গুৱাহাটী, 8 মাৰ্চঃ দেওবাৰে নাৰী দিৱস উদযাপন কৰাৰ লগতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে তৃতীয় লিংগই ৷ মহানগৰীৰ দীঘলীপুখুৰী পাৰত তৃতীয় লিংগৰ লোকসকলে একত্ৰিত হৈ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ চৰকাৰে তৃতীয় লিংগৰ বাবে গঠন কৰা আইনক লৈ তেওঁলোক সন্তুষ্ট নহয় বুলি জানিবলৈ দিয়ে বিধান বৰুৱাই ৷
আনহাতে নাৰী দিৱস উদযাপন কৰিলেও চৰকাৰে তৃতীয় লিংগৰ বিৰুদ্ধে কৰি থকা অন্যায় অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে বুলি মন্তব্য কৰে বিধান বৰুৱাই । চৰকাৰে বহু বছৰৰ অন্তত তৃতীয় লিংগৰ বাবে ৰাজ্যিক তৃতীয় লিংগ পলিচি লৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলেও এই আইন কোনো কাৰণত মানি লোৱা নহব বুলি জানিবলৈ দিয়ে বিধান বৰুৱাই । বিধান বৰুৱাৰ মতে তৃতীয় লিংগৰ সমাজক সম্পূৰ্ণ ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে । নাৰী দিৱসৰ দিনটোতে তেওঁলোকৰ এটাই চৰকাৰৰ ওচৰত আহ্বান যে অতি সোনকালে তৃতীয় লিংগ আইন 2019 নাকচ কৰিব লাগে ৷
লগতে তৃতীয় লিংগৰ লোকসকলে পূৰ্বৰ পৰা যিদৰে ট্ৰেইন , বাছত টকা বিছাৰি জীৱন নিৰ্বাহ কৰি আহিছে অথবা কাম কৰি আছে তেনেদৰেই কাম কৰি যাব বুলি মন্তব্য কৰে তৃতীয় লিংগসকলে । তৃতীয় লিংগৰ লোকসকলৰ বাবে চৰকাৰে আইন প্ৰণয়ন কৰাৰ পিছতো এতিয়া এইদৰে প্ৰতিবাদ কৰিছে তৃতীয় লিংগৰ লোক সকলে ।