ETV Bharat / state

তিনি বজাৰ দহটা শীৰ্ষ বাতৰি... - শীৰ্ষ বাতৰি

তিনি বজাৰ দহটা শীৰ্ষ বাতৰি...

top ten news at 3 pm
তিনি বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Oct 2, 2021, 3:03 PM IST

তিনি বজাৰ দহটা শীৰ্ষ বাতৰি...

দেওবাৰে গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু

দুদিনীয়া ভ্ৰমণসূচী লৈ গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু । তেওঁ পাণবজাৰস্থিত পুৰণি উপায়ুক্তৰ বাসভৱনটো পৰ্যটকৰ দৰ্শনৰ বাবে মুকলি কৰাৰ লগতে শংকৰদেৱ কলাক্ষেত্ৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷

অসমীয়া জাতিৰ বাবে লুৰিণ-অখিল ভয়াৱহ : জয়ন্ত মল্ল বৰুৱা

উপ নিৰ্বাচনত কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতা চূড়ান্ত হোৱাৰ পাছতে এই মিত্ৰতাকলৈ শুকুৰবাৰে নলবাৰীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই । শ্বহীদক অপমান কৰা কংগ্ৰেছ দলৰ লগত মিত্ৰতা কৰা লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ জাতীয়তাবাদৰ নামত কলংক বুলি মন্তব্য কৰে নলবাৰীৰ স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই ।

উপ নিৰ্বাচন : বিৰোধী শিবিৰত মিলা নাই অংক

উপ নিৰ্বাচনত ৪ টা সমষ্টিত প্ৰাৰ্থী দিব কংগ্ৰেছে ! অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক এটাকৈ সমষ্টি এৰি দিব কংগ্ৰেছে । বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰদানৰ প্ৰসংগকলৈ বিৰোধী শিবিৰত সঘনাই সলনি হৈছে ৰাজনৈতিক দৃশ্যপট । ৰাইজৰ দলে দুটা সমষ্টি দিলে প্ৰাৰ্থী ।

শ্বেৰমান আলীয়ে প্ৰথমতে অসম আন্দোলনৰ বিষয়ে অধ্যয়ন কৰক : ৰামেশ্বৰ তেলী

দৰঙৰ গৰুখুঁটিত অবৈধ বেদখলকাৰীক ৰাজ্য চৰকাৰে উচ্ছেদ চলোৱাৰ সময়ত সংঘটিত হোৱা পৰিস্থিতিৰ পাছতে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ অসম আন্দোলনৰ শ্বহীদৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰিছিল । আলীৰ এই মন্তব্যৰ পাছতে শুকুৰবাৰে বিষয় সন্দৰ্ভত ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷ মন্ত্ৰীগৰাকীয়ে শ্বেৰমান আলীক প্ৰথমতে অসম আন্দোলন সম্পৰ্কে অধ্যয়ন কৰাৰ বাবে আহ্বান জনায় ৷

নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

অনুসূচিত জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিয়ে শুকুৰবাৰে নুমলীগড় শোধনাগাৰৰ মূখ্যদ্বাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । অনুসূচিত জাতিৰ সংৰক্ষিত পদত ভূৱা প্ৰমাণপত্ৰৰে শোধনাগাৰত চাকৰি কৰি থকা ১৫ গৰাকী বিষয়া-কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বনৰ দাবীত শোধনাগাৰৰ মুখ্যদ্বাৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

লাল বাহাদুৰ শাস্ত্ৰীৰ জন্মজয়ন্তী

আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ উপৰিও দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্মজয়ন্তী ৷ 1964 চনত জৱাহৰলাল নেহৰুৰ মৃত্যু পিছতে দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল লাল বাহাদুৰ শাস্ত্ৰীয়ে ৷

আগষ্ট মাহত ভাৰতত ২০.৭ লাখ একাউণ্ট বন্ধ কৰিলে হোৱাটছ এপে

চলিত বৰ্ষৰ আগষ্ট মাহত ২০.৭ লাখ ভাৰতীয় ব্যৱহাৰকাৰীৰ একাউণ্ট বন্ধ কৰিলে হোৱাটছ এপে(WhatsApp) । তথ্য প্ৰযুক্তি(Intermediary Guidelines and Digital Media Ethics Code) নিয়ম ২০২১ ৰ অধীনত ১-৩১ আগষ্ট পৰ্যন্ত প্লেটফৰ্মটোৰ দ্বিতীয় মাহিলী প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, হোৱাটছ এপে ভাৰতৰ ব্যৱহাৰকাৰীৰ পৰা ডাকযোগে, ই-মেইলযোগে ৪২০ টা অভিযোগ লাভ কৰিছে ।

৮ অক্টোবৰৰ পৰা পুনৰ মুকলি হ'ব বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটী ‘ৰামোজী ফিল্ম চিটী’

পৰ্যটকৰ বাবে চলিত বৰ্ষৰ ৮ অক্টোবৰৰ পৰা পুনৰ মুকলি হ'ব ৰামোজী ফিল্ম চিটীৰ দ্বাৰ । পৰ্যটকে যাতে সুৰক্ষিতভাৱে ভ্ৰমণৰ আনন্দ ল'ব পাৰে, সেয়া নিশ্চিত কৰাৰ বাবে ক'ভিড-১৯ সম্পৰ্কীয় সকলো সাৱধনতা অৱলম্বন কৰা হৈছে ।

বিশ্বই গান্ধীজীৰ শান্তি বাৰ্তা গ্ৰহণ কৰিব লাগে : এন্টনিঅ’ গুটেৰাৰ্চ

‘বিশ্বই গান্ধীজীৰ শান্তিবাৰ্তা গ্ৰহণ কৰিব লাগে’ ৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ 125 সংখ্যক জন্ম জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই মন্তব্য কৰে ৰাষ্ট্ৰ সংঘৰ সচিব এন্টনিঅ’ গুটেৰাৰ্চে ৷

উত্তৰ প্ৰদেশ চৰকাৰৰ ব্ৰেণ্ড এম্বেচেডৰৰ দায়িত্বত কংগনা

উত্তৰ প্ৰদেশ চৰকাৰে অভিনেত্ৰী কংগনা ৰাণাৱটক তেওঁলোকৰ উচ্চাকাংক্ষী 'এক জিলা এক সামগ্ৰী' কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নামাকৰণ কৰিছে । অভিনেত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.