ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি... - top ten news at 1 pm

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি...

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি...
দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Feb 28, 2021, 1:09 PM IST

অসম জাতীয় পৰিষদৰ প্ৰতীক ঘোষণা

জাহাজ হ’ব অসমৰ জাতীয় পৰিষদৰ প্ৰতীক ৷ এইবেলি নিৰ্বাচনত দলটোৱে জাহাজৰ প্ৰতীকত প্ৰতিদ্বন্দিতা কৰিব ৷

"মহাজোঁট"ত চামিল হ'ব বিপিএফঃ টুইট যোগে ঘোষণা হাগ্ৰামাৰ

হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চামিল হ'ব কংগ্ৰেছ, এ আই ইউ ডি এফ, বাওঁদলেৰে গঠিত "মহাজোঁট"ত ৷ শনিবাৰে নিশা টুইটযোগে এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ তদুপৰি এতিয়াৰে পৰা আৰু বিজেপিৰ সৈতে কোনো ধৰণৰ সম্পৰ্কও নাথাকিব বিপিএফৰ ৷

হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতহে গঠন হ'ব দিহিৰা সমষ্টিত ভিচিডিচি: ঘনশ্যাম দাস

বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ গৃহ সমষ্টি দিহিৰাত এটা ৰাজনৈতিক চক্ৰই নিজৰ প্ৰভাৱ বিস্তাৰৰ বাবে ভিচিডিচি গঠনৰ ক্ষেত্ৰত বিধি-পথালি দি অহাত সদ্যহতে উক্ত সমষ্টিটোত ভিচিডিচি গঠন স্থগিত ৰাখিবলৈ ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰী আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিয়া বুলি কথা উল্লেখ কৰে গণ সুৰক্ষা পাৰ্টীৰ নেতা ঘনশ্যম দাসে ৷

হিন্দু-মুছলমানৰ ভোটক লৈ সামাজিক মাধ্যমত চৰ্চা

হিন্দু-মুছলমানৰ ভোট সন্দৰ্ভত ভুৱা প্ৰচাৰ সামাজিক মাধ্যমত ৷ হিন্দু ভোট কৰিমগঞ্জৰ কংগ্ৰেছক নেলাগে বুলি এটা ভুৱা ভিডিঅ’ প্ৰচাৰৰ বিৰুদ্ধে কৰিমগঞ্জৰ জিলা কংগ্ৰেছৰ সভাপতি সতু ৰয়ে শনিবাৰে 4 জন লোকৰ বিৰুদ্ধে কৰিমগঞ্জ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷

আৰক্ষীৰ ৰদবদলত নিৰ্বাচন আয়োগৰ স্থগিতাদেশ

আৰক্ষীৰ ৰদবদলত স্থগিতাদেশ নিৰ্বাচন আয়োগৰ ৷ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত নহ’ব অসম আৰক্ষীৰ ৰদবদল প্ৰক্ৰিয়া ৷ শনিবাৰে স্থগিতাদেশ জাৰি নিৰ্বাচন আয়োগৰ ৷

হাইলাকান্দিত অগপৰ নিৰ্বাচনী তৎপৰতা

শনিবাৰে হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ মোহনপুৰত এখন বিশাল জনসভা আয়োজন কৰে অগপই ৷ উক্ত সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুনীল ডেকাৰ লগতে প্ৰাক্তন মন্ত্ৰী নুৰুল মজুমদাৰ ।

নিৰ্বাচনৰ বাবে সাজু নলবাৰী জিলা প্ৰশাসন

নলবাৰী জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ 59 নং নলবাৰী বিধানসভা সমষ্টিত 1 এপ্ৰিলত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । ইয়াৰ বিপৰীতে ৬০ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টি আৰু ৬১ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিত ৬ এপ্ৰিলত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ৷ জিলাখনত মুঠ ৭৬৬ টা প'লিং ষ্টেচনত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব ৷ ইয়াৰে নলবাৰী সমষ্টিত ২৯৫ টা প'লিং ষ্টেচন, বৰক্ষেত্ৰী সমষ্টিত ২৭৪ টা প'লিং ষ্টেচন আৰু ধৰ্মপুৰত ১৯৭ টা প'লিং ষ্টেচনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

ইণ্ডিগ’ই মুম্বাইৰ পৰা ঘৰুৱা বিমানৰ সঞ্চালন কৰিব

ইণ্ডিগ'ৰ সকলো শ্ৰেণীৰ ঘৰুৱা বিমান ১০ মাৰ্চৰ পৰা ৬ ই ৫৫০০-৬ ই ৫৯০০ মুম্বাই বিমানবন্দৰ টাৰ্মিনেল-১ ৰ পৰা সঞ্চালিত হ'ব । লগতে টাৰ্মিনেল-২ সহ অন্য বিমানসমূহ টাৰ্মিনেল-২ ৰ সঞ্চালিত হ'ব বুলি এক বিজ্ঞপ্তিযোগে প্ৰকাশ ।

টাইৱানৰ গৱেষণা কেন্দ্ৰলৈ ভাৰতৰ আৰ্থিক সাহায্য

টাইৱানৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি পোন প্ৰথমবাৰৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ অধীনত ভাৰত চৰকাৰে টাইৱানৰ কোনো চৰকাৰী প্ৰতিষ্ঠানত সাহায্য আগবঢ়াইছে ৷ 2016 চনত টাইৱানৰ নতুন Southbound Policy ৰ দ্বাৰা চিহ্নিত 18 খন দেশৰ ভিতৰত ভাৰত অন্যতম ৷

প্ৰাৰ্থীত্বক কেন্দ্ৰ কৰি ৩ মাৰ্চত দিল্লীলৈ যাব অগপৰ নেতৃত্ব

৩ মাৰ্চত দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আসন ভাগ বাটোৱাৰাৰ বিষয়টোক লৈ আলোচনাত বহিব অগপ নেতৃত্ব । সেই আলোচনাত বিজেপিৰ ৰাজ্যিক নেতৃত্বও উপস্থিত থাকিব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.