ETV Bharat / state

বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Aug 23, 2020, 3:11 PM IST

বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি

Top ten at 3 PM
বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি

ধেমাজিত জীয়াঢল নদীত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

নদীত গা ধুই থাকোতেই অৰিন্দম বৰুৱা(২৪) আৰু ভূপেন্দ্ৰ নৰহ(২৪) নামৰ যুৱক দুজন হঠাত নদীত সন্ধানহীন হৈ পৰে ৷ ঘটনাৰ পিছতেই আৰক্ষী আৰু উদ্ধাৰকাৰী দলে উপস্থিত হৈ অভিযান চলাই যদিও মৃতদেহ উদ্ধাৰত বিফল হয় ৷

জোনাইত বিয়াগোম জলসম্পদ বিভাগৰ পঁয়ালগা ছবি

বিগত তিনিবছৰে ঘৰ ভাড়া দিব নোৱাৰাত জলসম্পদ বিভাগৰ জোনাই উপ-সংমণ্ডল কাৰ্যালয়ৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ লগতে মেৰামতি অভাৱত জৰাজীৰ্ণ আৰু ভগা-ছিগা ভাড়াঘৰত বহু সমস্যাৰ মাজেৰে বিভাগীয় কাম-কাজ সম্পন্ন কৰি আহিছে।তদুপৰি ভগা-ছিগা তথা জৰাজীৰ্ণ কাৰ্যালয় ঘৰটোত কোনো নিৰাপত্তা নোহোৱাৰ লগতে বিষয়া-কৰ্মচাৰী সকলে বহি কাম- কাজ চলাই নিবলৈও কোঠাৰ অভাৱ। কৰ্মচাৰীৰ অভিযোগ, সমগ্ৰ ঘটনাৰ সন্দৰ্ভত জোনাই উপসংমণ্ডল জলসম্পদ বিভাগে ভাড়াত চলি থকা কাৰ্যালয়ৰ ঘৰ ভাড়া বিচাৰি চৰকাৰক তিনি বছৰে বহুবাৰ পত্ৰ প্ৰেৰণ কৰাৰ পিছতো কোনো ফল নধৰিল।

অশোক গয়াৰীৰ বাহনত কৰা আক্ৰমণত জড়িত নহয় বিপিএফ: গিলবাৰ্ট বৰগয়াৰী

শুকুৰবাৰে অন্যতম ৰাজনৈতিক দল ইউপিপিএলৰ নেতা অশোক গয়াৰীৰ ব্যক্তিগত বাহনত কৰা আক্ৰমণৰ ঘটনাত বিপিএফ দল জড়িত থকাৰ অভিযোগ উত্থাপন কৰা হৈছিল ৷ উক্ত অভিযোগ খণ্ডন কৰিবলৈ ঘটনাটোৰ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ব্লক বিপিএফৰ উপ-সভাপতি গিলবাৰ্ট বৰগয়াৰীয়ে ৷

বিধ্বস্ত পথৰ বাবে জীয়াতু ভুগিছে বঢ়মপুৰ সমষ্টিৰ নিজকামপুৰবাসীয়ে

বঢ়মপুৰ সমষ্টিৰ নিজকামপুৰ পঞ্চায়তৰ বাসিন্দা সকলে এটা বিধ্বস্ত পথক লৈ দীৰ্ঘদিনে জীয়াতু ভুগিবলগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰে ৷ ইয়াৰ বাবে তেওঁলোকে জগৰীয়া কৰে স্থানীয় জন প্ৰতিনিধি সকলক ৷

কেন্দ্ৰক JEE আৰু NEET পৰীক্ষাসমূহ বাতিলৰ অনুৰোধ মনিশ ছিছ'দিয়াৰ

সমগ্ৰ বিশ্বৰ শিক্ষা প্ৰতিষ্ঠানসমূহে নামভৰ্তিকৰণৰ নতুন পদ্ধতি গ্ৰহণ কৰিছে ৷ গতিকে তেনেধৰণৰ এক ব্যৱস্থা আমি ভাৰতত ল'ব নোৱাৰো নেকি? প্ৰৱেশিকা পৰীক্ষাৰ নামত শিক্ষাৰ্থীৰ জীৱনৰ লগত হেতালি কৰাটো কিমান দূৰ গ্ৰহণযোগ্য বুলিও মন্তব্য কৰে ছিছ'দিয়াই ৷

বিগত এমাহে বান-খহনীয়াৰ কবলত চিৰাঙৰ মাদাৰপুৰ গাঁও

বিগত এমাহে বান-খহনীয়াৰ কবলত পৰা চিৰাঙৰ মাদাৰপুৰ গাঁৱৰ বাসিন্দাসকলৰ মাজত সম্প্ৰতি সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতিৰ ৷ এই পৰ্যন্ত চৰকাৰৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ পৰাও তেওঁলোকে পোৱা নাই কোনো সঁহাৰি ৷

দেশবাসীক "নুৱাখাই জুহাৰ"ৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী তথা উপ-ৰাষ্ট্ৰপতিৰ

নুৱাখাই জুহাৰ হৈছে এক কৃষি ভিত্তিক উৎসৱ ৷ নুৱাখাই জুহাৰ দুটা শব্দৰ মিশ্ৰণ ৷ "নুৱা" মানে হৈছে "নতুন" আৰু "খাই" ৰ অৰ্থ "খোৱা" ৷ এই দিনটোত সকলোৱে পূজা-অৰ্চনা কৰি বিশেষ খাদ্য তৈয়াৰ কৰে ৷

লক ডাউনে সলনি কৰিলে দুল আলীৰ জীৱনৰ গতিপথ

আলীয়ে পূৰ্বতে গৰুৰ ব্যৱসায় কৰি পোহপাল দিছিল পৰিয়ালক ৷ কিন্তু কৰ'ণাৰ সংক্ৰমণৰ বাবে চৰকাৰে ঘোষণা কৰা লক ডাউনত এই ব‍্যৱসায় বন্ধ হৈ পৰাত পৰিয়াল পোহপাল দিবলৈ বাৰুকৈয়ে সমস্যাৰ সন্মুখীন হৈছিল ব্যক্তিগৰাকী ৷ বিশেষকৈ ঘৰে-ঘৰে গৰু বিচাৰি যোৱাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছিল ব্যক্তিগৰাকী ৷ কিয়নো সেই সময়ত ৰাজ্যত জাৰি কৰা হৈছিল লক ডাউন ৷

এৰী-মূগা পালনৰ জৰিয়তেও হ'ব পাৰি স্বাৱলম্বী !

কভিড-19 মহামাৰীয়ে বিশ্ব বজাৰ স্তব্ধ কৰাৰ সময়তে মৰিগাঁও সহকাৰী ৰেচম সঞ্চালক বিভাগে সদৰী কৰিছে বিশ্ব বাণিজ্য ক্ষেত্ৰখন দখল কৰাৰ এক বিশেষ কৃষি আঁচনি ।

ছয়গাঁৱৰ জোৰশিমুলিত ব্ৰহ্মপুত্ৰত নিৰুদ্দেশ এটি শিশু

ছয়গাঁও সমষ্টিৰ জোৰশিমুলিত অঘটন। ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন শিশু। শিশুটিৰ নাম ছুৰুজ আলী (৪ বছৰ)। ইতিমধ্যে এছ ডি আৰ এফ বাহিনীয়ে ৰাতিপুৱাৰ পৰা সন্ধান চলাইছে যদিও বৰ্তমানলৈ শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.