গুৱাহাটী, 13 ডিচেম্বৰ: কেবৰ বিৰোধিতাৰে অশান্ত অসম ৷ যাৰ বাবে অসমৰ বিভিন্ন স্থানত বাতিল কৰা হৈছে ৰে'ল চলাচল ৷ বিশেষকৈ উজনি অসমলৈ যোৱা সকলো ৰে'ল বাতিল হৈছে ৷ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দৰ তথ্য অনুসৰি প্ৰায় 39খন ৰে'ল বাতিল কৰা হৈছে ৷ বিশেষকৈ উজনি অসমলৈ যোৱা সকলো ৰে'ল বাতিল হৈছে ৷
উল্লেখ্য যে, বহিঃৰাজ্যৰ পৰা উজনিলৈ যাবলগীয়া 8খনকৈ ৰে'ল গুৱাহাটীতে ৰখাই থোৱা হৈছে ৷ তথ্য অনুসৰি কেইবাটাও ষ্টেচন ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে ৷ অৱশ্যে শুকুৰবাৰে পৰিস্থিতি কিছু সুস্থিৰ হোৱাৰ বাবে শিলচৰ আৰু আগৰতলাত ৰে'ল চলাচল আৰম্ভ হোৱা বুলিও জানিব পৰা গৈছে ৷
লগতে পঢ়ক: ৰাজধানী দিল্লীত অসমীয়াৰ কেব বিৰোধী উত্তাল প্ৰতিবাদ