ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ সংবাদ - TOP 10 @ 11 AM

11 বজাৰ 10 টা শীৰ্ষ সংবাদ

top ten news at 11am
top ten news at 11am
author img

By

Published : Mar 4, 2021, 10:59 AM IST

Updated : Mar 4, 2021, 11:05 AM IST

নিৰ্বাচনী প্ৰচাৰৰ দৌৰত আন্তঃৰাষ্ট্ৰীয় আগৰ ব্যৱসায়ী

বুধবাৰে ৰূপহীহাট সমষ্টিৰ সূঁতিৰপাৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় আন্তঃৰাষ্ট্ৰীয় আগৰ ব্যৱসায়ী হবিব মহম্মদ চৌধুৰী । বিজেপি দলৰ পৰা টিকট লাভৰ সম্ভাৱনা চৌধুৰীৰ ৷

নাওবৈচাত সমষ্টি ভাগ-বতৰাক কেন্দ্ৰ কৰি প্ৰতিবাদ

নাওবৈচা সমষ্টিত অগপ আৰু বিজেপিৰ মাজত সমষ্টিৰ ভাগ-বতৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে মতানৈক্য ৷ বুধবাৰে সন্ধিয়া বিজেপি কৰ্মীসকলে দলীয় কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ৷

নিৰ্বাচনী কাম-কাজ পৰ্যবেক্ষণৰ বাবে বিশ্বনাথত বিশেষ গোট

নিৰ্বাচন সংক্ৰান্তীয় কাম-কাজ নিৰীক্ষণৰ বাবে বিশ্বনাথত জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ ৷ বিশ্বনাথ আৰু বিহালী বিধানসভা সমষ্টিৰ নিৰ্বাচনী কাম-কাজ পৰ্যবেক্ষণ কৰাৰ বাবে 6 টা ফ্লায়িং স্কোৱাড আৰু চাৰিটা নিৰীক্ষণকাৰী গোট গঠন ৷

বৰলুইতৰ নৌকা ৰেষ্টুৰেন্ট 'কাঞ্চনজংঘা'ৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ

বগীবিলৰ সমীপৰ বৰলুইতৰ নৌকা ৰেষ্টুৰেন্ট 'কাঞ্চনজংঘা'ৰ বিৰুদ্ধে এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি ৰেষ্টুৰেন্টখনৰ এজন কৰ্মচাৰীয়ে এগৰাকী কিশোৰীক অপহৰণ কৰি লিপ্ত হৈছিল অসামাজিক কাৰ্যত ৷

মৰাণৰ বিদ্যালয়ে উদঙাইছে শিক্ষা বিভাগৰ উন্নয়নৰ ছবি

মৰাণৰ এখন বিদ্যালয়ৰ তথৈবচ অৱস্থাই উদঙাইছে শিক্ষা বিভাগৰ উন্নয়নৰ ছবি ৷ উৱলি যোৱা শ্ৰেণীকোঠাৰ লগতে বৃহৎ ফুটা থকা টিনপাতৰ তলতে পাঠগ্ৰহণ কৰিবলগীয়া হৈছে মৰাণৰ সাৰুৱাছিগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ৷

মিজোৰামে উন্নত কৰিব আন্তৰ্জাতিক বাণিজ্য

মিজোৰামৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী ড০ আৰ লালথাংলিয়ানাই ৰাজ্যখনৰ জোখাৱথাৰ ট্ৰেড পইণ্ট বডিৰ জৰিয়তে ভাৰত আৰু ম্যানমাৰৰ মাজত সকলো স্বাভাৱিক বাণিজ্যৰ অনুমতি দিছে ৷

ভাৰতক ভাবুকি দিবলৈ চীনে চাইবাৰ বাহিনী একত্ৰিত কৰিছে: ৰাহুল গান্ধী

ভাৰতৰ ওপৰত চীনৰ চাইবাৰ আক্ৰমণৰ প্ৰসংগত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে, চীনে ভাৰতক ভাবুকি দিবলৈ সেনা আৰু চাইবাৰ বাহিনী একত্ৰিত কৰিছে । যোৱা মাহত, দুয়োখন দেশে পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণ পাৰৰ পৰা সৈন্য আৰু অস্ত্ৰ প্ৰত্যাহাৰ কৰে ।

ৰাজস্থানত ১০৬ বছৰীয়া বৃদ্ধাই ল'লে কৰ'ণাৰ প্ৰতিষেধক

দেশত কৰ'ণাৰ প্ৰতিষেধক লোৱা ব্যক্তিসকলৰ ভিতৰত আটাইতকৈ বয়সীয়াল গৰাকী হৈছে ৰাজস্থানৰ সৰজিত কৌৰ । ৰাজ্যখনৰ চাননা ধাম পিএইচচিত ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰে বৃদ্ধা গৰাকীয়ে ।

ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰাম্ভ হোৱা যুদ্ধবিৰতি দীৰ্ঘস্থায়ী হ’ব নে ?

শান্তি ঘূৰি আহিবনে ভাৰত আৰু পাকিস্তানৰ সীমান্তলৈ ? যুদ্ধবিৰতি উলংঘনৰ পৰণতিস্বৰপে বিগত বৰ্ষত সীমান্তৰ বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল । শত্ৰু ৰাষ্ট্ৰৰ আক্ৰমণৰ আশংকাত বিনিদ্ৰ ৰজনী কটাবলগীয়া হয় সীমান্তৱৰ্তী এলেকাৰ বাসিন্দাই । ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত যুদ্ধবিৰতি চুক্তি দুয়োখন দেশৰ মাজত শান্তি প্ৰতিষ্ঠাত সহায়ক হ'বনে নাই সেয়া বৰ্তমান বিবেচনাৰ বিষয় হৈ পৰিছে ।

এটা সমষ্টিত এখনকৈ ৰেলী : মমতাৰ নিৰ্বাচনী প্ৰচাৰৰ লক্ষ্য

মুঠ 294 টা সমষ্টিৰ প্ৰতিটোতেই নিৰ্বাচনী প্ৰচাৰ চলাব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ প্ৰায় 300 খনকৈ ৰাজহুৱা সভা আৰু ৰেলীত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মমতাই ৷

Last Updated : Mar 4, 2021, 11:05 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.