গুৱাহাটী , ১৭ জুলাই: বুধবাৰে নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছ, অসমৰ উদ্যোগত গুৱাহাটী ক্লাৱৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ এখন প্ৰতিবাদী সমদল উলিওৱা কৰা হয় । প্ৰতিবাদী সকলৰ অভিযোগ অনুসৰি কেন্দ্ৰীয় চৰকাৰে যিখন বাজেট দাখিল কৰিলে সেই বাজেট খন জন বিৰোধী আৰু শ্ৰমিক বিৰোধী ।
বাজেটত 44 খন শ্ৰম আইন 4 খন কোডত ৰূপান্তৰিত কৰি চৰকাৰে শ্ৰমিকৰ অধিকাৰ নোহোৱা কৰিব খুজিছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে । সেয়ে তেওঁলোকে গুৱাহাটী ক্লাৱৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈকে এখন প্ৰতিবাদী সমদল উলিয়াই উপায়ুক্তক তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।