ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা খবৰ - top ten news at 7 pm

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা খবৰ

top ten news at 7 pm
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Jan 11, 2021, 6:55 PM IST

প্ৰকৃততে অসমৰ মুখ্যমন্ত্ৰী কোনঃ জিতেন্দ্ৰ সিং

যিজনে মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে তেও নিমাত হৈ বহি থকাৰ বিপৰীতে আন এজন মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ ভূমিকাত অৱতীৰ্ণ হৈ থকা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী গৰাকীৰ ভূমিকাক সমালোচনা কৰে এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে ৷

শিলচৰত বিজয় সংকল্প সভাত অংশগ্ৰহণ জে পি নাড্ডাৰ

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা ৷ সোমবাৰে জে পি নাড্ডাই বৰাক উপত্যকাৰ শিলচৰৰ আৰক্ষীৰ পেৰেড গ্ৰাউণ্ডত বিজয় সংকল্প ৰেলীত অংশগ্ৰহণ কৰে নাড্ডাই ৷

কৰ'ণা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰে বৈঠকত বহিব প্ৰধানমন্ত্ৰী

আজি দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ভিডিঅ' কনফাৰেন্সযোগে অনুষ্ঠিত হ'বলগীয়া এই বৈঠকত কৰ'ণাসৃষ্ট পৰিস্থিতি আৰু টীকাকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰে আলোচনা কৰিব প্ৰধানমন্ত্ৰীয়ে ।

কৃষি আইনত কেন্দ্ৰই স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে দিব : মুখ্য ন্যায়াধীশ

মুখ্য ন্যায়াধীশ এছ এ ববডেই কয়, "ভাৰতৰ কেন্দ্ৰীয় চৰকাৰখনে এই সকলোবোৰৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব ৷ আপোনালোকে এই আইনকেইখন লৈ আহিছে আৰু আপোনালোকে ইয়াক উন্নত ধৰণে কৰিব পাৰিব ৷ যদি কেন্দ্ৰই এই আইন প্ৰণয়ত স্থগিতাদেশ প্ৰদান নকৰে তেন্তে এই কাম উচ্চতম ন্যায়ালয়ে কৰিব ৷"

গোৱালপাৰা আৰক্ষীৰ জালত গুলিচালনাৰ অভিযুক্ত মাধুৰ্য ৰায়

গোৱালপাৰাত সংঘটিত হৈছে গুলিচালনাৰ ঘটনা ৷ পৰিয়ালকেন্দ্ৰিক সংঘাতক কেন্দ্ৰ কৰি সৃষ্টি হয় এই ঘটনা ৷ আহত 6 গৰাকী লোক ৷ বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত মাধুৰ্য ৰায় ৷

আৰু এটা নতুন ৰাজনৈতিক দলঃ নেতৃত্বত মহন্ত !

নৱগঠিত আঞ্চলিক গণ মৰ্চা, ৰাইজৰ দল, অসম জাতীয় পৰিষদৰ পিছত ৰাজ্যত এতিয়া আন এটা নতুন ৰাজনৈতিক দল গঠনৰ সম্ভাৱনা প্ৰকট হৈছে । কোনে নেতৃত্ব দিব এই নতুন ৰাজনৈতিক দলক? প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই গুৰিবঠা ধৰিব নেকি এই নতুন দলৰ?

আম আদমী পাৰ্টীৰ বিধায়ক সোমনাথ ভাৰতীক গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশ আৰক্ষীৰ

উত্তৰ প্ৰদেশৰ অমেঠি জিলাৰ জগদীশপুৰ আৰক্ষীয়ে আম আদমী পাৰ্টীৰ বিধায়ক সোমনাথ ভাৰতীক সোমবাৰে উত্তৰ প্ৰদেশৰ চিকিৎসালয় সন্দৰ্ভত অপমানসূচক মন্তব্য প্ৰদান কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, বিধায়ক গৰাকীয়ে শনিবাৰে জগদীশপুৰত দলীয় এক সভাত অপমানসূচক মন্তব্য প্ৰদান কৰিছিল ৷

ৰিহণ দৈমাৰীক "মহান মন্ত্ৰী" আখ্যা ৰূপজ্যোতি কুর্মীৰ

সম্পূৰ্ণ বিজ্ঞান সন্মতভাৱে পানী পৰিশোধন কৰা প্ৰযুক্তি অসমৰ ভিতৰে প্ৰথমবাৰৰ বাবে মৰিয়নী স্থাপন কৰাৰ বাবে ৰিহণ দৈমাৰীক "মহান মন্ত্ৰী" আখ্যা মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুর্মীৰ । মৰিয়নীৰ লাহিং আৰু সোণোৱাল চাহ বাগিচাত প্ৰায় ৭২ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ‘ব এই আঁচনি ৷

২০২০ চনত বিএছএফে আটক কৰে ২৬৩ জন অনুপ্ৰৱেশকাৰী: বিএছএফ

ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফে ২০১৯ত সীমান্তৰে বাংলাদেশৰ পৰা ভাৰতলৈ প্ৰৱেশৰ চেষ্টা চলোৱা ২৭ জন অনুপ্ৰৱেশকাৰীক আটক কৰাৰ লগতে ২০২০ চনত আটক কৰে ৩৫ জন বাংলাদেশীক । সোমবাৰে এক সংবাদমেলৰ আয়োজন কৰি এই কথা উল্লেখ কৰে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে ৷

পিতৃ-মাতৃৰ গৌৰৱ অৰ্জন কৰিলে বিৰাট-অনুষ্কাই

পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ৷ বিৰাট-অনুষ্কাৰ ঔৰষত জন্ম গ্ৰহণ কৰে এগৰাকী কন্য সন্তানে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.