নিউজ ডেস্ক, ১৫ অক্টোবৰ: সংগীতৰ দেশ অসম, সুৰৰ দেশ ৷ সত্তৰৰ দশকৰ পৰা অসমীয়া সংগীতে আৰম্ভ কৰা বিশ্বমুখী সুৰীয়া যাত্ৰা আজিও অব্যাহত আছে ৷ অসমীয়া থলুৱা সুৰ আৰু মাটিৰ গোন্ধেৰে আমোলমোলাই থকা অনেক গীতৰ মাজতে অসমীয়া আধুনিক গীতে সত্তৰৰ দশকত পাইছিল এক নতুন ৰূপ ৷ পশ্চিমীয়া সুৰ, ৰ'ক এণ্ড ৰ'ল, জাজ আদি শৈলীৰ সংমিশ্ৰণেৰে অসমীয়া আধুনিক সংগীতক নতুন মাত্ৰা দিয়া, যুৱ প্ৰজন্মৰ পৰা আৰম্ভ কৰি সকলো স্তৰৰ শ্ৰোতাৰ বাবে এক নব্যৰস আনি দিয়া সেই সময়ৰ একমাত্ৰ শিল্পীগৰাকীয়েই আছিল জয়ন্ত হাজৰিকা ৷
১৯৪৩ চনৰ ২০ ছেপ্তেম্বৰত মঙলদৈত জন্মগ্ৰহণ কৰিছিল নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকাৰ কনিষ্ঠ সন্তান ৰাণাই ৷ আচৰিত যেন লাগিলেও সত্য যে ৰাণা নামৰ এই শিশুটিয়ে মাত্ৰ ৯ বছৰ বয়সতে সুৰাৰোপিত কৰিছিল এটি অসমীয়া গীতৰ ৷ যিটো গীত ৰচনা কৰিছিল তেওঁৰেই জ্যেষ্ঠ ভ্ৰাতৃ নৃপেন হাজৰিকাই ৷
হয়তো এয়া নীলকান্ত হাজৰিকাৰ ঘৰখনৰ বাবে এক স্বাভাৱিক পৰিঘটনাই আছিল ৷ কিয়নো এই ৰাণা নামৰ শিশুটিৰ জ্যেষ্ঠ ভ্ৰাতৃ-ভগ্নীসকলৰ নাম আছিল গীতিকাৰ নৃপেন হাজৰিকা, ভূপেন হাজৰিকা, সমৰ হাজৰিকা আৰু সুদক্ষিণা শৰ্মা ৷ সংগীতময় সেই পৰিবেশতেই ডাঙৰ দীঘল হোৱা এই শিশু ৰাণাই পৰবৰ্তী সময়ত অসমৰ মানুহৰ হৃদয়ৰ কোঁহে কোঁহে স্থান লৈছিল জয়ন্ত হাজৰিকা ৰূপে ৷
বহুতে ক'ব খোজে, জয়ন্ত হাজৰিকাৰ গীতত আছে কেৱল নিৰাশা আৰু হতাশাৰ ছবি ! জয়ন্ত হাজৰিকাৰ কণ্ঠত আছে এক সাংঘাতিক কাৰুণ্য ! কিন্তু কিমান সঁচা এই কথা ? এইজনেই সেইজন জয়ন্ত হাজৰিকা নহয়নে যাৰ মায়াসনা দৰদী কণ্ঠৰে নিগৰিছিল "সপোনত সৰে মৌ জিৰি জিৰি জিৰি জিৰিকৈ" বা "তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ" ৰ দৰে অনেক সুমধুৰ প্ৰেমৰ গীত ৷ যি গীতত আছিল প্ৰৱল আশাবাদ, আছিল প্ৰেমৰ তীব্ৰ অনুৰাগ ৷
জয়ন্ত হাজৰিকাৰ সেই দৰদী কন্ঠত যেতিয়া প্ৰাণ পাই উঠে "এই আকাশ বৰ বিশাল" নাইবা "মোৰ মিনতি তৰা হয় যদি", তেতিয়া কোনেও তাত বিচাৰি উলিয়াব নোৱাৰে নিৰাশাৰ কলীয়া ডাৱৰ চপৰা ৷ জয়ন্ত হাজৰিকা কেৱল এজন কণ্ঠশিল্পী, সুৰকাৰ বা সুদক্ষ সংগীত পৰিচালকেই নাছিল ৷ তেওঁ আছিল আজন্ম প্ৰেমিক ৷ সুৰ আৰু সংগীতৰ এক অম্লান ধাৰা ৷ সত্তৰৰ দশকতে পশ্চিমীয়া আৰু অসমীয়া থলুৱা সংগীতৰ মধুৰ সংমিশ্ৰণেৰে তেওঁ কাটি থৈ যোৱা বাটটোৰেই আজি বাট বুলিবলৈ সক্ষম হৈছে অসমৰ বহু জনপ্ৰিয় কণ্ঠশিল্পী ৷
এইগৰাকী শিল্পীয়ে অসমীয়া সংগীতক সাংঘাতিক কিবা দি যাব পাৰিলে নে নাই সেয়া অন্য বিষয় ৷ কিন্তু জয়ন্ত হাজৰিকাই অসমীয়া আধুনিক সংগীতৰ এটা নতুন ট্ৰেণ্ড সৃষ্টি কৰি থৈ গ'ল ৷ তেওঁৰ অবৰ্তমানত যি ট্ৰেণ্ড এতিয়াও চিৰসেউজ হৈয়েই আছে ৷ ১৯৭৭ চনত গীত ৰেকৰ্ডিঙৰ বাবে হাঁহি ফুৰ্তিৰে গুৱাহাটীৰ পৰা কলিকতালৈ ৰাওনা হোৱা জয়ন্ত হাজৰিকা ঘূৰি আহিছিল বগা কাপোৰৰ মাজত ৷ ঠিক যেন তেওঁ গাই যোৱাৰ দৰে "মোৰ মৃতদেহ বগা কাপোৰেৰে কোনোবাই ঢাকি দিব.. আন কোনোবাই গংগা জলেৰে দেহাটি তিয়াই দিব... ৷"
১৯৭৭ চনৰ ১৫ অক্টোবৰত আকস্মিকভাৱ কলিকতাত শেষ নিশ্বাস ত্যাগ কৰা এইগৰাকী দৰদী শিল্পীয়ে মাত্ৰ ৩৪ টা বছৰতে অসমীয়া সংগীতক দি থৈ গ'ল অমূল্য সৃষ্টিৰাজি ৷ আজি এইগৰাকী মহান শিল্পীক তেওঁৰ ৪৬ সংখ্যক মৃত্যুদিনত জাতিয়ে জনাইছে সশ্ৰদ্ধ প্ৰণাম ৷
লগতে পঢ়ক: Tribute to Jayanta Hazarika: জয়ন্ত হাজৰিকালৈ মনত পৰিলে কিয় নিজকে অপৰাধী যেন লাগে হেমন্ত দত্তৰ ?