অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ৰোগীৰ দেহত ক'ভিড-19
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন দুজন ৰোগীৰ দেহত ধৰা পৰিছে COVID-19 ৷ মেডিচিন বিভাগৰ 4 নং ব্লকত চিকিৎসাধীন হৈ থকা ৰোগী দুজনৰ দেহত ক'ভিড-19 ধৰা পৰাৰ পাচতেই চিকিৎসালয় খনত লাগিছে হুৱাদুৱা ৷
ডিগবৈত IED উদ্ধাৰ
ৰাজ্যজুৰি কৰ'ণা আতংকৰ মাজতে ডিগবৈত IED উদ্ধাৰ ৷ ডিগবৈৰ বগাপানী ৰামনগৰৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পৰা উদ্ধাৰ কৰা হয় IED টো । গোপন সূত্ৰৰ পম খেতি সেনাই উদ্ধাৰ কৰে IED টো ৷
ৰাজ্যত COVID-19 ত আক্ৰান্তৰ সংখ্যা 1561লৈ বৃদ্ধি
মঙলবাৰৰ দিনটোত ৰাজ্যত 48 গৰাকী লোক নতুনকৈ আক্ৰান্ত হ'ল কোভিড-19 ত ৷ আক্ৰান্ত সকলৰ 13 গৰাকী বিশ্বানথৰ, 9 গৰাকী পশ্চিম কাৰ্বি আংলঙৰ, 7 গৰাকী কৰিমগঞ্জৰ, 4 গৰাকী হোজাইৰ আৰু এগৰাকী কাছাৰ জিলাৰ ৷
এবাৰ আৰোগ্য হোৱা যুৱক পুনৰ আক্ৰান্ত কৰ'ণাত
ধিঙৰ শালকাটিত হোম কোৱাৰেণ্টাইনত থকা যুৱকৰ দেহত ধৰা পৰিল কভিড ১৯ পজিটিভ ৷ ঘটনাক কেন্দ্ৰ কৰি আতংকিত গাঁওবাসী ৷
ভুৱা আশ্বাসত পৰিণত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আশ্বাসৰ পিছতো ডিব্ৰুগড়ৰ লেজাইবাসীয়ে লাভ কৰা নাই কোনো চৰকাৰী সাহায্য ৷ ধুমুহাত ক্ষতিগ্ৰস্ত অঞ্চলবাসীৰ প্ৰতি প্ৰতাৰণাৰ অভিযোগ উত্থাপন ৰাইজৰ ৷ খবৰ ল'বলৈ জন প্ৰতিনিধিৰ নাই আহৰি ৷
বহিঃৰাজ্যৰ পৰা অহা যুৱক-যুৱতীৰ বাবে 'সুদক্ষ' আঁচনি মুকলি !
বহিঃৰাজ্যৰ পৰা অহা যুৱক যুৱতীৰ সুবিধাৰ্থে অসম চৰকাৰৰ বিশেষ পদক্ষেপ। 'সুদক্ষ' নামৰ আঁচনিখনৰ জৰিয়তে আত্মসংস্থাপনৰ বাট মোকলাই দিয়া হ'ব যুৱক-যুৱতীসকলক ৷
মুকলি আকাশৰ তললৈ আহিল বিধায়ক আমিনুল ইছলাম
গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিছত মুকলি হ'ল আমিনুল ইছলাম । গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মঙলবাৰে সন্ধিয়া মুকলি হয় বিধায়কগৰাকী ।
মহানগৰীৰ 19খন ভূমিস্খলন সম্ভাৱনাপূৰ্ণ পাহাৰক লৈ প্ৰশাসনৰ প্ৰস্তুতি
মহানগৰীত থকা ১৯ খন পাহাৰত কেইবা লাখ লোকে বসবাস কৰি আছে আৰু এই পাহাৰীয়া অঞ্চল সমূহৰ ৩৬৬ খন ঠাই ভূমিস্খলনৰ সম্ভাৱনা পূৰ্ণ অঞ্চল হিচাপে চিনাক্ত কাৰণ কৰা হৈছে । এই অঞ্চলসমূহত ভূমিস্খলন ৰোধ কৰাৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু জিলা প্ৰশাসনে হাতত লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ ব্যৱস্থা ।
স্খলিত মানৱতা আৰু এজনী গৰ্ভাৱতী হাতীৰ অপমৃত্যু !
ক্ৰমাৎ নিৰ্দয় হৈ পৰিছে মানৱ সমাজ ৷ ভিন্ন সময়ত মানুহে বধিৰ জীৱক নৃশংসভাৱে হত্যা কৰা বা অত্যাচাৰ চলোৱাৰ ঘটনা আমি পাই আহিছোঁ ৷ কেৰালাত সংঘটিত হৈছে তেনে এক ঘটনা ৷ মানুহে আগবঢ়োৱা বিস্ফোৰক যুক্ত ফল খায় মৃত্যুক আঁকোৱালি ল'লে এজনী গাভিনী হাতীয়ে ৷
দেৱাশীষ গগৈ হত্যাকাণ্ডঃ প্ৰায়াত ডা৹ দেবেন দত্তৰ পত্নীৰ প্ৰতিক্ৰিয়া
কৰ্মৰত অৱস্থাতে এগৰাকী ৰোগীৰ মৃত্যুৰ বাবে দোষাৰোপ কৰি একাংশ লোকে উপৰ্জুপৰি প্ৰহাৰ কৰাত মৃ্ত্যু হৈছিল চিকিৎসক দেবেন দত্তৰ ৷ বিগত 9 মাহে ন্যায়ৰ বাবে যুঁজি থকা চিকিৎসক গৰাকীৰ পত্নীয়ে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিয়নীৰ দেৱাশীষ গগৈ হত্য়াকাণ্ড সন্দৰ্ভত ৷