ETV Bharat / state

11বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

11বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

TOP 10 @ 11 AM
top ten news at 11 am
author img

By

Published : Feb 15, 2021, 11:01 AM IST

হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ নেতা নহয়:লুৰিণজ্যোতি গগৈ

সাৰদা, লুই বাৰ্জাৰ কেলেংকাৰী কৰি মন্ত্ৰী বিধায়ক হ'ব পাৰি । কিন্তু ৰাইজৰ নেতা হ'ব নোৱাৰি । ডিব্ৰুগড় কোটোহাত আয়োজন কৰা এজেপিৰ জাতীয় জাগৰণ সমাৰোহত অংশগ্ৰহণ কৰি এই দৰে হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনীক প্ৰত্যাহ্বান জনালে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷

ডিব্ৰুগড়ত এচিড আক্ৰমণৰ ঘটনা: অভিযুক্তক আটক

প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই ভেলেণ্টাইন ডে’ৰ দিনা এচিড আক্ৰমণৰ বলি হৈছে ডিব্ৰুগড়ৰ জয়পুৰ কছাৰী গাঁৱৰ 32 বছৰীয়া বিউতি হাজৰিকা ৷

সমষ্টিক লৈ স্থিতি স্পষ্ট নহয় দুই প্ৰধান ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক সভাপতিৰ

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলৰ মাজত আভ্যন্তৰীণভাৱে চলিছে প্ৰাৰ্থীত্বৰ যুঁজ ৷ এই মূহুৰ্তলৈকে সমষ্টি চূড়ান্ত হোৱা নাই দুই প্ৰধান ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক সভাপতিদ্বয়ৰ ।

নগাঁৱত মুখ্যমন্ত্ৰীৰ কেইবাটাও আঁচনি মুকলি

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে সন্ধিয়া নগাঁও চহৰৰ মাজমজিয়াত নিৰ্মাণ হোৱা নগাঁও সাংস্কৃতিক প্ৰকল্পৰ উদ্বোধন কৰে । ১ কোটি ৯৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই সাংস্কৃতিক প্ৰকল্পটো ৷

অসমৰ ব্লেক পেন্থাৰ আম্বানীৰ চিৰিয়াখানাত হস্তান্তৰক লৈ সৰৱ কংগ্ৰেছ

অসম চৰকাৰে দুটা ব্লেক পেন্থাৰ সংগোপনে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ পৰা আম্বানীৰ ব্যক্তিগত চিৰিয়াখানাত হস্তান্তৰিত কৰা কার্যক তীব্ৰ গৰিহণা প্ৰদান কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ ৷ ব্লেক পেন্থাৰ দুটা কিয়, কি কাৰণত, কোন ঠাইলৈ স্থানান্তৰ কৰা হ’ল এই বিষয়ে স্পষ্টতা বিচাৰিছে কংগ্ৰেছে ৷

মঙলদৈত প্ৰথমবাৰৰ বাবে চিলা মহোৎসৱ আয়োজন

শনিবাৰ আৰু দেওবাৰে দুদিনীয়াকৈ পোনপ্ৰথমবাৰৰ বাবে মঙলদৈৰ নিকতৱৰ্তী চেৰেং চাপৰিত চিলা মহোৎসৱৰ আয়োজন কৰা হয় ৷ এই মহোৎসৱত প্ৰদৰ্শিত হৈছে দৰঙৰ ভিন্ন কৃষ্টি-সংস্কৃতি ।

মৰিয়নিৰ চেলেং চাহ বাগিছাত বনজুই

মৰিয়নিৰ চেলেং চাহ বাগিছাত বনজুই ৷ বাগিচাখনৰ কেইবাঠাইতো একে সময়তে জুই লগালৈ চাই আৰক্ষী আৰু বনবিভাগৰ লোকে কোনো দুৰ্বৃত্তই বাগিছাখনৰ শুকান ঘাঁহনিত জুই লগাই দিয়াৰ সন্দেহ কৰিছে ।

পাকিস্তানৰ সিন্ধু প্ৰদেশত 13 মাহত 125 গৰাকী মহিলাৰ আত্মহত্যা

মিথিত আয়োজিত এক কৰ্মশালাত মনোবিজ্ঞানী, নাগৰিক সমাজ আৰু বেচৰকাৰী সংগঠনসমূহে জিলাখনত আত্মহননৰ পথ বাছি ল’বলৈ বাধ্য হোৱা মহিলাসকলৰ বৰ্ধিত প্ৰৱণতাৰ সৈতে সম্পৰ্কিত কাৰণ আৰু সমস্যাৰ বিষয়ে আলোচনা কৰাৰ সময়ত এই কথা পোহৰলৈ আহিছিল ৷

জাপানত ভয়ংকৰ ভূমিকম্প, আহত 30

শনিবাৰে নিশা এক বৃহৎ প্ৰাৱল্যৰ ভূমিকম্পই জোঁকাৰি গ'ল জাপানৰ ফুকুশ্বিমা প্ৰেফেকচাৰ ৷ ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৩ ৷ জাপানৰ বতৰ বিজ্ঞান সংস্থা (জেএমএ)য়ে প্ৰকাশ কৰিছে এই কথা ৷

দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত ভাৰতে সংগ্ৰহ কৰে ৩২৯ ৰাণ

প্ৰথম দিনা প্ৰথম ইনিংছত ভাৰতে 6 টা উইকেট হেৰুৱাই 300 ৰাণ সংগ্ৰহ কৰিছিল ৷ ভাৰতৰ হৈ ৰোহিত শৰ্মা 161 ৰাণ, আজিংক্য ৰাহানে 67 ৰাণ সংগ্ৰহ কৰিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.