ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

top ten at 5 PM
পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Oct 18, 2020, 5:00 PM IST

মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব পদত বহিব কোন !

বিগত প্ৰায় এমাহেই খালি হৈ আছে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰ গুৰুত্বপূৰ্ণ আসনখন । পৰৱৰ্তী প্ৰধান সচিব পদৰ বাবে চৰ্চিত হৈছে কেইবাজনো শীৰ্ষ আমোলাৰ নাম । ৰাজধানী দিছপুৰত এতিয়া সবাটোকৈ চৰ্চাৰ বিষয়টো হ'ল কোন হ’ব মুখ্যমন্ত্ৰীৰ পৰবৰ্তী প্ৰধান সচিব ৷

পূৰ্বৰ দৰে মৃৎশিল্পীৰ মাজত নাই পূজাৰ উচাহ

কৰ’ণাৰ সংক্ৰমণৰ বাবে ৰাজ্যবাসীৰ মাজত পূৰ্বৰ দৰে নাই কোনো উৎসাহ-উদ্দীপনা ৷ শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ মৃৎ শিল্পীসকলৰ ক্ষেত্ৰতো দেখা গৈছে এক মৰ্মান্তিক পৰিৱেশ ৷

মুনীন বৰকটকী বিশেষ মান্যতা বঁটা ঘূৰাই দিয়াৰ সিদ্ধান্ত গল্পকাৰ পংকজ কুমাৰ দত্তৰ

2015 চনত ‘ফুগু মাছ মাছুৱৈ’ গল্প সংকলনৰ বাবে মুনীন বৰকটকী বিশেষ মান্যতা বঁটা লাভ কৰাৰ পাচত এই বঁটা ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছে গল্পকাৰ পংকজ কুমাৰ দত্তই ৷ মুনীন বৰকটকী স্মাৰক ন্যাসৰ ন্যাসৰক্ষী মীনাক্ষী বৰকটকীৰ আচৰণত ক্ষুব্ধ হৈ এই বিশেষ বঁটা ঘূৰাই দিব বুলি মন্তব্য কৰে গল্পকাৰ দত্তই ৷

ভাৰতৰ ভিন্ন ৰাজ্যত কোভিড 19 ৰ শেহতীয়া তথ্য

ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 74,94,551 গৰাকীলৈ বৃদ্ধি হৈছে ৷ এই পৰ্যন্ত ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ পিছত আৰোগ্য লাভ কৰিছে প্ৰায় 65 লাখ লোকে ৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷

বৰাকত অসম গণ যুৱ পৰিষদৰ সংবাদমেল

আগন্তুক বিধানসভাৰ নিৰ্বাচনত বৰাক ভেলীত অসম গণ পৰিষদৰ ৰাজনৈতিক ভেটি শক্তিশালী কৰাৰ লগতে মিত্ৰজোঁট গঠনৰ ক্ষেত্ৰত বিজেপিৰ পৰা বৰাক উপত্যকাৰ বাবে 5 খনকৈ আসন দাবী কৰা হ'ব বুলি প্ৰকাশ ৷

মৰাণত চোৰৰ কৱলৰ পৰা উদ্ধাৰ তিনিজনীকৈ গাই গৰু

মৰাণৰ পানীদিহিং মৌজাৰ পশ্চিম পানীদিহিঙত গৰু চোৰৰ ত্ৰাস ৷ 15 অক্টোবৰত এজান্তি গাঁৱৰ তিনিজনীকৈ গাই গৰু চুৰি কৰিছিল চোৰে ৷ দেওবাৰে স্থানীয় গাঁওৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰে গৰু তিনিজনী ৷

বিশ্ব ক্ষুধা সূচক 2020 ৰ তালিকাত ভাৰতৰ স্থান 107 খন দেশৰ ভিতৰত 94

Global Hunger Index 2020 ৰ তথ্য অনুসৰি, 107 খন দেশৰ ভিতৰত ভাৰতৰ স্থান 94 ৷ শেহতীয়াকৈ সংস্থাটোৱে প্ৰকাশ কৰিছে প্ৰতিবেদন ৷ সংস্থাটোৰ প্ৰতিবেদন অনুসৰি, 27.2 নম্বৰৰ সৈতে ভাৰতত 14 শতাংশ লোকে পুষ্টিহীনতাত ভুগিব লগা হৈছে ৷

পাৰিবাৰিক কাজিয়াৰ বাবে দাৰ ঘাপত এজন আহত

পাৰিবাৰিক কন্দলৰ বাবে দলগাঁৱত দাৰ ঘাপত গুৰুতৰভাৱে আহত হ'ল এগৰাকী লোক ৷ দৰঙৰ দলগাঁৱৰ বিলপাৰত এই ঘটনা সংঘটিত হৈছে ৷ আহত লোক গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ ৷

অসম ত্ৰিপুৰা সীমান্তত মাস্ক এনফৰ্চমেন্ট দিৱস

ক'ৰণা অতিমাৰীৰ পৰা ৰক্ষা পাবলৈ মাস্ক এনফৰ্চমেন্ট দিৱস পালন ৷ ত্ৰিপুৰা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি অসম - ত্ৰিপুৰা সীমান্তৱৰ্তী কোদমতলাত মাস্ক এনফৰ্চমেন্ট দিৱস পালন ৷ কোদমতলাৰ খণ্ড উন্নয়নৰ অধিকাৰীৰ লগতে কোদমতলা আৰক্ষীয়েও এই অভিযানত যোগ দিয়ে ৷

মহিন্দ্ৰা ফাইনেঞ্চৰ কাৰ্যালয়ত আটাছুৰ তলা

ধেমাজিৰ মহিন্দ্ৰা ফাইনেঞ্চৰ কাৰ্যালয়ত তলা ওলমালে আটাছু (টাই আহোম ছাত্ৰ সন্থা)য়ে ৷ কাৰ্যালয়টোৰ এগৰাকী কৰ্মচাৰীৰ আকস্মিক মৃত্যক লৈ টাই আহোম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ কাৰ্যকৰ্তাৰ এই ক্ষোভ ৷ মৃত কৰ্মচাৰী গৰাকীৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণৰ দাবী আটাছুৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.