ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ 10 বাতৰি - top 10 news assam

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি

TOP10 @ 9 AM
পুৱা 9 বজাৰ শীৰ্ষ বাতৰি
author img

By

Published : Jul 12, 2020, 9:26 AM IST

জিএমচিএইছত ভৰ্তি কৃষক নেতা অখিল গগৈক

শনিবাৰে নিশাই জিএমচিএইছত ভৰ্তি কৰা হয় কৃষক নেতা অখিল গগৈক ৷ উল্লেখ্য যে, কাৰাগাৰৰ ভিতৰতেই কোভিড 19 পজিটিভ বুলি ধৰা পৰিছিল কৃষক নেতাগৰাকী ৷ শনিবাৰে নিশা 108 এম্বুলঞ্চেৰে জিএমচিএইছলৈ অনা হয় অখিল গগৈক ৷

জোনাইত বানাক্ৰান্তলৈ সাহাৰ্য হেমন্ত দেউৰীৰ

জোনাইত বানাক্ৰান্ত অঞ্চলৰ ৩৪০ টা শিবিৰত সাহাৰ্য বিতৰণ কৰে ১০ নং জোনাই দেউৰী পৰিষদীয় সমষ্টিৰ সদস্য হেমন্ত দেউৰীয়ে ৷ ইয়াৰ পূৰ্বেও 340 টা পৰিয়ালক বান সাহাৰ্য প্ৰদান কৰিছিল হেমন্ত দেউৰীয়ে ৷

লক ডাউনত চৰকাৰে খাদ্য যোগান ধৰিব গুৱাহাটী মহানগৰীৰ গৃহহীন লোকক

লক ডাউনৰ সময়চোৱাত মহানগৰীৰ গৃহহীন লোকসকলক চৰকাৰে খাদ্যৰ যোগান ধৰিব । শনিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এই কথা সদৰী কৰাৰ লগতে এই বুলিও জনোৱা হয় যে কামৰূপ মহানগৰ জিলাত লক ডাউনৰ সময়চোৱাত শাক-পাচলিৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম চোৱাচিতাৰ বাবে এখন ক'ৰ কমিটিও চৰকাৰে গঠন কৰা হ'ব ।

নতুন মোৰ লৈছে নয়নতৰা বৰুৱা হত্যাকাণ্ডই

ওদালগুৰি জিলাৰ কলাইগাঁৱৰ নয়নতৰা চহৰীয়া বৰুৱাৰ হত্যাকাণ্ডৰ নতুন মোৰ ৷ ৰহস্যজনকভাৱে আৰক্ষীয়ে আটক কৰিলে স্বামী উপেন্দ্ৰ বৰুৱা,জ্যেষ্ঠ পুত্ৰ হীৰকজ্যোতি বৰুৱা আৰু তেওঁলোকৰ ঘৰত কাম কৰা মহিলাগৰাকীক।

দেওবাৰে হ'ব মধ্যপ্ৰদেশ মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ

বিগত 2 জুলাইত মধ্যপ্ৰদেশ মন্ত্ৰীসভাৰ 28গৰাকীকৈ মন্ত্ৰীয়ে শপতগ্ৰহণ কৰিছিল ৷ শপতগ্ৰহণ কৰা মন্ত্ৰীসকলৰ অধিকাংশই জ্যোতিৰাদিত্য সিন্ধিয়াৰ গোটৰ আছিল আৰু শপতগ্ৰহণৰ 9 দিনৰ অন্তত দেওবাৰে নিজৰ নিজৰ দপ্তৰ লাভ কৰিব এইসকল মন্ত্ৰীয়ে ৷

বিগ বি অমিতাভ বচ্চন আৰু পুত্ৰ অভিষেক বচ্চন কোভিড-19ত আক্ৰান্ত

কোভিড-19 ত আক্ৰান্ত বলিউডৰ মেগাষ্টাৰ অমিতাভ বচ্চন আৰু তেওঁৰ পুত্ৰ তথা অভিনেতা অভিষেক বচ্চন ৷ স্বাৱ পৰীক্ষাৰ পাচতেই দুয়োৰে দেহত ধৰা পৰে কোভিড-19ৰ অৱস্থিতি ৷

ঐশ্বৰ্য, আৰাধ্যা আৰু জয়া বচ্চন কৰ'ণা নিগেটিভ

মেগাষ্টাৰ অমিতাভ বচ্চন আৰু তেওঁৰ পুত্ৰ অভিষেক বচ্চনৰ শৰীৰত শনিবাৰে ধৰা পৰিল কৰ'ণাৰ অৱস্থিতি ৷ পুত্ৰ অভিষেক বচ্চনৰো কৰ'ণা পজিটিভ পোৱাৰ পিছত দেওবাৰে ফলাফল আহিল পত্নী জয়া বচ্চন,বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনী আৰাধ্যা বচ্চনৰ ৷ তিনিওগৰাকীৰে ফলাফল নিগেটিভ অহাত কিছু সকাহ অনুভৱ কৰিছে অনুৰাগীয়ে ৷

ইছলাম বিস্তাৰবাদী নীতিৰ ভয়াৱহ পৰিনাম, মছজিদলৈ ৰূপান্তৰ আগিয়া ছোফিয়া সংগ্ৰহালয়

1934 চনত তুৰ্কীৰ কেবিনেটে বিশ্বখ্যাত আগিয়া ছোফিয়াক এক সংগ্ৰহালয়ৰ মৰ্যদা প্ৰদান কৰিছিল ৷ বহু ইতিহাস, বহু সাম্ৰাজ্যৰ উত্থান-পতনৰ সাক্ষী এই বিখ্যাত আগিয়া ছোফিয়াক শেহতীয়াকৈ সংগ্ৰহালয়ৰ পৰা মছজিদলৈ ৰূপান্তৰ কৰি ইয়াক অনুমতি প্ৰদান কৰে তুৰ্কীৰ শীৰ্ষ আদালতে ৷ যাক লৈ এতিয়া সমগ্ৰ বিশ্বতে মুছলিম বনাম খ্ৰীষ্টান, এক শীতল যুদ্ধ আৰম্ভ হৈছে ৷

ক'ৰণাৰ শেহতীয়া স্থিতিক লৈ নতুন দিল্লীত নৰেন্দ্ৰ মোদীৰ পৰ্যালোচনা বৈঠক

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহামাৰী ক'ৰণা ভাইৰাছক লৈ দেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰে । নতুন দিল্লীত মহামাৰী ক'ৰণা ভাইৰাছৰ লগত হোৱা যুঁজখনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে স্থানীয় বিষয়া বৰ্গৰ সহযোগীতাকো কৰিলে উচ্চ প্ৰশংসা ।

ভাৰত-চীন সীমান্তৰ উত্তেজনাৰ পূৰ্বেই ভাৰতত আৰম্ভ হৈছিল চাইবাৰ আক্ৰমণ

চাইবাৰ বিশেষজ্ঞ ডাঃ গুলচন ৰায়ৰ মতে, ভাৰত আৰু চীনৰ সামৰিক বাহিনীৰ সাম্প্ৰতিক স্থগিতাদেশৰ পূৰ্বেই ভাৰতত চাইবাৰ আক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছিল । এই সম্পৰ্কত ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক কৃষ্ণানন্দ ত্ৰিপাঠীৰে হৈছিল বিশেষজ্ঞ গৰাকীৰ এক বিতং আলোচনা ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.