গুৱাহাটী, 20 জুলাই: সাধাৰণ লোকৰ মূৰত পুনৰ ৰামটাঙোন কেন্দ্ৰীয় চৰকাৰৰ ৷ ১৮ জুলাইৰ পৰা বৃদ্ধি পাইছে ২১বিধ খাদ্য সামগ্ৰীকে ধৰি আন বহুতো সামগ্ৰীৰ দাম (GST imposed on twenty one food items) ৷ নিত্য-ব্যৱহাৰ্য সামগ্ৰী যেনে দৈ, মৌ, মাখন, লাচ্চি, ৱাটাৰ মিল্ক, পিঠাগুৰি, কর্নফ্লেক্স, চয়াবিন, মটৰ আদিৰ পৰা আৰম্ভ কৰি মাছ, মাংস, পনীৰলৈকে সকলোতে ৫ শতাংশ জি এছ টি ভৰিব লাগিব জনতাই ৷ মূল্যবৃদ্ধিক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে ৷
শেহতীয়াকৈ, ট্ৰেড ইউনিয়নৰ নেতা গৰ্গ তালুকদাৰ আৰু ভবেন্দ্ৰ কুমাৰ কলিতাই মূল্যবৃদ্ধি সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ট্ৰেড ইউনিয়নৰ নেতা দুগৰাকীয়ে ৷ বিজেপি চৰকাৰ শাসনলৈ অহাৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল যে সামগ্ৰীৰ মূল্য হ্ৰাস হব, ২ কোটি নিবনুৱাই চাকৰি পাব । কিন্তু তাৰ বিপৰীত কাৰ্য কৰি আছে, কিয়নো অত্যাৱশ্যকীয় সামগ্ৰীত ৫ শতাংশ জি এচ টি আৰোপ কৰিছে । ৰাইজৰ উপাৰ্জনৰ পৰা পকেট কাটি নিয়াৰ ব্যৱস্থা কৰিছে । এয়া ৰাইজৰ বাবে অত্যন্ত ক্ষতিকাৰক বুলি মন্তব্য ট্ৰেড ইউনিয়ন নেতা দুগৰাকীৰ ৷
আনহাতে হাস্পতালৰ বিচনা আৰু শিশুৰ কলম-পেন্সিললৈ অতি জৰুৰী সামগ্ৰীসমূহৰ ওপৰতো জি এছ টি আৰোপ কৰা কাৰ্যক শোষণৰ কদৰ্য নিদৰ্শন আখ্যা দিছে অসম জাতীয় পৰিষদ দলে ।