ETV Bharat / state

পুৱা 9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - TOP 10 @ 9 AM

পুৱা 9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

top ten news at 9 am
পুৱা 9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Feb 15, 2021, 9:00 AM IST

২৫ ফেব্ৰুৱাৰীত বটদ্ৰৱালৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

২৫ ফেব্ৰুৱাৰীত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ৷ শ্বাহে থান দৰ্শন কৰাৰ লগতে বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিক শুভাৰম্ভ কৰিব ৷

হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ নেতা নহয়:লুৰিণজ্যোতি গগৈ

সাৰদা, লুই বাৰ্জাৰ কেলেংকাৰী কৰি মন্ত্ৰী বিধায়ক হ'ব পাৰি । কিন্তু ৰাইজৰ নেতা হ'ব নোৱাৰি । ডিব্ৰুগড় কোটোহাত আয়োজন কৰা এজেপিৰ জাতীয় জাগৰণ সমাৰোহত অংশগ্ৰহণ কৰি এই দৰে হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনীক প্ৰত্যাহ্বান জনালে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷

নগাঁৱত মুখ্যমন্ত্ৰীৰ কেইবাটাও আঁচনি মুকলি

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে সন্ধিয়া নগাঁও চহৰৰ মাজমজিয়াত নিৰ্মাণ হোৱা নগাঁও সাংস্কৃতিক প্ৰকল্পৰ উদ্বোধন কৰে । ১ কোটি ৯৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই সাংস্কৃতিক প্ৰকল্পটো ৷

বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান

দেওবাৰে ৰাজ্যৰ বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ তদুপৰি আগন্তুক 2021ত পুনৰ বিজেপি চৰকাৰ হ'ব বুলি কৈ 55 বছৰে শাসন কৰা কংগ্ৰেছে অসমৰ বাবে যি কাম নকৰিলে সেই কাম বিজেপি চৰকাৰে 4 বছৰতে কৰিলে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

গুৱাহাটীত উপস্থিত ড৹ এছ জয়শংকৰ আৰু জাপানৰ ৰাষ্ট্ৰদূত

গুৱাহাটীত উপস্থিত ড৹ এছ জয়শংকৰ আৰু ভাৰতস্থ জাপানৰ ৰাষ্ট্ৰদূত চাট'শ্বি চুজুকী ৷ দেওবাৰে বিয়লি গুৱাহাটীত আহি উপস্থিত হৈছে কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰ আৰু ভাৰতস্থ জাপানৰ ৰাষ্ট্ৰদূত গৰাকী ৷ দুয়োকে উষ্ম আদৰণি ৰাজ্যৰ উদ্যোগ আৰু বানিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ৷

সমষ্টিক লৈ স্থিতি স্পষ্ট নহয় দুই প্ৰধান ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক সভাপতিৰ

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলৰ মাজত আভ্যন্তৰীণভাৱে চলিছে প্ৰাৰ্থীত্বৰ যুঁজ ৷ এই মূহুৰ্তলৈকে সমষ্টি চূড়ান্ত হোৱা নাই দুই প্ৰধান ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক সভাপতিদ্বয়ৰ ।

মঙলদৈত প্ৰথমবাৰৰ বাবে চিলা মহোৎসৱ আয়োজন

শনিবাৰ আৰু দেওবাৰে দুদিনীয়াকৈ পোনপ্ৰথমবাৰৰ বাবে মঙলদৈৰ নিকতৱৰ্তী চেৰেং চাপৰিত চিলা মহোৎসৱৰ আয়োজন কৰা হয় ৷ এই মহোৎসৱত প্ৰদৰ্শিত হৈছে দৰঙৰ ভিন্ন কৃষ্টি-সংস্কৃতি ।

অন্ধ্ৰ প্ৰদেশত গৰ্ভৱতী মহিলাৰ পঞ্চায়ত নিৰ্বাচনত বিজয় সাব্যস্ত

অন্ধ্ৰ প্ৰদেশত পঞ্চায়ত নিৰ্বাচনত এগৰাকী প্ৰতিদ্বন্দী প্ৰাৰ্থী চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ৷ কাৰণ এগৰাকী 9 মাহৰ গৰ্ভৱতী মহিলাই পঞ্চায়তৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷ দেওবাৰে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ সময়ত মহিলা গৰাকীয়ে এগৰাকী কন্যা সন্তান জন্ম দিয়ে ৷

ভয়ংকৰ বিস্ফোৰণৰ পৰা কথমপি ৰক্ষা পৰিল জন্মু

দেওবাৰে এক ভয়ংকৰ বিস্ফোৰণৰ পৰা কথমপি ৰক্ষা পৰে জন্মু । জন্মু বাছ আস্থানৰ সমীপত উদ্ধাৰ হয় ৭ কিল’গ্ৰাম ওজনৰ এটা আই ই ডি ।

বিদিশাত স্থাপন কৰা হ'ব সুষমা স্বৰাজ প্ৰতিমূৰ্তি

প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজৰ জন্মবাৰ্ষিকী উপলক্ষে দেওবাৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ বাসগৃহত আয়োজিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে এই কথা ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.