গুৱাহাটী,৮ জানুৱাৰী : পৰিবহণ বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ (প্ৰৱৰ্তক) কার্যালয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ নিৰ্দেশত পথ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন আইন ভংগকাৰী বাহনৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে (Crackdown on violators of traffic laws)। জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসে জানিবলৈ দিয়া মতে, পূৰ্বৰে পৰা কাৰ্যালয়ৰ প্ৰৱৰ্তক-পৰিদৰ্শক, সহকাৰী প্ৰৱৰ্তক-পৰিদৰ্শক আৰু প্ৰৱৰ্তক চেকাৰসকলে অভাৰলোড বা নিৰ্ধাৰিত বহন ক্ষমতাতকৈ অধিক ওজন সৰবৰাহ কৰা,যাত্ৰীবাহী বাহনত অধিক যাত্ৰী নিয়া বাহনৰ বিৰুদ্ধেও ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে ।
![traffic laws](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-violation-traffic-act-guwahati-fined-rs-14-crore-in-9-months-7209925_08012022112602_0801f_1641621362_195.jpg)
চলিত ২০২১-২২ বিত্তীয় বর্ষৰ পহিলা এপ্ৰিলৰ পৰা ৩১ ডিচেম্বৰলৈকে ৯ মাহত কার্যালয়ে চলোৱা অভিযানত যান-বাহন আইন ভংগ কৰা ১৬,৩৮৬ টা ঘটনা ধৰা পেলাই ইয়াৰ বিপৰীতে ১৪ কোটিতকৈও অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ ভিতৰত কেৱল অভাৰলোড ট্ৰাকৰ বিৰুদ্ধে ৩,৩০০ টা ঘটনা ধৰা পেলাই তাৰ বিপৰীতে ৮.৯১ কোটিতকৈ অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হয় । আনকি সমগ্ৰ ৰাজ্যৰ ৩৪ খন জিলাৰ ভিতৰত প্ৰায় ৩০ শতাংশ অভাৰলোড ট্ৰাক কেৱল কামৰূপ মহানগৰ জিলাত ধৰা পেলোৱা হয় ।
![traffic laws](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-violation-traffic-act-guwahati-fined-rs-14-crore-in-9-months-7209925_08012022112602_0801f_1641621362_805.jpg)
আনহাতে বিগত ২০২০-২১ বৰ্ষত অৰ্থাৎ ১২ মাহত জিলাখনত যান-বাহন আইন ভংগৰ ঘটনা ধৰা পেলোৱা হৈছিল ৪,০৫৭ টা আৰু ইয়াৰ বিপৰীতে ৭.৪৭ কোটিতকৈ অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হৈছিল । বিশেষকৈ মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি সকলোৱে "পথ সুৰক্ষা, জীৱন ৰক্ষা"ৰ নীতি, পথ সুৰক্ষাৰ পঞ্চসূত্ৰ সকলোৱে মানি চলি এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষ্যৰে যাতে চালকসকলে ৰাজপথত বাহন চলাই তাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে ।
![traffic laws](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-01-violation-traffic-act-guwahati-fined-rs-14-crore-in-9-months-7209925_08012022112602_0801f_1641621362_18.jpg)
আনহাতে আগন্তুক মাঘ মাহৰ আগতে পে ইণ্ডিয়া কেবৰ ফালৰ পৰা গুৱাহাটীত দুৰ্ঘটনা সংঘটিত হ'লে তৎকালে যাতে দুৰ্ঘটনাস্থলীলৈ উদ্ধাৰকাৰীক প্ৰেৰণ কৰিব পাৰি তাৰ বাবে দুখন বাহনৰ ব্যৱস্থা কৰা হ'ব । তাৰ বাবে নিৰ্দিষ্ট এপত খবৰ দিয়াৰ পাছতে বাহন গৈ ঘটনাস্থলীত উপস্থিত হ'ব । একে সময়তে গুৱাহাটীত যাত্ৰীৰ অধিকাৰ যাতে অক্ষুণ্ণ থাকে তাৰ বাবে পে ইণ্ডিয়াৰ উপৰিও অ'লা আৰু উবেৰ কেবকো সময়ে সময়ে মণিটৰিং কৰি থকা হৈছে বুলি জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে জানিবলৈ দিছে । উল্লেখ্য যে বিগত বৰ্ষৰ ৯ মাহৰ তুলনাত এইবেলি ৯ মাহত ৩০২ শতাংশতকৈও অধিক পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰা হৈছে ।
লগতে পঢ়ক :Guwahati Smart City Project : দুবছৰ ধৰি বিকল গুৱাহাটীৰ ৱাটাৰ ATM