ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি....

author img

By

Published : Jun 11, 2020, 7:13 PM IST

সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি....

TOP TEN NEWS OF 7 PM
সন্ধিয়া সাত বজাৰ শীৰ্ষ দহটা বাতৰি....

তেজপুৰত তিনি ব্যক্তিৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি

শোণিতপুৰ জিলাৰ তেজপুৰত তিনিজন ব্যক্তি আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত ৷ আক্ৰান্ত তিনিজনৰ ভিতৰৰ দুজন ব্যক্তি জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী হোৱাৰ বিপৰীতে এগৰাকী ব্যক্তি চহৰখনৰ ব্যৱসায়ী বুলি জানিব পৰা গৈছে ৷

ডকমকাত আটক দুৰ্ধৰ্ষ উগ্ৰপন্থী কেডাৰ

ডকমকাত সেনা-আৰক্ষীয়ে যৌথ অভিযানত চলাই আটক কৰিবলৈ সক্ষম হৈছে অস্ত্ৰসহ এজন পিডিচিকে কেডাৰ ৷ অভিযানকাৰী দলটোৱে কেডাৰজনৰ পৰা পিষ্টলৰ লগতে ১০ জাঁই সজীৱ গুলী আৰু দুটাকৈ ৰেডিঅ’ ছেট উদ্ধাৰ কৰে ৷

মুখ্যমন্ত্ৰী সোণোৱালে প্ৰশংসাৰে উপচালে অভিনেতা চনু চুডক

মুম্বাইত থকা অসমৰ 180 গৰাকী প্ৰৱাসী শ্ৰমিকক ৰাজ্যলৈ বিমানযোগে উভতাই পঠালে অভিনেতা চনু চুডে ৷ অভিনেতাগৰাকীৰ এনে মহান কামৰ বাবে ছ'চিয়েল মিডিয়া যোগে কৃতজ্ঞতা জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

অইল ইণ্ডিয়াৰ হেমাহিৰ বাবেই সংঘটিত হ'ল বাঘজান কাণ্ড : অসম নাগৰিক সমাজ

এক সংবাদ মেল আয়োজন কৰি অসম নাগৰিক সমাজৰ বিস্ফোৰক অভিযোগ । অইল ইণ্ডিয়াৰ চূড়ান্ত হেমাহি আৰু চৰকাৰৰ অদূৰদৰ্শিতাৰ বাবেই বাঘজান কাণ্ড সংঘটিত হ'ব পালে বুলি অভিযোগ উত্থাপন কৰিছে অসম নাগৰিক সমাজে ।

বিপিএফত যোগদান বাক্সা জিলা কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক হিতেশ্বৰ ৰাভাৰ

বিটিআৰ নিৰ্বাচনৰ পূৰ্বেই ক্ৰমান্বয়ে বৃদ্ধি পাইছে দল ত্য়াগ, যোগদানৰ ঘটনা । বৃহস্পতিবাৰে বিপিএফ দলত 50 গৰাকী সমৰ্থক সহ যোগদান কৰে বাক্সা জিলা কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক হিতেশ্বৰ ৰাভাই ।

অসমৰ ৫০ লাখ পৰিয়ালৰ ঘৰে ঘৰে গৈ বিজেপিয়ে দিব চৰকাৰৰ কামৰ খতিয়ান

হেঙেৰাবাৰী ৰাজ্যিক কাৰ্যালয়ত মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি আৰু অসম চৰকাৰৰ চাৰি বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আগন্তুক দলীয় কাৰ্যসূচী সন্দৰ্ভত সংবাদমেল সন্মোধন কৰে বিজেপিৰ ৰাজ‍্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই আৰু ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়ে। সংবাদমেলৰ জৰিয়তে,তেওঁলোকে জনাই যে,অসমৰ ৫০ লাখ পৰিয়ালৰ ঘৰে ঘৰে গৈ বিজেপিৰ কাৰ্যকৰ্তাই চৰকাৰৰ কামৰ খতিয়ান দিব ৷

বৰঝাৰ বিমানবন্দৰ পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ

ৰাজ্যত কৰ'ণা আক্ৰান্তৰ সংখ্যাই ইতিমধ্যে অতিক্ৰম কৰিছে 3 সহস্ৰাধিকলৈ ৷ যোৱা 25 মে'ৰ পৰা ঘৰুৱা বিমান সেৱা মুকলি কৰি দিয়াৰ পিচৰে পৰাই দৈনিক হাজাৰ হাজাৰ যাত্ৰীৰ আগমন ঘটিছে অসমলৈ ৷ বৃহস্পতিবাৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ পৰিদৰ্শন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

ডিফুত কোভিড-১৯ৰ পৰীক্ষাগাৰ মুকলি

বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ডিফু চিকিৎসালয় মহাবিদ্যালয়ত কোভিড -১৯ৰ পৰীক্ষাগাৰ মুকলি কৰে ৷ পৰীক্ষাগাৰটো মুকলি কৰি কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

অৰুণাচলীৰ বিৰুদ্ধে চিলাপথাৰত চালক সন্থাৰ প্ৰতিবাদ

কৰ'ণা ভাইৰাছৰ নামত অৰুণাচলত ট্ৰাক চালকৰ ওপৰত অত্যাচাৰ । অৰুণাচলী প্ৰশাসনে যেতিয়া লৈ ট্ৰাক চালক সকলক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি নিদিয়ে তেতিয়া লৈ প্ৰতিবাদ অনিৰ্দিষ্ট সময়লৈ চলি থাকিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীয়ে ।

ক্ষতিপূৰণৰ ব্যৱস্থা বাঘজানৰ ভুক্তভোগীলৈ:সৰ্বানন্দ সোণোৱাল

বাঘজানৰ অগ্নিকাণ্ডই ভাবুকি কঢ়িয়াই আনিছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ ৷ চতিয়াত এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাঘজানৰ অগ্নিকাণ্ডৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.