পুৱা 9 বজাৰ মুখ্য দহটা বাতৰি-
1.তিৱা স্বায়ত্ব শাসন পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ প্ৰতিক্ৰিয়া
নিৰ্বাচন আয়োগৰ সিদ্ধান্ত মৰ্মে আমি এতিয়া নিৰ্বাচন খেলিবলৈ বাধ্য বুলি উল্লেখ কৰে অসম চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে ৷ নিৰ্বাচন আয়োগে আমাৰ আহ্বান নামানিলে বুলি ক’লে বিধায়ক গৰাকীয়ে ৷
2. তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰিব আপে
বিধান সভা নিৰ্বাচনৰ আগে আগে হ'বলগীয়া অসমৰ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত পুন প্ৰথমবাৰৰ বাবে প্ৰাৰ্থী অৱৰ্তীণ কৰাব আম আদমী প্ৰাৰ্থীয়ে ৷ পৰিষদৰ নিৰ্বাচনৰ দহখন আসনৰ বাবে ইতিমধ্যে প্ৰাৰ্থী নিৰ্বাচিত কৰিলে আপে ৷
3. প্ৰাক্তন আৰক্ষী অধীক্ষকৰ পুত্ৰৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত নামচাই
অৰুনাচল প্ৰদেশৰ নামচাইত অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকৰ পুত্ৰৰ ৰহস্যজনক মৃত্যুক লৈ সহস্ৰাধিকৰ প্ৰতিবাদী সমদল ৷
4. মৰিগাঁৱত তিৱা যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন
বুধবাৰে মৰিগাঁৱৰ ভূৰবন্ধাত তিৱা যুৱ ছাত্ৰ পৰিষদৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস উদযাপন ৷ গীত, নৃত্যৰ আৰু গাম্ভীৰ্যপূৰ্ণ আলোচনা চক্ৰৰে সম্পন্ন হয় এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৷
5. কাছাৰ জিলাৰ উপায়ুক্তৰ মিজো আগ্ৰাসন অঞ্চল পৰিদৰ্শন
ভাইৰেঙটি সংলগ্ন পাহাৰত মিজোৰামে আগ্ৰাসন কৰাৰ ফলত এতিয়া অসমৰ লোকে সেই স্থানলৈ প্ৰৱেশ কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ নিজ ঘৰবাৰী এৰি নিৰাপত্তা বিছাৰি অন্য স্থানলৈ ঢাপলি মেলিছে ৷ উক্ত অঞ্চলটোত থকা জনসাধাৰণে সম্প্ৰতি উজাগৰে থাকিব লগীয়া হৈছে মিজো দুৰ্বৃত্তৰ উপদ্ৰবৰ ফলত ৷ উপায়ন্তৰ হৈ স্থানীয় ৰাইজে ঘৰবাৰী ৰক্ষা কৰিবলৈ নিশা হ’লে পহৰা দিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
6. বন বিভাগৰ পৃষ্ঠপোষকতাত ধুবুৰীত বন ধ্বংস অব্যাহত !
বনজ সম্পদ ৰক্ষাৰ নামত ধুবুৰীত বন বিভাগৰ একাংশ বিষয়াই নিৰ্বিঘ্নে চলাই গৈছে বন ধ্বংসৰ অভিযান ৷ চৰকাৰে হেৰুৱাইছে বছৰি কোটি কোটি টকাৰ ৰাজহ ৷ এই ক্ষেত্ৰত ইন্ধন যোগাইছে ধুবুৰীৰ একাংশ বিষয়াই। কিন্তু কেনেকৈ ?
7. আছুৱে সদায় বলিষ্ঠভাৱে অসমৰ জাতীয় সত্বাক নেতৃত্ব দি যাব : দীপাংক নাথ
দুলীয়াজানৰ চলাকটকী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশনৰ আজি দ্বিতীয়টো দিন ৷ অধিৱেশনৰ বাকৰিত উপস্থিত হৈ আছুৱে সদায় অৰাজনৈতিক ছাত্ৰ সংগঠন হিচাপে থাকি জাতিটোৰ বাবে কাম কৰি যাব বুলি মন্তব্য কৰে আছুৰ সভাপতি দীপাংক নাথে ৷
8. টংলাত ইউপিপিএলৰ বিশাল সভাত উপস্থিত হাজাৰোধিক লোক
টংলাত UPPL দলৰ বিশাল সভা ৷ উপস্থিত হাজাৰ হাজাৰ লোক । সভাত উপস্থিত UPPL ৰ সভাপতি প্ৰমোদ বড়ো, উপদেষ্টা ইউ জি ব্ৰহ্ম, গোবিন্দ বসুমতাৰী আৰু কেন্দ্ৰীয় নেতৃবৃন্দ ।
9. নাগালেণ্ডক কাৰ্বি আংলঙৰ এক ইঞ্চি মাটিও এৰি দিয়া নহ’বঃ তুলিৰাম ৰংহাঙ
এতিয়াৰে পৰা কার্বি আংলং স্বায়ত্বশাসিত পৰিষদে পােনপটীয়াকৈ কেন্দ্রীয় পুঁজিৰ ধন লাভ কৰিবলৈ সক্ষম হ’ব । পূর্বে ৰাজ্য চৰকাৰৰ জৰিয়তে কেন্দ্রীয় পুঁজিৰ ধন পৰিষদলৈ আহিবলগীয়া হােৱাৰ ফলত উক্ত ধন আহি পােৱাত যথেষ্ট পলম হৈছিল । এনে অসুবিধাৰ বাবেই বিগত বর্ষৰ কেন্দ্রীয় পুঁজিৰ ধন পৰিষদে আজি পর্যন্ত লাভ কৰিবলৈ সক্ষম নহ’ল বুলি কলে মুখ্য কার্যবাহী সদস্য গৰাকীয়ে ।
10. দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা যুৱকৰ গৃহত মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী সোণোৱালে প্ৰয়াত দেৱজ্যোতি গগৈৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ বাসগৃহতে তিনিওজন যুৱকৰ পৰিয়ালক সাক্ষাৎ কৰে ৷