ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

Top Ten at 1 PM
দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Nov 8, 2020, 12:59 PM IST

বিডেনৰ জয় লাভ : ইয়াৰ পাচত কি ?

ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক পৰাজিত কৰি সংযুক্ত ৰাষ্ট্ৰৰ 46 তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ল ডেমক্ৰেট প্ৰাৰ্থী জ' বিডেন ৷ ক'ৰণা অতিমাৰীৰ দ্বাৰা প্ৰভাৱিত আৰু অৰ্থনৈতিক তথা সামাজিক অস্থিৰতাৰে আগুৰি ৰখা ৰাষ্ট্ৰখনক নেতৃত্ব দিয়াৰ বাবে শনিবাৰে জ' বিডেন ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত হয় ৷ কিন্তু এতিয়াই সমাপ্ত হোৱা নাই যুক্তৰাষ্টৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ অন্তিমটো পৰ্যায় ৷

ময়েই শেষগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি নহওঁ : কমলা হেৰিছ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিচতেই নিজৰ শক্তিশালী অনুপ্ৰেৰণামূলক ভাষণত মহিলাসকলক ধন্যবাদ জ্ঞাপন কৰে হেৰিছে ৷ আমেৰিকাৰ হোৱাইট হাউছত দ্বিতীয় সৰ্বোচ্ছ পদত অধিস্থিত হোৱা তেওঁ প্ৰথমগৰাকী মহিলা যদিও তেৱেঁই শেষৰগৰাকী নহয় বুলি কয় ৷

মই সকলো আমেৰিকানৰ ৰাষ্ট্ৰপতি হ'ম : জ' বিডেন

"মোৰ বাবে ভোট কৰক বা নকৰক মই নিজকে সকলো আমেৰিকানৰ ৰাষ্ট্ৰপতি বুলি ভাবিম ৷" সংযুক্ত ৰাষ্ট্ৰৰ 46 তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ এই মন্তব্য জ' বিডেনৰ ৷ সংযুক্ত ৰাষ্ট্ৰক নেতৃত্ব দিবলৈ নিৰ্বাচন কৰাৰ বাবে ৰাষ্ট্ৰবাসীক ধন্যবাদ জ্ঞাপন বিডেনৰ ৷

আমেৰিকানসকলে এক নতুন দিগন্তৰ সূচনা কৰিলে : কমলা হেৰিছ

আমেৰিকাৰ গণতন্ত্ৰৰ ইতিহাসত নতুন দিগন্তৰ সূচনা কৰি প্ৰথমবাৰৰ বাবে হোৱাইট হাউচলৈ নিৰ্বাচিত হ'ল এগৰাকী ভাৰতীয় মুলৰ কৃষ্ণাংগ আমেৰিকান মহিলাই ৷ শনিবাৰে ইতিহাস ৰচনা কৰি আমেৰিকাৰ ইতিহাসৰ প্ৰথমগৰাকী মহিলা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় কমলা হেৰিছ ৷

সোমবাৰে নিৰ্ধাৰণ হ'ব অৰ্ণৱৰ জামিন আবেদনৰ ৰায়

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ অন্তৱৰ্তীকালীন জামিন আবেদন সন্দৰ্ভত সোমবাৰে শুনানি গ্ৰহণ কৰিব বোম্বে উচ্চ ন্যায়ালয়ে ৷ 2018ৰ এটা আত্মহত্যাৰ গোচৰত অভিযুক্ত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক তথা সাংবাদিক অৰ্ণৱ গোস্বামীৰ লগতে আন দুগৰাকী অভিযুক্তৰ অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানি অহা 9 নৱেম্বৰত গ্ৰহণ কৰিব বোম্বে উচ্চ ন্যায়ালয়ে ৷

লাডাখৰ ভাৰত-চীনৰ কামাণ্ডাৰ পৰ্যায়ৰ অষ্টমলানি বৈঠক সমাপ্ত

ভাৰতীয় সেনা বাহিনীৰ আৰু চীনৰ পিএলএৰ লগত 6 নৱেম্বৰত ভাৰত-চীন সীমান্তৰ ছুছুলত অষ্টমলানি বৈঠক সম্পন্ন ৷ দুয়োখন দেশ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা ৷ ভাৰতীয় সেনা বাহিনীৰ আৰু চীনৰ পি এল এৰ লগত 6 নৱেম্বৰত ভাৰত-চীন সীমান্তৰ ছুছুলত অষ্টমলানি বৈঠক সম্পন্ন হয় বুলি জানিব দিয়ে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফ. কৰ্ণেল পি খোনচাই ।

উপায়ুক্তৰ সমুখতেই হাতত বন্ধুক লৈ থিয় মিজো যুৱক

শনিবাৰে সীমান্তত উপস্থিত হৈ নিৰাপত্তা জনিত দিশ সমূহৰ পৰ্যাবেক্ষণ কৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালাই ৷ ঘটনাক কেন্দ্ৰ কৰি সীমান্তত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷

ধুবুৰীৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন

দেওবাৰে ধুবুৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ নিউ পাণবাৰী অঞ্চলত ট্ৰেক্টৰ আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হৈ থিতাতে নিহত হয় দুজনকৈ লোক ৷ নিহত লোক দুজন ট্ৰেক্টৰ চালক আবুল হুছেইন আৰু শ্ৰমিক গিয়াছ উদ্দিন আহমেদ বুলি জানিব পৰা গৈছে ।

বিটিচি নিৰ্বাচন সুকলমে অনুষ্ঠিত হ'বলৈ বুঢ়া বাথৌৰ আৰ্শীবাদ ল’লে প্ৰমোদ বড়োৱে

আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনকলৈ পৰিষদীয় অঞ্চলটোৰ চৌদিশে এতিয়া নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত আছে ৷ সমান্তৰালকৈ মঠ মন্দিৰ, মছজিদ, গীৰ্জা আদি পবিত্ৰ ঠাইবোৰত গৈ ভগবান বা আল্লাৰ আৰ্শীবাদ বিচাৰি সেৱা কৰাও পৰিলক্ষিত হৈছে ৷

কৃষকৰ ঋণ মাফ কৰিবলৈ দাবী উত্থাপন কৃষক অধিকাৰ সুৰক্ষা সমিতিৰ

জোনাই মহকুমা জোনাইস্থিত মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনত শনিবাৰে কৃষক অধিকাৰ সুৰক্ষা সমিতিয়ে কে.চি.চি ঋণ ৰেহাই দিয়াৰ সন্ধৰ্ভত, পি. এম কিষান নিধিৰ অধিকাৰ ঋণৰ সম্পৰ্কে, আৰু জোনাই ষ্টেট বেংকৰ বৰ্তমান কৰ্মৰত শাখা প্ৰবন্ধক গৰাকীয়ে গ্ৰাহকক প্ৰতাৰণা কৰা সন্দৰ্ভত এক সংবাদমেল যোগে অৱগত কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.