ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা খবৰ...

author img

By

Published : Mar 5, 2021, 9:00 AM IST

top ten at 9am

9 বজাৰ শীৰ্ষ দহটা খবৰ...
9 বজাৰ শীৰ্ষ দহটা খবৰ...

পুনৰ বিহালী সমষ্টিৰ বিধায়ক হ'ব নেকি ৰঞ্জিত দত্ত !

৭৭ নং বিহালী সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰায় নিশ্চিত হৈ পৰিছে বৰ্তমান সমষ্টিটোৰ বিজেপি বিধায়ক ৰঞ্জিত দত্তৰ নাম ৷ মন্ত্ৰীগৰাকীৰ বিপৰীতে সমষ্টিটোত দলটোৰ নাই আন কোনো দাবীদাৰ নোহোৱাৰ পৰিপ্ৰেক্ষিতত 2021ৰ বিধানসভা নিৰ্বাচনত পুনৰ এবাৰ অৱতীৰ্ণ হ'বলৈ সাজু হৈছে মন্ত্ৰী ৰঞ্জিত দত্ত ৷

ৰাজনৈতিক ভৱিষ্যৎ অনিশ্চয়তাত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ

পুনৰ দিছপুৰ দখলৰ স্বপ্ন ভংগ হ’ব নেকি মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসৰ ৷ দিছপুৰলৈ যোৱাৰ বাটত হেঙাৰ হৈ ঠিয় দিব নেকি মহাজোঁট ৷ সমষ্টিত জনপ্ৰিয় হোৱাৰ পাচতো যেন সমষ্টিত এইবাৰ মুখ ঠেকেচা খোৱাৰ উপক্ৰম হৈছে বিধায়ক গৰাকীৰ ৷

সময় উকলিল নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ !

নলবাৰী সমষ্টিত জয়ন্ত মল্ল বৰুৱাৰ নাম উচ্চাৰিত হৈ থকা সময়তে বৃহস্পতিবাৰে নলবাৰীৰ বিধায়ক অশোক শৰ্মাই নলবাৰী নাট্যমন্দিৰত পাঁচ বছৰীয়া খতিয়ান দাঙি ধৰে ৷ যদি তেওঁ টিকটৰ পৰা বঞ্চিত হয় তেন্তে সাধাৰণ কৰ্মী সকলক ধৰি ৰখাতো ভয়াবহ হ'ব বুলি মন্তব্য কৰে অশোক শৰ্মাই ।

দুমাহ পাছতে ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰঃ গৌৰৱ গগৈ

কংগ্ৰেছৰ মনোভাৱ সমস্যাৰ সমাধান কৰা আৰু বিজেপিৰ মনোভাৱ সমস্যাৰ সৃষ্টি কৰা । অসমৰ ৰাইজে এক নতুন মনোভাৱৰ চৰকাৰ পাব এই ভাষ্য সাংসদ গৌৰৱ গগৈৰ ৷

কুইপ’ৰ দুই বিষয়াৰ অপহৰণ কাণ্ডই লৈছে নতুন মোৰ

আলফা স্বাধীনে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি অসমৰ এটা সংবাদ মাধ্যমে আলফা সন্দৰ্ভত প্ৰচাৰ কৰা বাতৰিক লৈ অসন্তুষ্ট হৈছে সংগঠনটো ৷

সীমান্ত পাৰ হৈ ভাৰতত উপস্থিত ম্যানমাৰৰ তিনি আৰক্ষী

সীমান্ত পাৰ হৈ ভাৰতত উপস্থিত ম্যানমাৰৰ তিনি আৰক্ষী ৷ দেশখনত জৰুৰীকালিন অৱস্থা ঘোষণাৰ পাচতে পলায়ন কৰে তিনিও আৰক্ষী জোৱানে ৷

এদিনৰ বাবে সহকাৰী আৰক্ষী আয়ুক্তৰ পদত অধিষ্ঠিত হ'ব নয়ডাৰ মহিলা !

নাৰী সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় মহিলাৰ পৰামৰ্শ বিচাৰিছে নয়ডা আৰক্ষীয়ে । গ্ৰহণযোগ্য পৰামৰ্শ দিয়া মহিলা তথা সৰ্বশ্ৰেষ্ঠৰ খিতাপ লাভ কৰা মহিলাগৰাকীক নয়ডা আৰক্ষীয়ে এদিনৰ বাবে সহকাৰী আৰক্ষী আয়ুক্তৰ পদত অধিষ্ঠিত হোৱাৰ সুযোগ প্ৰদান কৰিব । আনহাতে, উচিত পৰামৰ্শ আগবঢ়াই শীৰ্ষ স্থান লাভ কৰা আন তিনিগৰাকী মহিলাক ৫ হাজাৰ টকা পৰ্যন্ত নগদ ধন পুৰস্কাৰ হিচাপে আগবঢ়াৱ নয়ডা আৰক্ষীয়ে ।

কৰ'ণা প্ৰতিষেধকৰ বাবে ভাৰতক ধন্যবাদ কানাডাৰ

আষ্ট্ৰাজিনেকা প্ৰতিষেধক অনুমোদন কৰাৰ এসপ্তাহ পাচত শেহতীয়াকৈ ভাৰতে কানাডাক ৫০০,০০০ ড'জ কোভিডৰ প্ৰতিষেধক প্ৰেৰণ কৰে । চলিত সপ্তাহত পুনৰ ৯৪৪,৬০ ড'জ প্ৰতিষেধক ভাৰতে কানাডালৈ প্ৰেৰণ কৰিব । ইয়াৰ ভিতৰত ৪৪৪,৬০০ ড'জ ফাইজাৰৰ আৰু ৫০০,০০০ ড'জ আষ্ট্ৰাজিনেকা প্ৰতিষেধক ।

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে ল'লে কৰ'ণা প্ৰতিষেধক

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে বৃহস্পতিবাৰে এইমছত COVID-১৯ ৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰে । প্ৰধানমন্ত্ৰীগৰাকীৰ উপৰিও তেওঁৰ পত্নী গুৰ চৰণ কৌৰেও গ্ৰহণ কৰে COVID-১৯ ৰ প্ৰথম পালি প্ৰতিষেধক ।

ৰাম জন্মভূমি চেৰিটেবল ট্ৰাষ্টৰ ভূমি ক্ৰয়

ৰাম জন্মভূমিৰ বাবে ভূমি ক্ৰয় কৰিলে ৰাম জন্মভূমি চেৰিটেবল ট্ৰাষ্টে ৷ ৰাম মন্দিৰ চৌহদৰ পৰিসৰ বৃদ্ধিৰ বাবেই ক্ৰয় কৰা হয় এই ভূমি ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.