ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা খবৰ - Top Ten at 9

9 বজাৰ শীৰ্ষ দহটা খবৰ

Top Ten at 9
9 বজাৰ শীৰ্ষ দহটা খবৰ
author img

By

Published : Oct 25, 2020, 9:00 AM IST

নেৰানেপেৰা বৰষুণে ম্লান পেলাইছে দুৰ্গা পূজাৰ উচ্ছাহ-উদ্দীপনা

ৰাজ্যত এফালে ক’ৰণা মহামাৰী আনফালে নেৰানেপেৰা বৰষুণৰ বাবে এই বেলি দুৰ্গা পূজাৰ মাদকতা ম্লান পেইলাইছে ৷ ধেমাজিৰ ঐতিহাসিক শ্ৰী শ্ৰী সাৰ্বজনীন বিষ্ণু মন্দিৰত পুৱা ভাগত কিছু ভক্তৰ সমাগম হৈছিল যদিও আবেলি পুনৰ সেৰেঙা হৈ পৰে । মহাষ্টমীৰ এনে পূজাৰ অভূতপূৰ্ব পৰিৱেশক লৈ বিষাদগ্ৰস্ত হৈ পৰিছে পূজা সমিতি আৰু ভক্তসকলৰ ।

অযোধ্যাত বলৱৎ কৰা হৈছে 144 ধাৰা

17 ডিচেম্বৰলৈকে অযোধ্যাত বলৱৎ কৰা হৈছে 144 ধাৰা ৷ জিলা দণ্ডাধীশ অনুজ কুমাৰ ঝাৰ মতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে অংশ ল’ব দ্বীপোৎসৱত আৰু উৎসৱৰ মাজতে কেইবাটাও গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত হ’ব ৷ এই কাৰ্যসূচীসমূহ যাতে নিয়াৰিকৈ অনুষ্ঠিত কৰিব পৰা যায়, তাৰ বাবেই সান্ধ্য আইন জাৰী কৰা হৈছে বুলি জনালে জিলা দণ্ডাধীশ গৰাকীয়ে ৷

পাণ্ডুৰ অষ্টমী পূজাত ভাগ ল'লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

অষ্টমীৰ পূজাত ভাগ ল'বলৈ মহানগৰীৰ পাণ্ডুত উপস্থিত হয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । পাণ্ডুৰ আটাইকেইখন পূজাস্থলীলৈ গৈ দেৱীৰ ওচৰত মূৰ দোৱাই সেৱা আগবঢ়াই মন্ত্ৰীগৰাকীয়ে । পাণ্ডু ৰেষ্টকেম্প কালীবাৰী, বৰ বজাৰ, পাণ্ডু আমেৰিকান কলনী, পাণ্ডু কেবিন আদিত পূজাস্থলীত দেৱীৰ আশিস লয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

ট্ৰাম্পক ভাৰতৰ শত্ৰু আখ্যা দিলে ভাৰতীয় মূলৰ আমেৰিকানে

বিডেন আৰু হেৰিছে ভাৰত তথা ভাৰতবাসীক ভালকৈ বুজি পায় বুলি মন্তব্য ভাৰতীয় মূলৰ আমেৰিকানৰ ৷ ট্ৰাম্পক ভাৰতৰ শত্ৰু আখ্যা অধিকাংশ ভাৰতীয় মূলৰ আমেৰিকানৰ ৷ বিডেন আৰু হেৰিছৰ দল শাসনলৈ আহিলে ভাৰত তথা আমেৰিকা উভয় দেশৰে অৰ্থনৈতিক অৱস্থাৰ উন্নতি হ'ব বুলিও ভাৰতীয় মূলৰ আমেৰিকান সকলে মন্তব্য প্ৰদান কৰে ৷

কলকাতাত 20 কোটি টাকাৰ মুল্যৰ হিৰ’ইন জব্দঃ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

কলকাতা আৰক্ষীয়ে চহৰখনৰ গাৰডেন ৰিচ অঞ্চলৰ এখন মালবাহী গাড়ীৰ পৰা 4 কেজিতকৈও অধিক হিৰ’ইন জব্দ কৰাৰ লগতে দুজনকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰে ৷ যাৰ মুল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত 20 কোটিতকৈও অধিক হ’ব ৷

নৈতিক অধঃপতনঃ মুম্বাইত যৌন নিৰ্যাতনৰ পৰা বাচি নগল কুকুৰেও

মুম্বাইৰ পাৱাই অঞ্চলত কুকুৰক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ ৷ ২২ অক্টোবৰত দুগৰাকী মহিলাই পাৱাইৰ গেলেৰীয় ম‘লৰ ওচৰত ন-বছৰীয়া কুকুৰটোৰ ৰক্তক্ষৰণ হোৱা লক্ষ্য কৰি অৱগত কৰিছিল আৰক্ষীক ।

নগাঁৱৰ হুজ ৰঙাগড়া পঞ্চায়তত ড্ৰাগছ আসক্ত যুৱকৰ তাণ্ডৱ

নগাঁও সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হুজ ৰঙাগড়া পঞ্চায়ত কাৰ্যালয়ত শনিবাৰে অনুষ্ঠিত হৈছিল এখন গাঁওসভা। এই গাঁওসভা অনুষ্ঠিত হৈ থকাৰ সময়তে কাষৰে এখন শ্মশানত ড্ৰাগছ সেৱন কৰি আছিল একাংশ উদণ্ড যুৱকে। গাঁওসভাৰ লোকসকলে এজন ড্ৰাগচ আসক্তক ধৰি আনি বাধা প্ৰদান কৰাৰ পিছতেই উত্তপ্ত হৈ পৰে অঞ্চলটোৰ পৰিস্থিতি।

হোজাইত ডাম্পাৰৰ অতপালিক লৈ উত্তপ্ত পৰিস্থিতি

হোজাই 2 নং ৰেল গেটৰ উৰণীয়া সেঁতু নিৰ্মানৰ কামত ব্যৱহৃত ডাম্পাৰ গাড়ীয়ে লংকেশ্বৰী নাট্য মন্দিৰৰ সমীপত মাটি পেলাবলৈ গৈ বৈদ্যুতিক তাঁৰ চিঙাক লৈ স্থানীয় ৰাইজে সৃষ্টি উত্তপ্ত পৰিস্থিতিৰ ৷

ক'ভিড প্ৰট'কল মানি মৰিগাঁৱত দূৰ্গাপূজা উদযাপন

মৰিগাঁৱত ক'ভিড প্ৰট'কল মানি দূৰ্গা পূজা উদযাপন ৷ 75 বৰ্ষ গৰকা মৰিগাঁও বাৰোৱাৰী পূজাত বিশেষ সতৰ্কতা অৱলম্বন ৷

বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়কৰ দ্বাৰা এম্বুলেঞ্চ মুকলি

বিধায়ক উন্নয়ন পূঁজিৰ ধনেৰে শনিবাৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ভক্তৰডবাত ৰাইজৰ বাবে মুকলি কৰিলে এখন এম্বুলেঞ্চ সেৱা ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.