ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি - ETV Bharat top news

5 বজাৰ শীৰ্ষ দহটা বাতৰি

5 বজাৰ শীৰ্ষ দহটা বাতৰি
5 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Sep 7, 2022, 5:01 PM IST

লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ দেৱ চৌধুৰীলৈ ন্যায়াধীশ শৰ্মা আয়োগৰ জাননী

2014 চনত অসম লোকসেৱা আয়োগৰ পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত আছিল ভাৰত ভূষণ দেৱ চৌধুৰী ৷ সেই বছৰতে আয়োগৰ তদানীন্তন অধ্যক্ষ ৰাকেশ পালৰ নেতৃত্বত লোকসেৱা আয়োগত সংঘটিত হৈছিল ব্যাপক নিযুক্তি কেলেংকাৰী ৷

টুইটাৰে Delete কৰিলে বিএছএফৰ ভুৱা একাউণ্ট

দেশত চাইবাৰ অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে । এইবাৰ BSFৰ নামত ভুৱা টুইটাৰ একাউণ্ট খুলিলে দুষ্টচক্ৰই (BSF fake account)। অৱশ্যে সঠিক সময়ত ডিলিট কৰি দিয়া হ'ল একাউণ্টটো ।

দৰঙত ঘোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল

দৰং জিলাৰ পাথৰিঘাট চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডলক গ্ৰেপ্তাৰ ৷ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰিল খোচখোৰ মণ্ডল ৷

দুৰ্নীতিগ্ৰস্ত সকলো বিষয়া-কৰ্মচাৰী, নেতা-পালিনেতাক সকিয়নী প্ৰমোদ বড়োৰ

পূৰ্বৰ বিটিআৰ চৰকাৰ আমোলত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সৰব বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ৷ দুৰ্নীতি সংঘটিত কৰি কোনোৱেই সাৰি যাব নোৱাৰিব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ৷ বিষয়া হওক, নেতা হওক অথবা যিয়েই নহওক দুৰ্নীতি কৰিলে জালত পৰিবই বুলি সকিয়নী দিয়ে প্ৰমোদ বড়োৱে (BTR chief Pramod Boro)৷

NLA ৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হ’ল যুৱক

ডিমা হাছাও জিলাৰ এখন কাঠৰ মিলৰ মালিকক 50 লাখ টকা দাবী কৰি গ্ৰেপ্তাৰ হ’ল মাইবাং মহকুমাৰ পুৰণা ডাকলিং গাঁৱৰ যুৱক সুজিত লাংথাচা (one arrest for demanding money) ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, সুজিত লাংঠাছা কোনো সংগঠনৰ সদস্য নহয় ৷

BREAKING NEWS: লংকাত ট্ৰাকৰ চেপাত প্ৰাণ গ’ল এগৰাকী মহিলাৰ, উত্তপ্ত লংকা বজাৰ

হোজাই জিলাৰ লংকা বজাৰৰ সন্মূখত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Lanka) ৷ ট্ৰাকৰ চেপাত মৃত্যু এগৰাকী মহিলাৰ ৷ ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে আটক কৰিছে চালকজনক ৷

এইবাৰ ধুবুৰী, বৰপেটা, কলিয়াবৰ অগপক এৰি নিদিয়ে বিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কলিয়াবৰ (Central Minister Sarbananda Sonowal) সমষ্টি পুণৰুদ্ধাৰৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে বৰপেটাৰ দায়িত্ব সাংসদ ভুৱনেশ্বৰ কলিতাক আৰু ধুবুৰীৰ দায়িত্ব সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ ওপৰত ন্যস্ত কৰা হৈছে ৷ বিজেপিৰ এনে তৎপৰতাই পৰিস্কাৰ ইংগিত দিছে যে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে এই তিনিখন আসনৰ এখনো যোৱাবাৰৰ দৰে এইবাৰ অগপক এৰি নিদিয়ে ৷

উদ্ধাৰ হ’ল নগাঁও চিকিৎসালয়ৰ পৰা বিক্ৰী হোৱা শিশু দুটি

অৱশেষত উদ্ধাৰ চিকিৎসালয়ৰ পৰা নিৰুদ্দিষ্ট হোৱা শিশু দুটি (Nagaon child recovered news) ৷ লগতে পৰিচয় উদ্ধাৰ হয় অগ্নিদগ্ধ হৈ নগাঁও চিভিলত মৃত্যু হোৱা মহিলাগৰাকীৰ ৷

কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে শপত ল'লে অধ্যাপক ড০ ৰমেশ চন্দ্ৰ ডেকাই

তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ জ‍্যেষ্ঠ অধ‍্যাপক হিচাপে পূৰ্বে ড০ ৰমেশ চন্দ্ৰ ডেকাই কাৰ্যনিৰ্বাহ কৰিছিল । কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিয়াৰ পাছত আজি তেওঁ শপত গ্ৰহণ কৰে। এগৰাকী অত‍্যন্ত সহজ, সৰল, প্ৰখৰ মেধাসম্পন্ন, সুন্দৰ মনৰ মানুহ হিচাপে পৰিচিত ড০ ৰমেশ চন্দ্ৰ ডেকা এগৰাকী ভাল বেহেলা বাদকো ।

৯ ছেপ্টেম্বৰত পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানৰ বাবে সাজু প্ৰশাসন

পাভ সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ তৰফৰ পৰা চলোৱা হ’ব উচ্ছেদ অভিযান (Eviction drive to Pabha Reserve Forest) । উচ্ছেদৰ পূৰ্বেই নিজ নিজ ঘৰ-বাৰী এৰি ঢাপলি মেলিছে বনাঞ্চলত বাস কৰা অবৈধ লোকসকল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.