ETV Bharat / state

Transport department strict action: উদণ্ড স্কুল বাছ চালকক নাকি লগাব পৰিবহণ বিভাগে - জিলা পৰিবহন বিষয়া গৌতম দাস

যান-বাহন আইন উলংঘা কৰি ৰাজপথত যথে-মধে গাড়ী চলাই পথচাৰীৰ জীৱনলৈ সংশয় কঢ়িয়াই অনা মহানগৰীৰ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ উদণ্ড চালকৰ বিৰুদ্ধে এতিয়াৰে পৰা অধিক কঠোৰ হ’ব কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ (Transport department strict action against school bus)৷

Transport department strict action against school bus
উদণ্ড স্কুল বাছ চালকক নাকি লগাব পৰিবহন বিভাগে
author img

By

Published : Aug 9, 2022, 10:54 PM IST

গুৱাহাটী, ৯ আগষ্ট: সাৱধান ! মহানগৰীৰ বিদ্যালসমূহত নাকি লগাব জিলা পৰিবহণ বিভাগে (Transport department strict action )৷ যান-বাহন আইন উলংঘা কৰি ৰাজপথত যথে-মধে গাড়ী চলাই পথচাৰীৰ জীৱনলৈ সংশয় কঢ়িয়াই অনা মহানগৰীৰ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ উদণ্ড চালকৰ বিৰুদ্ধে এতিয়াৰে পৰা অধিক কঠোৰ হ’ব কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ (Transport department strict action against school bus)৷

উদণ্ড স্কুল বাছ চালকক নাকি লগাব পৰিবহন বিভাগে

ইতিমধ্যে পৰিবহণ বিভাগে ৰাজপথত উদণ্ড চালকৰ বিৰুদ্ধে বিগত বহুদিন ধৰি অভিযান অব্যাহত ৰাখিছে ৷ এতিয়াৰ পৰা পৰিবহণ বিভাগে এিনে কোনো বাছ চালকৰ বিৰুদ্ধে অভিযোগ পোৱা মাত্ৰকে এনে উদণ্ড চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে জিলা পৰিবহণ বিষয়া গৌতম দাসে (DTO Gautam Das) ৷

এই অভিযানৰ অংশ হিচাপে সোমবাৰে জিলা পৰিবহণ বিভাগে গীতানগৰ পথৰ দাঁতিত ৰখাই থোৱা এখন বাহনক খুন্দা মৰা বীৰকুচিৰ মাৰীয়াজ পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা স্কুল বাছখনৰ সুৰাসক্ত চালকৰ অনুজ্ঞা পত্ৰ বাতিল কৰে ৷ লগতে বাছখনৰ পৰা ১০ হাজাৰ টকা জৰিমনা বিহিছে পৰিবহণ বিভাগে ৷

ইয়াৰ সমান্তৰালকে মঙলবাৰে দিনৰ ভাগত পৰিবহণ বিষয়া গৌতম দাসে গুৱাহাটীৰ বীৰকুচিত অৱস্থিত মাৰীয়াজ পাব্লিক স্কুলত উপস্থিত হৈ উক্ত বিদ্যালয়খনৰ স্কুল বাছৰ দুৰ্ঘটনাৰ সন্দৰ্ভত তদন্ত কৰে ৷

পৰিবহণ বিষয়াগৰাকীয়ে কামৰূপ জিলা পৰিবহণ বিভাগে স্কুল বাছৰ ক্ষেত্ৰত জাৰি কৰা নীতি নিৰ্দেশনা সমূহ বিদ্যালয় কৰ্তৃপক্ষই মানি চলাৰ বাবে নিৰ্দেশ দিয়ে । গুৰু গোঁসাই নমনা একাংশ বিদ্যালয়ৰ বাছ চালকৰ বিৰুদ্ধে অধিক কঠোৰ হব বুলিও সকিয়াই দিয়ে দাসে ৷

লগতে পঢ়ক: Protest against GMDAs decision: কটা নহয় কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ বট গছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.