ETV Bharat / state

বিয়লি 3 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Mar 10, 2021, 3:00 PM IST

বিয়লি 3 বজাৰ দহটা শীৰ্ষ সংবাদ

top10 news
দহটা মুখ্য সংবাদ

1. পাখি কটা গ’ল বহুবল্কী বিধায়ক শিলাদিত্য দেৱৰ

হোজাই বিধানসভা সমষ্টিৰ পৰা বিজেপিয়ে শিলাদিত্য দেৱৰ পৰিৱৰ্তে প্ৰাৰ্থীত্ব প্ৰদান কৰিলে ৰামকৃষ্ণ ঘোষক ৷ বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই আজি দিল্লীত ঘোষণা কৰে তিনিজনীয়া এখন প্ৰাৰ্থী তালিকা ।

2. অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হ'ম: ৰমাকান্ত দেউৰী

ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈছে সকলো ৰাজনৈতিক দল আৰু ৰাজনৈতিক নেতা ৷ বুধবাৰে প্ৰায় ৪০ হাজাৰ সমৰ্থকক লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷

3. উজনিত কংগ্ৰেছৰ কোনো প্ৰভাৱ নাই: মন্ত্ৰী পীয়ুষ হাজৰিকা

বুধবাৰে বঢ়মপুৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ ৷ মনোনয়ন দাখিলৰ সময়ত জিতু গোস্বামীক সংগ দিয়ে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অতি ঘনিষ্ঠ অগপ নেতা নিৰঞ্জন বৰাই ৷

4. বহু বিজেপি কৰ্মীয়ে নিৰ্বাচনত চিপৰাং মাৰিব: মোহিনী মোহন লিগিৰা

ৰাইজৰ দলৰ মৰাণ সমষ্টিৰ প্ৰাৰ্থী মোহিনী মোহন লিগিৰাই সাংবাদিকৰ আগত কয়, বহু বিজেপি কৰ্মীয়ে নিৰ্বাচনত চিপৰাং মাৰিব ৷ ইতিমধ্যে প্ৰাৰ্থীজনৰ সৈতে বহু বিজেপি কৰ্মীয়ে যোগাযোগ কৰিছে ৷ গতিকে নিৰ্বাচনত সকলো ধৰণৰ সহায় আৰু সহযোগিতাৰো ইংগিত পাইছে প্ৰাৰ্থী গৰাকীয়ে ৷

5. ধুবুৰীত উদ্ধাৰ বৃহৎ পৰিমাণৰ অবৈধ ড্ৰাগছ

বুধবাৰে ধুবুৰীত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ অবৈধ ড্ৰাগছ । ধুবুৰী পাব্লিক বাছ আস্থানত উদ্ধাৰ হোৱা অবৈধ ড্ৰাগছখিনি জব্দ কৰে আৰক্ষীয়ে ।ধুবুৰী আৰক্ষীয়ে কাৰ্টুন সমূহ নিজৰ জিম্মাত নি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷

6. ডিব্ৰুগড়ত মনোনয়ন দাখিলৰ পৰা বঞ্চিত হ'ল দুজনকৈ প্ৰাৰ্থী

ডিব্ৰুগড় সমষ্টিৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিবলৈ আহি বঞ্চিত হ'ল অজিত বৰা আৰু আয়ুব খান নামৰ দুজন প্ৰাৰ্থী । তিনি বজাৰ দুই মিনিট পলমকৈ উপস্থিত হোৱাৰ বাবে উপায়ুক্তৰ কাৰ্যালয়ৰ ভিতৰত প্ৰবেশ কৰিব নোৱাৰিলে প্ৰাৰ্থী দুগৰাকীয়ে ৷

7. টিংখাঙত সৃষ্টিমূলক নৃত্যৰ ১০ দিনীয়া কৰ্মশালা

টিংখাঙৰ ৰাজগড়ত সৃষ্টিমূলক নৃত্যৰ ১০ দিনীয়া কৰ্মশালাৰ আয়োজন । মণিকাঞ্চন সংগীত বিদ্যালয় আৰু পাঞ্চজন‍্য সংস্থাৰ সহযোগত অনুষ্ঠিত কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে নৃত্য শিল্পী পাহাৰী কন্যাই । কৰ্মশালাৰ অন্তিম দিনটোত বিশেষ অতিথি প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব খ‍্যাতনামা কৰিঅ'গ্ৰাফাৰ উদয় শংকৰ ।

8. নিৰ্বাচনৰ পূৰ্বে যোৰহাটত জব্দ লক্ষাধিক টকা

নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ মাজতে যোৰহাটৰ মালৌ আলিত বৃহৎ ৰাশিৰ নগদ ধন জব্দ ৷ আৰক্ষী আৰু চি আৰ পি এফ ফ্লায়িংস্কোৱাড 4ৰ যৌথ অভিযানত জব্দ কৰে ধনখিনি ৷ অৰূপ বৰুৱা নামৰ এজন লোকে AS-03-H-0169নম্বৰৰ এখন wagonr বাহনেৰে ধনখিনি লৈ গৈ থকা অৱস্থাত জব্দ কৰে ধনখিনি ৷

9. বৰপেটাত ব্ৰাউন ছুগাৰসহ ড্ৰাগছ ব্যৱসায়ী আটক

বৰপেটা আৰক্ষীৰ জালত অবৈধ ড্ৰাগছ ব্যৱসায়ী । ধৃত ব্যৱসায়ীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে ১২.৫০ গ্ৰাম ব্ৰাউন ছুগাৰ । জব্দ কৃত ব্ৰাউন ছুগাৰখিনিৰ আনুমানিক মূল্য ডেৰ লক্ষাধিক টকা ।

10. বিজেপি প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব বৃন্দাবন গোস্বামী

তেজপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত মঙলবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম দিনা মনোনয়ন দাখিল কৰিলে শোণিতপুৰ জিলাৰ বহুকেইগৰাকী ৰথী-মহাৰথীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.