ETV Bharat / state

এক বজাৰ শীৰ্ষ দহ বাতৰি - Assam news latest

এক বজাৰ শীৰ্ষ দহ বাতৰি

top10 @ 1pm
এক বজাৰ শীৰ্ষ দহ বাতৰি
author img

By

Published : Jul 11, 2020, 1:30 PM IST

ৰাজ্যত ২৪ ঘণ্টাত COVID-19 ত আক্ৰান্ত ৯৩৬ গৰাকী

বিগত ২৪ ঘণ্টাত অসমত মহামাৰী COVID-19 ত আক্ৰান্ত হৈছে ৯৩৬ গৰাকী ব্যক্তি । তাৰ ভিতৰত ৫২১ গৰাকী ব্যক্তিয়ে গুৱাহাটী মহানগৰীৰ বুলি সদৰি কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

অৰুণাচলত সংঘৰ্ষত লিপ্ত আছাম ৰাইফলছ আৰু এনএছচিএন (আইএম)

অৰুণাচল প্ৰদেশত আজি ৰাতিপুৱাৰ ভাগত ভয়াৱহ সংঘৰ্ষত লিপ্ত হয় আছাম ৰাইফলছ আৰু এনএছচিএন ৷ এনএছচিএনৰ ইছাক মুইভা গোটৰ এটা বিদ্ৰোহীৰ দলৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ষষ্ঠ আছাম ৰাইফলছৰ এটা তহলদাৰী দল ৷ ৰাজ্যখনৰ টিৰাপ জিলাৰ খোনচাত সংঘটিত হয় এই সংঘৰ্ষ ৷ আছাম ৰাইফলছৰ ষষ্ঠ বেটালিয়নৰ এটা তহলদাৰী দল আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ এক যুটীয়া দলৰ সৈতে হোৱা সংঘৰ্ষত বিদ্ৰোহী সংগঠনটোৰ 6 গৰাকী বিদ্ৰোহী নিহত হোৱাৰ খবৰ আহিছে ৷

মুম্বাইৰ বৰিভালীত ভয়ংকৰ অগ্নিকাণ্ড

মুম্বাইৰ বৰিভালীত শনিবাৰে পুৱা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ বৰিভালীৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত পুৱা 3 বজাত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ ঘটনাস্থলীত 8 খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আৰু 10 খন জম্বৌ বাহন উপস্থিত হৈ অব্যাহত ৰাখে জুই নিৰ্বাপনৰ চেষ্টা ৷

বিহাৰত বজ্ৰ পৰি মৃত্যু 9 জনৰ

বিহাৰত শুকুৰবাৰে বজ্ৰপাত পৰি 9 জনকৈ লোকৰ মৃত্যু হয় ৷ ৰাজ্যখনৰ এৰিয়া জিলাত 5 জন, পুৰ্ণিয়াত 2 জন, কিষাণগঞ্জ আৰু বাংকা জিলাত 1 জনকৈ লোকৰ বজ্ৰপাত পৰি মৃত্যু হয় ৷ লোককেইজনে পথাৰত কাম কৰি থকা সময়তে সংঘটিত হয় এই ঘটনা ৷ বজ্ৰপাত পৰি মৃত্যু হোৱা লোককেইজনৰ মাজত এগৰাকী 5 বছৰীয়া শিশুও আছে ৷

শদিয়াৰ বিধায়ক বলিন চেতিয়া "পজিটিভ"

ৰাজ্যত কৰ'ণাৰ চিকাৰ হ'ল তৃতীয়গৰাকী বিধায়ক । ইতিমধ্যে বিজেপিৰ দুই বিধায়ক কৃষ্ণেন্দু পাল আৰু নাৰায়ণ ডেকা কোভিড ১৯ ত আক্ৰান্ত হোৱাৰ পিছত এইবাৰ কোভিডে দংশন কৰিছে শদিয়া সমষ্টিৰ বিজেপি বিধায়ক বলিন চেতিয়াক । শণিবাৰে পুৱা বিধায়ক চেতিয়াই ই টিভি ভাৰতৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত নিজেই এই কথা সদৰি কৰিছে ।

