কৰ’ণাতংকৰ মাজতে লক্ষাধিক টকাৰ বাজেটেৰে সাজু বিহুতলী
বুধবাৰে সন্ধিয়াৰ ভাগৰ পৰা মঞ্চবিহুৰ অনুষ্ঠানসমূহে মুখৰিত কৰি তুলিব ৰাজ্যৰ আকাশ-বতাহ । ইয়াৰ বাবে লাখ লাখ টকা ব্যয় সাপেক্ষে সাজু হৈছে মঞ্চবিহুৰ আয়োজকসকল । নামী-দামী তাৰকা শিল্পীৰ গীতে-মাতে ৰজন-জনাব বিহুতলীসমূহ । এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন...
বুঢ়ী দিহিং নৈত গৰু গা ধুৱাবলৈ গৈ সন্ধানহীন দুই যুৱক
ডিব্ৰুগড়ত চেঁচুঘাটৰ বাঁহৰ দলঙত সন্ধানহীন হয় দুই যুৱকৰ ৷ বুঢ়ী দিহিং নৈত গৰু গা ধুৱাবলৈ গৈ পানীত পৰি সন্ধানহীন হয় যুৱক দুজন ৷ যুৱক দুজনক উদ্ধাৰৰ বাবে ঘটনাস্থলীত উপস্থিত এছডিআৰএফ বাহিনী ৷
কৰ'ণাত আক্ৰান্ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ
যোগী আদিত্যনাথৰ অ'এছডি অভিষেক কৌশিককে ধৰি কিছুমান বিষয়া কৰ'ণাত আক্ৰান্ত হৈছিল । বিষয়াসকল তেওঁৰ সংস্পৰ্শলৈ আহিছিল । তাৰ পিছতে তেওঁ পৰীক্ষা কৰিছিল । ক'ভিড পজিটিভ ফলাফল অহাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকীয়ে হোম আইচলেছনত আছে আৰু সকলো সাৱধানতা অৱলম্বন কৰিছে ।
মোডী আৰু মমতা এটা মুদ্ৰাৰে ইপিঠি সিপিঠি : আছাদুদ্দিন ওৱেছি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক এটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলি ক'লে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেছিয়ে ৷ মঙলবাৰে পশ্চিম বংগত এক নিৰ্বাচনী প্ৰচাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মমতা বেনাৰ্জীক কঠুৰ ভাৱে সমালোচনা কৰে ওৱেছিয়ে ৷
কংগ্ৰেছে মুকলি কৰিছে আই এন চি টিভি
ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক ৰণদ্বীপ সিং সূৰ্যেৱালাৰ উপস্থিতিত কংগ্ৰেছে তেওঁলোকৰ ডিজিটেল মিডিয়া প্লেটফৰ্ম আইএনচি টিভি মুকলি কৰিব ।
কলগাছিয়াত অগ্নি নিৰ্বাপক সপ্তাহ পালন
কলগাছিয়াত অগ্নি আৰু আপদকালীন সেৱা বিভাগৰ অগ্নি সেৱা সপ্তাহ উদযাপন । অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰে সমদল উলিয়াই সজাগতা বৃদ্ধিৰ প্ৰয়াস ৷
পৰম্পৰাগতভাৱে বিশ্বনাথবাসীয়ে উদযাপন কৰিলে গৰু বিহু
গৰুৰ গাত মাহ হালধি সানি 'লাও খা বেঙেনা খা ,বছৰে বছৰে বাঢ়ি যা' বুলি কুশল-মংগল কামনা কৰি বিশ্বনাথবাসীয়েও উদযাপন কৰিলে গৰু বিহু ৷
চাপৰত আজিৰে পৰা তিনিদিনীয়াকৈ ৰঙালী বিহু উদযাপন
পূৱ বিলাসীপাৰাৰ চাপৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে চাপৰৰ গান্ধী ময়দানত ৰঙালী বিহু উদযাপন কৰা হৈছে । গৰু বিহু উপলক্ষে গৰু গা ধোৱা, পতাকা উত্তোলন, শ্বহীদ তৰ্পন আৰু শোভাযাত্ৰাৰে প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হয়।
ক'ৰণাকলৈ উদ্বেগ প্ৰকাশ ডিমা হাছাও জিলাৰ উপায়ুক্ত পল বৰুৱাৰ
ৰাজ্যত পুনৰ ক'ৰণা ৰোগীৰ সংখ্যা বৃদ্ধিকলৈ উদ্বেগ প্ৰকাশ কৰিছে ডিমা হাছাও জিলাৰ উপায়ুক্ত পল বৰুৱাই ৷ মঙলবাৰে হাফলংত শিখ সম্প্ৰদায়ৰ বৈশাখি উৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ক'ৰণাৰ দ্বিতীয় ঢৌকলৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি স্বাস্থ্য তথা ৰাজ্য চৰকাৰে প্ৰকাশ কৰা স্বাস্থ্য বিধি পালন কৰিবলৈ সকলোকে আহ্বান জনায় ৷
বাবাচাহেব আম্বেদকাৰৰ জন্মজয়ন্তীত প্ৰধানমন্ত্ৰী মোডীৰ শ্ৰদ্ধাঞ্জলি
ড০ বাবাচাহেব আম্বেদকাৰৰ ১৩০ তম জন্মজয়ন্তীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন । ১৮৯১ চনৰ ১৪ এপ্ৰিলত জন্মগ্ৰহণ কৰিছিল বাবাচাহেব আম্বেদকাৰে ।