ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি... - Top Ten at 3 PM

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...

Top Ten at 3 PM
তিনি বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Oct 18, 2020, 3:02 PM IST

ন্যায়ৰ অপেক্ষাত 15 বছৰ অতিক্ৰম কৰিলে কাৰ্বি-ডিমাছা সংঘাতৰ ভুক্তভোগীয়ে

2005 চনৰ 17 অক্টোবৰত কাৰ্বি আৰু ডিমাছা সম্প্ৰদায়ৰ মাজত হোৱা ভাতৃঘাটি সংঘাতৰ সুযোগ লৈ সংঘটিত হৈছিল পশ্চিম কাৰ্বি আংলঙৰ ছাৰচিম-প্ৰিচেকত এক শিহৰণকাৰী গণহত্যাৰ ঘটনা । এই গণহত্যাত অচিনাক্ত দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱাইছিল শিশু-মহিলাকে ধৰি 41 গৰাকীকৈ নিৰীহ লোকে । দেওবাৰে আয়োজন কৰা শোঁক দিৱস কাৰ্যসূচীৰ জৰিয়তে মৌন প্ৰাৰ্থনা-শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙসহ কাৰ্বি পৰিষদৰ বৃহৎ সজাতি দলৰ লগতে বিভিন্ন দল সংগঠন আৰু অন্য ৰাজনৈতিক দলসমূহে ।

পহিলা ডিচেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব অসম ৰাজ‍্যিক চিৰিয়াখানা

প্ৰায় সাত মাহৰ অন্তত পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান ৷ দুটাকৈ বাঘৰ পোৱালী, এটা বাঘৰ পোৱালী আৰু এটা জলহস্তীৰ পোৱালী হ'ব আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷

অসমৰ সংৰক্ষিত বনাঞ্চলত চকু মিজো আগ্ৰাসনকাৰীৰ

লক ডাউনৰ সুযোগ লৈ মিজোৰামৰ মামিট জিলাৰ সীমান্তৱৰ্তী মিজো লোক সকলে ৰাতাবাৰী সমষ্টিৰ বৰভুবি এলেকাত সিংলা সংৰক্ষিত বনাঞ্চলত অসমৰ মাটি দখল কৰি জুম খেতি কৰাৰ লগতে পুখুৰী খান্দিছিল ৷ আনকি অসমৰ মাটিত ঘৰ পৰ্যন্ত নিৰ্মাণ কৰিছিল । তাৰোপৰি এম জি এনৰেগা আঁচনিৰ এখন ছাইনব'ৰ্ড অসমৰ মাটিত লগাই দিছিল মিজো লোকসকলে ।

NEET পৰীক্ষাত দেশৰ ভিতৰত 1546 স্থান লৈ উত্তীৰ্ণ গোৱালপাৰাৰ ছাত্ৰ

দেশৰ ভিতৰত 1546 স্থান লৈ NEET পৰীক্ষাত উত্তীৰ্ণ গোৱালপাৰাৰ ছাত্ৰ ৷ গৃহ জিলাৰ লগতে শিক্ষানুষ্ঠানত শিক্ষাৰ্থী গৰাকীক সম্বৰ্ধনা জ্ঞাপন ৷

মৰিগাঁৱত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

কাতি বিহুৰ আনন্দ উল্লাসৰ মাজতে মৰিগাঁৱত নৱজাতকৰ মৃতদেহ উদ্ধাৰ ৷ মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বঘৰাৰ মৰিগাঁও- জাগীৰোড পথৰ দাঁতিত মৃতদেহটো উদ্ধাৰ ৷ কোনো লোকে নিশাৰ ভাগত শিশুটিক পথৰ দাঁতিত পেলাই থোৱাৰ যোৱাৰ সন্দেহ ৷

সেনাৰে হোৱা সংঘৰ্ষত এন.এছ.চি.এন(কে-ৱাই)ৰ এজন চাৰজেন্ট মেজৰৰ মৃত্যু

অসম ৰাইফলছ টিৰাপৰ খুনছাৰ 6নং বেটেলিয়ান আৰু লংডিং আৰক্ষীয়ে চলোৱা এই অভিযানত উগ্ৰপন্থীজনৰ সংঘৰ্ষ স্থলীতে মৃত্যু হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

বিগত 7 দিন ধৰি সন্ধানহীন লখিমপুৰৰ মহিলা

বিগত 7 দিন ধৰি সন্ধানহীন লখিমপুৰৰ মহিলা ৷ বগীনদীলৈ বিশেষ কামলৈ বুলি ওলাই গৈ ঘৰলৈ উভতি অহা নাই মহিলা গৰাকী ৷ ঘটনা সন্দৰ্ভত স্বামীৰ এজাহাৰ দাখিল ৷

বিশ্ব ক্ষুধা সূচক 2020 ৰ তালিকাত ভাৰতৰ স্থান 107 খন দেশৰ ভিতৰত 94

Global Hunger Index 2020 ৰ তথ্য অনুসৰি, 107 খন দেশৰ ভিতৰত ভাৰতৰ স্থান 94 ৷ শেহতীয়াকৈ সংস্থাটোৱে প্ৰকাশ কৰিছে প্ৰতিবেদন ৷ সংস্থাটোৰ প্ৰতিবেদন অনুসৰি, 27.2 নম্বৰৰ সৈতে ভাৰতত 14 শতাংশ লোকে পুষ্টিহীনতাত ভুগিব লগা হৈছে ৷

মহিন্দ্ৰা ফাইনেঞ্চৰ কাৰ্যালয়ত আটাছুৰ তলা

ধেমাজিৰ মহিন্দ্ৰা ফাইনেঞ্চৰ কাৰ্যালয়ত তলা ওলমালে আটাছু (টাই আহোম ছাত্ৰ সন্থা)য়ে ৷ কাৰ্যালয়টোৰ এগৰাকী কৰ্মচাৰীৰ আকস্মিক মৃত্যক লৈ টাই আহোম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ কাৰ্যকৰ্তাৰ এই ক্ষোভ ৷ মৃত কৰ্মচাৰী গৰাকীৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণৰ দাবী আটাছুৰ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.