মুম্বাইত ক'ভিড-19 যুদ্ধৰ প্ৰথম শাৰীৰ সৈনিক হিচাপে সন্মানিত এগৰাকী অসম কন্যা

ক'ভিড-১৯ ৰ বিৰুদ্ধে মুম্বাইত চলি থকা বিৰামহীন যুঁজখনত একনিষ্ঠ ভাবে নিজকে নিয়োজিত কৰিছে এগৰাকী অসম কন্যা চিকিৎসকে । তেওঁৰ নাম ডাঃ বৰ্ষা গদাপাণি পাঠক । ইতিমধ্যে মেধা আৰু পাৰদৰ্শিতাৰ বাবে তেওঁ দুটাকৈ সন্মানেৰে বিভূষিত হৈছে । গুৱাহাটীৰ জীয়ৰী ডাঃ বৰ্ষা ২০১২ চনত আততায়ীয়ে হত্যা ৰাজ্যৰ কৃষি বিভাগৰ এগৰাকী সুদক্ষ অভিযন্তা গদাপাণি পাঠকৰ কন্যা ৷

মালাবাৰ অনুশীলনত অষ্ট্ৰেলিয়াৰ অংশগ্ৰহণত সন্মতি ভাৰতীয় নৌ-সেনাৰ

ভাৰত-আমেৰিকা-জাপানৰ সংযুক্ত সাগৰীয় যুদ্ধ্যাভ্যাস অনুশীলন Ex Malabarত অষ্ট্ৰেলিয়াৰ অংশগ্ৰহণক সন্মতি প্ৰদান কৰিছে ভাৰতীয় নৌ-সেনাই ৷ আগন্তুক বৰ্ষত অনুষ্ঠিত হ'বলগীয়া পৰৱৰ্তী মালাবাৰ যুদ্ধ্যাভ্যাসত চাৰিওখনে দেশে অংশগ্ৰহণ কৰাটো একপ্ৰকাৰে স্পষ্ট হৈ পৰিছে আৰু ভাৰতে অনুমতি প্ৰদান কৰিলেই মালাবাৰ যুদ্ধ্যাভ্যাস "Quad" অনুশীলনত পৰিণত হ'ব ৷

অৱশেষত গোচৰ তৰিলে প্ৰীতি কংগনাই

ছ'চিয়েল মিডিয়াত সৰৱ হৈ পৰিছে বেগমজান ধাৰাবাহিকৰ বিতৰ্ক ৷ ইয়াৰ মাজতে একাংশই আক্ৰমণৰ লক্ষ্য কৰি লৈছে বেগমজানৰ অভিনেত্ৰী প্ৰীতি কংগনাক ৷ অশ্লীল তথা হত্যাৰ দৰে ভাবুকি প্ৰদান কৰা মন্তব্যৰ পৰিপেক্ষিতত শেহতীয়াকৈ দিছপুৰ আৰক্ষী থানাত গোচৰ তৰিছে অভিনেত্ৰীগৰাকীয়ে ৷

এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে 1,200 কৰ্মচাৰীৰ সেৱা

শেহতীয়া নিৰাশাজনক বিমান পৰিৱহন অৱস্থাৰ দোহাই দি ভাৰতৰ চৰকাৰী বিমান পৰিৱহনকাৰী সংস্থা এয়াৰ ইণ্ডিয়াই চাকৰিৰ পৰা অব্যাহতি দিয়ে প্ৰায় 1,200 কৰ্মচাৰীক ৷ প্ৰশিক্ষাৰ্থী কেবিন ক্ৰিউ আৰু কেবিন ক্ৰিউৰ লগতে 190 গৰাকী প্ৰশিক্ষাৰ্থী বৈমানিক এইদৰে বিমান পৰিৱহন নীতিৰ দোহাই দি চাকৰিৰ পৰা অব্যাহতি দিয়ে দেশৰ চৰকাৰী বিমান পৰিৱহন সংস্থাটোৱে ৷

পুত্ৰক বচাবলৈ গৈ মৃত্যু পিতৃৰ

চৰাইদেউ জিলাত পুত্ৰৰ জীৱন ৰক্ষা কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱতি লয় এগৰাকী পিতৃয়ে । বিদ্যুৎস্পৃষ্ট পুত্ৰক ৰক্ষা কৰিবলৈ চেষ্টা কৰোতে ঘটনাস্থলীত নিহত হয় ঝন্টু মাল নামৰ লোকজন ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.