ETV Bharat / state

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

author img

By

Published : Jan 31, 2021, 9:04 AM IST

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

কিহৰ বাবে লুৰিণ-অখিলৰ সঁহাৰি বিচাৰিলে গৌৰৱ গগৈয়ে ?

গোলাঘাট জিলা কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি দাদু টায়েক আদৰণি জনোৱা অনুষ্ঠানত অংশগ্ৰণ কৰি লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈলৈ বিশেষ আহ্বান জনাইছে সাংসদ গৌৰৱ গগৈয়ে ৷ নেতা দুগৰাকীৰ সঁহাৰিলৈ বাট চাইছে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে ৷ কিন্তু কিহৰ বাবে দুই গগৈলৈ আহ্বান জনাইছে গৌৰৱ গগৈয়ে ?

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত নিহত বনকৰ্মী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত অগৰাতলী ৰেঞ্জৰ চিগা নামৰ অঞ্চলত গঁড়ৰ আক্ৰমণত নিহত বনকৰ্মী ৷ নিহত বনকৰ্মীজনৰ নাম মহেশ্বৰ হাজৰিকা ৷

লখিমপুৰত তিনিটা ক্ৰীড়া প্ৰকল্পৰ শুভ উদ্বোধন

লখিমপুৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভ উদ্বোধন কৰিলে তিনিটা ক্ৰীড়া প্ৰকল্পৰ ৷ প্ৰকল্প কেইটাৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু ৷

অইলৰ দুই অপহৃত বিষয়াক লৈ আলফা(স্বা)ৰ প্ৰেছ বিবৃতি

কুইপ’ তৈল প্ৰতিষ্ঠান আৰু আলফা (স্বা)আৰু NSCNৰ মাজৰ সংঘাত নিস্পত্তি কৰি দুয়োগৰাকী বিষয়াক মুকলি কৰি নিয়াৰ বিপৰীতে অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে বিলম্বিত কৌশল প্ৰয়োগ কৰি তেওঁলোকৰ উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এই অভিযানত দুয়োগৰাকী বিষয়াক জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে হত্যা কৰি ইয়াৰ সম্পূৰ্ণ দায়িত্ব আলফা(স্বা)ৰ ওপৰত জাপি দিব বিচৰা বুলি অভিযোগ উত্থাপন কৰিছে আলফা(স্বা)য়ে ৷

কিয় দিছিল নাম কৰ্তনৰ নিৰ্দেশঃ পুণৰ NRC কৰ্তৃপক্ষক জাননী উচ্চতম ন্যায়ালয়ৰ

এটা বিতৰ্কিত নিৰ্দেশৰ বাবে পুণৰবাৰ উচ্চতম ন্যায়ালয়ৰ ৰোষত পৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষ । আশ্চৰ্যকৰভাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছতো ৰাজ্যিক সমন্বয়ক গৰাকীয়ে সকলো জিলাৰ উপায়ুক্তলৈ জাৰি কৰিছিল এক নিৰ্দেশ ।

ডিব্ৰুগড়ত অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন বৰ্ডৰ উল্লেখণীয় পদক্ষেপ

ডিব্ৰুগড় জিলা অন্যান্য পিছপৰা শ্ৰেনী উন্নয়ন বৰ্ডে মৰাণ সমষ্টিৰ চেপনত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰিলে বহীৰ লগতে পঢ়াৰ সামগ্ৰী ।

ট্ৰেক্টৰ ৰেলী হিংসাৰ পিচত দিল্লী আৰক্ষীৰ জালত 84 জন

গণৰাজ্য দিৱসত উলিওৱা ট্ৰেক্টৰ ৰেলীৰ পাচতে লালকিল্লাৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা কৃষকৰ বিৰুদ্ধে 38টা গোচৰ ৰুজু কৰি 84 জনক আটক কৰিছে দিল্লী আৰক্ষীয়ে ৷

ৰাম মন্দিৰলৈ সংখ্যালঘু সম্প্ৰদায়ৰ 5 লাখৰ অনুদান

উচ্চতম ন্যায়ালয়ে অয্যোধাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰাৰ পিছতেই এতিয়া সমগ্ৰ ৰাজ্যুজুৰি মন্দিৰ নিৰ্মাণৰ বাবে দান সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে ৷ তাৰ মাজতে মুম্বাইৰ চাইন অঞ্চলত, মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ লগতে দুটাকৈ বে-চৰকাৰী সংগঠনে 5 লাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াইছে ৷

নতুন বিশ্ব ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব ভাৰতে: মোদী

ক’ভিড 19 মহামাৰীৰ পিছৰ পৰ্যায়লৈ ঢাল খাবলৈ নতুন বিশ্ব ব্যৱস্থাক কিছু সময়ৰ প্ৰয়োজন হ’ব ৷ এইক্ষেত্ৰত ভাৰতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব ৷ এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷

ক'ভিড প্ৰট'কলৰ মাজেৰেই অনুষ্ঠিত শ্ৰী গাভিচিদ্দেশ্বৰ যাত্ৰা
প্ৰতিবছৰে 10 হাজাৰ লোকে অংশ গ্ৰহণ কৰি অহা কৰ্ণাটকৰ শ্ৰী গাভিচিদ্দেশ্বৰ যাত্ৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ল ৷ সকলো ক'ভিড প্ৰট'কল মানি মহামাৰীৰ পাচত ৰাজ্যখনত অনুষ্ঠিত হ'ল এই বিশাল যাত্ৰা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.