদান কৰা হয় ৷

নিপন গোস্বামী অভিনীত অসমীয়া ছবিবোৰৰ ভিতৰত হৈছে :

  • সংগ্ৰাম (১৯৬৫)
  • ডক্তৰ বেজবৰুৱা
  • শেষ বিচাৰ
  • আজলী নবৌ
  • ককাদেউতা নাতি আৰু হাতী
  • নয়নমণি
  • দূৰণিৰ ৰং
  • ঘৰ সংসাৰ
  • জীৱন সুৰভি
  • প্ৰতিমা
  • পূজা
  • মৰীচিকা
  • মইনাজান
  • মানৱ আৰু দানৱ
  • শকুন্তলা আৰু শংকৰ জোচেফ আলি
  • প্ৰতিদান
  • চিৰাজ
  • হিয়া দিয়া নিয়া
  • ককাদেউতাৰ ঘৰজোঁৱাই
  • কাদম্বৰী
  • মিঠা মিঠা লগনত
  • পলে পলে উৰে মন
  • ব'হাগৰ দুপৰীয়া
  • অঘৰী আত্মা
  • জীৱন বাটৰ লগৰী
  • বৰুৱাৰ সংসাৰ
  • আই মোৰ জনমে জনমে
  • প্ৰিয়া মিলন
  • বৰলাৰ ঘৰ

তেওঁ বাংলা ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰি গৈছে । তেওঁ অভিনয় কৰা বাংলা ভাষাৰ ছবিকেইখন হৈছে :

  • তুষাৰতীৰ্থ অমৰনাথ
  • মৌ শেৰ
  • দেবাঞ্জলী
  • দুৰন্ত চৰাই

নিপন গোস্বামীয়ে অভিনয় কৰা হিন্দী ভাষাৰ চলচ্চিত্ৰকেইখন হৈছে :

  • দো অনজানে
  • জগ্গু
  • দো ভাই
  • মৌকা
  • বিৰোধী
  • কালসন্ধ্যা

লগতে পঢ়ক :Assam actor Nipon Goswami: অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামী আৰু নাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.