ETV Bharat / state

সন্ধিয়া সাত বজাৰ শীৰ্ষ বাতৰিসমূহ......

author img

By

Published : Jun 9, 2020, 7:12 PM IST

সন্ধিয়া সাত বজাৰ শীৰ্ষ বাতৰিসমূহ......

TOP TEN NEWS OF 7 PM
সন্ধিয়া সাত বজাৰ শীৰ্ষ বাতৰিসমূহ......

বাঘজান বিস্ফোৰণ নিয়ন্ত্ৰণলৈ আনিবলৈ বায়ুসেনাৰ সহায় বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

বিগত 27 মে'ৰ পৰা নিৰ্গত হৈ থকা বাঘজান তৈলখাদ বিস্ফোৰণস্থলীত আজি জুয়ে আগুৰি ধৰে ৷ ইতিমধ্যে হৈ থকা গেছ নিৰ্গমণ ৰোধ কৰিবলৈ ছিংগাপুৰৰ পৰা বিশেষজ্ঞৰ দল পৰহিয়ে আহি বাঘজানত উপস্থিত হৈছিল যদিও গেছ নিৰ্গমণ ৰোধ কৰাত দলটো সম্পূৰ্ণৰূপে বিফল হৈছে ৷ ইতিমধ্যে ঘটনাক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ:প্ৰাণ পালে চিকিৎসালয়ে

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱত প্ৰাণ পাই উঠিল ভূত বাংলাত পৰিণত হোৱা ধুবুৰীৰ এখন আদৰ্শ চিকিৎসালয় ৷ দুবছৰ পূৰ্বে নিৰ্মাণকাৰ্য সম্পন্ন হোৱা আদৰ্শ চিকিৎসালয়খনত বাতৰি প্ৰকাশৰ পিছতে নিযুক্তি দিয়া হৈছে চিকিৎসক-নাৰ্চ আদিকে ধৰি বিভাগীয় কৰ্মচাৰীসকলক ।

ক্ৰমাৎ বৃদ্ধি পাইছে বাঘজান তৈলক্ষেত্ৰৰ জুই

নিৰ্বাপিত হোৱাৰ পৰিৱৰ্তে ক্ৰমাৎ বৃদ্ধি হৈছে বাঘজান তৈলক্ষেত্ৰত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পৰা প্ৰবাহিত জুই ৷ জুইৰ লেলিহান শিখাই অঞ্চলটো ছানি ধৰাৰ ফলত আতংকময় পৰিৱেশ সৃষ্টি হৈছে ৷ অগ্নিকাণ্ডটোত আহত হৈছে অ’এনজিচিত কৰ্মৰত দুগৰাকী কৰ্মচাৰী ৷

দৰং আৰক্ষীৰ গুলিত নিহত এজন ডকাইত

মঙলদৈৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শাকতোলাত আৰক্ষী আৰু ডকাইতৰ মাজত হোৱা গুলিয়াগুলিত নিহত হয় এটা ডকাইত ৷ পুৱতি নিশা সংঘটিত হোৱা গুলিয়াগুলিৰ ফলত নিহত হয় ডকাইতটো ৷

গোলাঘাটত নিশা ৰোগীৰ সৈতে অবাঞ্চিত ব্যৱহাৰ

গোলাঘাটত নিশা চিকিৎসালয়ৰ পৰা অব্যাহতি পোৱা ২ মহিলা সহ ১৬ জন ৰোগীক মাজনিশা বাছ আস্থানত নমাই আঁতৰি গ'ল ৰোগী কঢ়িয়াই অনা গাড়ী ।

নেটফ্লিক্সত মুক্তি লাভ কৰিব 'গুঞ্জন চাক্সেনাঃ দ্যা কাৰ্গিল গাৰ্ল '

গুঞ্জন চাক্সেনা প্ৰথমগৰাকী মহিলা পাইলট যিয়ে ১৯৯৯ চনত কাৰ্গিল যুদ্ধৰ সময়ত আহত হোৱা জোৱানসকলক উদ্ধাৰৰ বাবে কাম কৰিছিল। যুদ্ধৰ সময়ত সাহসিকতাৰে নিজৰ কাম কৰাৰ বাবে তেখেতক 'সূৰ্য্য বীৰ বঁটা'ৰে সন্মানিত কৰা হৈছিল ।

কৰ'ণাত আক্ৰান্ত টেলিভিছন তাৰকা মোহিনা কুমাৰী

টেলিভিছন তাৰকা মোহিনা কুমাৰী সিং বৰ্তমান কৰ'ণাত আক্ৰান্ত ৷ কেৱল অভিনেত্ৰীগৰাকীয়েই নহয় তেওঁৰ শাহু-শহুৰো আক্ৰান্ত হৈছে কৰ'ণাত ৷

লামডিঙত দুচকীয়া বাহনৰ শ্ব'ৰুমৰ স্বত্বাধিকাৰীৰ গ্ৰাহকক লুণ্ঠন

লামডিঙত দুচকীয়া বাহন TVSৰ Showroom ৰ এগৰাকী স্বত্বাধিকাৰীয়ে গ্ৰাহকৰ পৰা জালিয়াতিৰে চলাইছে লুণ্ঠন । হাই চিকিউৰিটি নম্বৰ প্লেটকে ধৰি বাহনৰ ফাইনেঞ্চৰ নামত গ্ৰাহকৰ পৰা অতিৰিক্ত ৮/১০ হাজাৰ টকাকৈ সংগ্ৰহৰ অভিযোগ ।

মথাউৰি নিৰ্মাণৰ বাবে ওলাই আহিল চাংচকী গাঁৱৰ শতাধিক লোক

চৰকাৰ তথা গড়কাপ্তানী বিভাগৰ সহায়ৰ আশা বাদ দি স্বয়ং হাতত কোৰ পাচি লৈ মথাউৰি নিৰ্মাণ কৰিবলৈ ওলাই আহিল চাংচকী গাঁৱৰ শতাধিক ৰাইজ ।

নগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত চোৰৰ প্ৰৱেশ

নগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত প্ৰৱেশ চোৰ । নগাঁৱত সঘনাই সংঘটিত চুৰি কাৰ্যক লৈ উদ্বিগ্ন জিলা ছাত্ৰ সন্থা । চোৰ নিয়ন্ত্ৰণত নগাঁও আৰক্ষী ব্যৰ্থ হোৱাৰ অভিযোগ ছাত্ৰ সন্থাৰ ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.