ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি... - তিনি বজাৰ শীৰ্ষ দহটা বাতৰি

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten news at 3 pm
তিনি বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Oct 17, 2021, 3:00 PM IST

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

গুৰুজনাৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ সামৰণি

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে শুকুৰবাৰৰ পৰা কলিয়াবৰৰ শ্ৰীশ্ৰী বালিসত্ৰ বামন গোঁসাই থানত পালন কৰা হয় শংকৰদেৱৰ জন্মোৎসৱ ৷ মহোৎসৱৰ দুয়োদিনৰ কাৰ্যসূচীত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷

ফিল’বাৰী কাণ্ডক লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া

তিনিচুকীয়াৰ ফিল’বাৰীত এগৰাকী শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ সন্মুখত আঁঠু লৈ ক্ষমা খোজাৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

অখিল গগৈয়ে লুঙী পিন্ধি অবৈধ বেদখলকাৰীক সুৰক্ষা দিবলৈ চেষ্টা কৰে : বিমল বৰা

ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ জয় নিশ্চিত বুলি অখিল গগৈয়ে দাবী কৰাৰ পাছতে কেবিনেট মন্ত্ৰী বিমল বৰাই বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ বিমল বৰাৰ দাবী উপ নিৰ্বাচনত উন্নয়নৰ সপক্ষে ভোট দিব ৰাইজে । সুশান্ত বৰগোঁহাইক জয়ী কৰাব থাওৰাৰ ৰাইজে- এই দাবী মন্ত্ৰীগৰাকীৰ ৷ তেওঁ লগতে অখিল গগৈয়ে লুঙী পিন্ধি অবৈধ বেদখলকাৰীক সুৰক্ষা দিবলৈ চেষ্টা কৰে বুলি মন্তব্য কৰে ।

আজি বিজেপিত যোগদান কৰিব পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে

দেওবাৰে বিয়লি ভাগত হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপি(BJP) দলত যোগদান কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ(Paban Singh Ghatowar)ৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰে(Pranjal Ghatowar) ৷ প্ৰাঞ্জল ঘাটোৱাৰৰ উপৰিও বিজেপিত যোগদান কৰিব প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী পৃথ্বী মাঝিৰ পুত্ৰ প্ৰদীপ মাঝি আৰু ৰামেশ্বৰ ধানোৱাৰৰ পুত্ৰ গৌতম ধানোৱাৰে ৷

ৰাষ্ট্ৰীয় দৃষ্টিহীন ক্ৰিকেট দলত স্থান লাভ টীয়কৰ অজয় মুণ্ডাৰ

24 অক্টোবৰৰ পৰা চণ্ডীগড়ত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতা(National Blind Cricket)ত স্থান লাভ টীয়কৰ দৃষ্টিহীন খেলুৱৈ অজয় মুণ্ডাৰ(Ajay Munda) ৷ অসম দল(Team Assam)ৰ হৈ খেলত অংশগ্ৰহণ কৰিব অজয়ে ৷

টিপ্ৰালেণ্ডৰ স্বাৰ্থত একেলগ হ'ব দুই শত্ৰু টিপ্ৰা মথা আৰু আইপিএফটি !

ত্ৰিপুৰাৰ জনজাতীয় ৰাজনীতিত আকস্মিক পট পৰিৱৰ্তন ৷ টিপ্ৰালেণ্ডৰ স্বাৰ্থত টিপ্ৰা মথা আৰু আইপিএফটি একেলগ হোৱাৰ সম্ভাৱনা ৷ আইপিএফটিৰ সাধাৰণ সম্পাদক Mevar Kumar Jamatia ৰ আহ্বানত বৈঠকত মিলিত টিপ্ৰা মথা, আইপিএফটি (Tipraha) আৰু একে ভাৱধাৰাৰ অন্যান্য জনজাতি আধাৰিত দল তথা বেচৰকাৰী সংগঠন ৷

ত্ৰিপুৰা আৰক্ষীৰ উদ্যোগত বাইক ৰেলী

ত্ৰিপুৰা আৰক্ষী(Tripura Police)ৰ উদ্যোগত বাইক ৰেলী(Bike Rally) ৰ কাৰ্যসূচী ৷ ৰাষ্ট্ৰীয় একতা দিৱস(National Unity Day) উপলক্ষে উলিওৱা হৈছে এই বাইক ৰেলী ৷ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি 3,800 কিল’মিটাৰ বাইক ৰেলীৰে গুজৰাটত উপস্থিত হ’ব দলটো ৷ দেওবাৰে পুৱাৰ ভাগত গুৱাহাটী মহানগৰীৰ আমবাৰীস্থিত CRPF Transit Campৰ পৰা উলিওৱা হৈছে বাইক ৰেলী ৷ উক্ত ৰেলীত 25 জন বাইক আৰোহীয়ে অংশগ্ৰহণ কৰিছে ৷

কিশোৰী ধৰ্ষণৰ অভিযোগত ৰাজনৈতিক নেতাসহ 7 জনক আটক

এগৰাকী ১৭ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰাৰ সন্দৰ্ভত ৰাজনৈতিক নেতা সহিতে ৭ জন লোকক আটক ৷ গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছে সমাজবাদী পাৰ্টী (এছপি) আৰু বহুজন সমাজ পাৰ্টী (বিএছপি)ৰ জিলা সভাপতি আৰু এগৰাকী কনিষ্ঠ অভিযন্তা ৷

দেশত একেৰাহে চতুৰ্থ দিনাও বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে সম্প্ৰতি সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰি পেলাইছে । প্ৰতিদিনে ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিত চিন্তিত হৈ পৰিছে দেশৰ জনসাধাৰণ । চৰকাৰৰ বিৰুদ্ধে দেশৰ ভিন্ন প্ৰান্তত ৰাইজ তথা দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

ওড়িশাত অনলাইন জুৱাৰ ঘাটি উৎখাত : 27 লাখ নগদ ধন জব্দ

শেহতীয়াকৈ দেশৰ ভিন্ন প্ৰান্তত অনলাইন জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে । তেনে এক অভিযানৰ মাজতে ওড়িশা আৰক্ষীৰ জালত অনলাইন জুৱাৰ এক বৃহৎ চক্ৰ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.