ETV Bharat / state

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি - পুৱা 9 বজাৰ শীৰ্ষ বাতৰি

পুৱা 9 বজাৰ শীৰ্ষ বাতৰি

top ten at 9 am
পুৱা 9 বজাৰ শীৰ্ষ বাতৰি
author img

By

Published : Feb 24, 2022, 9:02 AM IST

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ আদালতৰ চমন জাৰি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আদালতে জাৰি কৰিছে চমন (Summons CM Himanta Biswa Sarma)। নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা সম্বন্ধীয় এক গোচৰত আদালতত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছে কামৰূপ মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশে ।

ৰায়দান সম্পন্ন নোহোৱালৈ শিক্ষানুষ্ঠানত হিজাবৰ পৰিৱৰ্তে পৰিধান কৰিব লাগিব ইউনিফৰ্ম !

উদুপী প্ৰাক-বিশ্ববিদ্যালয় ছোৱালী মহাবিদ্যালয়ৰ পৰা আৰম্ভ হোৱা হিজাব বিতৰ্কৰ বাবে প্ৰথমে কৰ্ণাটক আৰু পৰৱৰ্তী সময়ত সমগ্ৰ দেশতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এনে সময়তে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে হিজাব বিতৰ্ক সন্দৰ্ভত প্ৰদান কৰিলে অন্তৱৰ্তীকালীন নিৰ্দেশ (interim order on hijab row)৷

Majuli by election 2022: মাজুলীত নহয়, সোণোৱাল ব্যস্ত বিশাখাপট্টনমত

মাজুলীত এতিয়া বলি আছে উপ-নিৰ্বাচনৰ গৰম বতাহ ৷ তথাপি গৃহ সমষ্টিলৈ পাক এটা মৰাৰ সময় হোৱা নাই সমষ্টিটোৰ প্ৰাক্তন বিধায়ক সৰ্বানন্দ সোণোৱালৰ ৷ বুধবাৰেও দক্ষিণ ভাৰতৰ বিশাখাপট্টনমত ব্যস্ত থাকিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী (Sonowal busy in Visakhapatnam) ৷

Majuli by election: সোণোৱালে প্ৰাৰ্থী ভুবন গামৰ হৈ প্ৰচাৰ চলাবলৈ নোযোৱাৰ ৰহস্য কি ?

মাজুলীৰ উপ-নিৰ্বাচনৰ (Majuli by election 2022) প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে । ভুবন গামৰ হৈ প্ৰচাৰ চলাবলৈ মাজুলীত ভিৰ কৰিছে বিজেপিৰ শীৰ্ষ নেতাসকলে । কিন্তু অতি ঘনিষ্ঠ হোৱাৰ পাছতো বিজেপিৰ প্ৰাৰ্থী ভুবন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লোৱা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ৰাজ্যৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়া ।

Encounter at Gogamukh: এইবাৰ গোগামুখত এনকাউণ্টাৰ, গুলীবিদ্ধ এজন অপৰাধী

এইবাৰ ধেমাজিৰ গোগামুখত অসম আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হ’ল এজন অপৰাধী (Encounter at Gogamukh) ৷ গুলীবিদ্ধ অপৰাধীৰ নাম লখিমপুৰৰ মাইনুল আলি বুলি জানিব পৰা গৈছে ৷ আৰক্ষীলৈ গুলী চালনা কৰি পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে দিয়া গুলীৰ প্ৰত্যুত্তৰত আহত হয় অপৰাধী মাইনুল ৷

Disclaimer must in Crypto Ads : এপ্ৰিলৰ পৰা ক্ৰিপ্টো বিজ্ঞাপনত থাকিব লাগিব ডিচক্লেইমাৰ

ক্ৰিপ্টো কাৰেন্সীৰ স্থানান্তৰৰ ওপৰত ৩০ শতাংশ কৰ আৰোপ কৰাৰ পাছতেই সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে আলোড়নৰ । আনহাতে বিজ্ঞাপন দাতাসকলে ক্ৰিপ্টো কাৰেন্সীৰ আৰু আন আন ডিজিটেল সম্পদৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত "অনিয়ন্ত্ৰিত আৰু অত্যন্ত বিপদজনক হ'ব পাৰে" বুলি ডিচক্লেইমাৰ দিব লাগিব বুলি কোৱা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে (unregulated disclaimer in crypto must)৷

'অযোধ্যাত শীঘ্ৰেই নিৰ্মাণ হ'ব ৰামমন্দিৰ':যোগী আদিত্যনাথ

উত্তৰপ্ৰদেশৰ নিৰ্বাচনকলৈ(UP Assembly election 2022) তৎপৰ বিজেপি। নিৰ্বাচনী প্ৰচাৰ সভাত জনতাক সম্বোধন যোগী আদিত্যনাথৰ। শীঘ্ৰেই অযোধ্যাত ৰামমন্দিৰ নিৰ্মাণৰ কথা ঘোষণা যোগীৰ। সমাজবাদী পাৰ্টীক তীব্ৰ কটাক্ষ যোগীৰ। বিধানসভা নিৰ্বাচনত সমাজবাদী পাৰ্টীৰ চকা পাংচাৰ কৰিব যোগীয়ে।

Urban local bodies election: নাগালেণ্ডত লিংগ সমতাক আওকাণ কৰা হৈছে : উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে নাগালেণ্ড চৰকাৰক ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া নগৰ পালিকা নিৰ্বাচনৰ সৈতে জড়িত লিংগ সমতাৰ ক্ষেত্ৰত নিৰ্বাচনী প্ৰতি সঁহাৰি নিদিয়াৰ বাবে প্ৰশ্ন উত্থাপণ কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু এম এম সুন্দ্ৰেশৰ বিচাৰপীঠে(SC pulls up Nagaland govt) ।

Bangladesh Film Festival: ত্ৰিপুৰাত আৰম্ভ বাংলাদেশ চলচিত্ৰ মহোৎসৱ

দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বাংলাদেশ চলচ্চিত্ৰ মহোৎসৱ (Bangladesh Film Festival begins) । ক’ভিড পৰিস্থিতিৰ বাবে বাতিল হোৱা বাংলাদেশ চলচিত্ৰ মহোৎসৱ দুবছৰৰ পাছত এইবাৰ পুনৰ অনুষ্ঠিত হৈছে । ত্ৰিপুৰাৰ আগৰতলাত বাংলাদেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী মুহাম্মাদ হাছান মাহমুদে উদ্বোধন কৰিলে দুদিনীয়া মহোৎসৱখনি ।

Gangubai Kathiawadi Controversy: মুক্তিৰ 2 দিন পূৰ্বে আইনী জঁটত 'গঙ্গুবাই কাথিয়াৱাড়ী'

আলিয়া ভাট অভিনীত গঙ্গুবাই কাথিয়াৱাড়ী মুক্তিৰ মাত্ৰ দুদিন পূৰ্বে আইনী জঁটত সোমাই পৰিছে । গঙ্গুবাইৰ পৰিয়াল আৰু কামথিপুৰাৰ লোকসকলে ছবিখনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে(Gangubai Family against movie Gangubai Kathiawadi) ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.