ETV Bharat / state

5 বজাৰ দহটা শীৰ্ষ বাতৰি - 5 বজাৰ দহটা শীৰ্ষ বাতৰি

5 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 AT 5 PM
5 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Feb 21, 2021, 5:04 PM IST

মিৰ্জাত চাঞ্চল্যকৰ অপহৰণ কাণ্ড : ৰাজপথৰ পৰা অপহৰণ কৰি নিলে ব্যৱসায়ীক

এই ঘটনাক লৈ এতিয়া মিৰ্জাত আতংকৰ সৃষ্টি হৈছে । কোনে কিয় অপহৰণ কৰিলে সেয়া স্পষ্ট হোৱা নাই যদিও পৰিয়ালৰ লোকে শীঘ্ৰে লোকজনৰ মুক্তিৰ বাবে আহ্বান জনাইছে ।

পবিন্দ্ৰ ডেকা এতিয়া মামৰে ধৰা লোহা:অগপ নেতা অমিয় কুমাৰ দাস

অসমৰ প্ৰতিটো সমষ্টিতে ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ পাটাছাৰকুছি বিধানসভা সমষ্টিতো বিজেপি আৰু অগপই চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ ৷ দেওবাৰে সমষ্টিটোৰ টিহুৰ মাখিবাহাত অনুষ্ঠিত হোৱা এখন সভাত সদ্য পদত্যাগী বিধায়ক পবিন্দ্ৰ ডেকাক ক্ষুৰধাৰ সমালোচনা কৰে অগপ নেতা ড৹ ৰঞ্জিত ডেকা আৰু অমিয় কুমাৰ দাসে ৷

বলীন চেতিয়াৰ বিৰুদ্ধে দলীয় কৰ্মীক প্ৰাণে মৰাৰ অভিযোগ

শনিবাৰে শদিয়াৰ বিজেপি নেত্ৰী ৰুবী মণি বৰুৱাৰ নেতৃত্বত শান্তিপুৰৰ পৰা ধলালৈকে উলিওৱা বাইক ৰেলীত অংশগ্ৰহণৰ বাবে গৈছিল জ্যেষ্ঠ বিজেপি কৰ্মী ঔম প্ৰকাশ উপাধ্যায় ৷ সেই সময়তেই কোনো দুৰ্বৃত্তই তেওঁক ফোনযোগে গুলিৱাই মৰাৰ ভাবুকি প্ৰদান কৰে ৷

চিৰিয়াখানাৰ সন্মুখত চিৰিয়াখানা সুৰক্ষা মঞ্চৰ প্ৰতিবাদ

চিৰিয়াখানাৰ বিভিন্ন সুৰক্ষাৰ ক্ষেত্ৰত মাত মাতি অহা চিৰিয়াখানা সুৰক্ষা মঞ্চৰ শতাধিক সমৰ্থকে দেওবাৰে অসম ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ চিৰিয়াখানা ব্যক্তিগতকৰণৰ বিৰোধিতাৰে হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷

শিৱসাগৰৰ প্ৰণৱ গগৈৰ ঘৰত জগদীশ ভূঞা

আলফাই অপহৰণ কৰি চূড়ান্ত শাস্তিৰ ভাবুকি দিয়া প্ৰণৱ কুমাৰ গগৈৰ ঘৰত অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞা । বিজেপি চৰকাৰখনক মেৰুদণ্ডহীন আখ্যা জগদীশ ভূঞাৰ । কৰ্মচাৰী দুজনক মুক্তিৰ আহবান ।

২২ ফেব্ৰুৱাৰীত ধেমাজিলৈ প্ৰধানমন্ত্ৰীৰ আগমন

২২ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোডীয়ে আনুষ্ঠানিকভাৱে কুলাজান চিতলমাৰীত হ’বলগীয়া বিশাল জনসভাৰ পৰাই ডিজিটেল মাধ্যমেৰে উদ্বোধন কৰিব বহু প্ৰতীক্ষিত ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় ৷ ইতিমধ্যে মহাবিদ্যালয়খনত 160 গৰাকী শিক্ষাৰ্থীয়ে অনলাইনযোগে শিক্ষাগ্ৰহণ কৰি আছে ৷

'আন্তৰ্জাতিক মাতৃভাষা দিৱস'ৰ শুভেচ্ছা অমিত শ্বাহৰ

দেশবাসীক 'আন্তৰ্জাতিক মাতৃভাষা দিৱস'ৰ শুভেচ্ছা জ্ঞাপন কৰে অমিত শ্বাহে । তেওঁ উল্লেখ কৰা মতে, মোডী চৰকাৰৰ নতুন শিক্ষা নীতি ভাৰতীয় ভাষাৰ সংৰক্ষণ, বিকাশ আৰু সবলীকৰণৰ বাবে চৰকাৰৰ প্ৰচেষ্টা প্ৰতিফলিত হৈছে ।

হোজাইত 8 বছৰীয়া কণমানিক ধৰ্ষণ কৰি হত্যা !

হোজাইৰ বৰহোলা গাঁৱত 8 বছৰীয়া কন্যাক বলাৎকাৰ কৰি হত্যা কৰাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । দেওবাৰে পুৱা বৰহোলা গাঁৱৰ এখন নিৰ্জন পথাৰত উদ্ধাৰ হৈছে এটি আঠ বছৰীয়া কন্যাৰ মৃতদেহ ৷

ক'ভিড প্ৰতিষেধক লৈ মহিলাৰ মৃত্যু

নাৰায়ণপুৰত ক'ভিড প্ৰতিষেধক লোৱাৰ পিছতে অসুস্থ হৈ পৰা অংগনবাদী সহায়িকাৰ মৃত্যু । দীপা গৌতম নামৰ সহায়িকা গৰাকীৰ ঘৰ নাৰায়ণপুৰৰ চেঁচা ৰাজগড়ত ।

ৰূপহীহাটত কিশোৰীক দলবদ্ধ ধৰ্ষণ

ৰূপহীহাটৰ তেলিয়াচাপৰিত সংঘটিত হৈছে এক জঘন্য ঘটনা ৷ এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰে তিনি ব্যক্তিয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.