ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি... - top ten 9am

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

9 বজাৰ শীৰ্ষ দহটা বাতৰি...
9 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Apr 23, 2021, 9:02 AM IST

বাক্সাত বৰ্তমানলৈ প্ৰায় ৩৩ হাজাৰ লোকক ক’ভিডৰ প্ৰতিষেধক প্ৰদান

ক'ভিড-19 পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সম্পূৰ্ণ সাজু বাক্সা জিলাৰ স্বাস্থ্য বিভাগ ৷ বৰ্তমানলৈ জিলাখনত ৩৩ হাজাৰ ব্যক্তিক ক‘ভিডৰ টিকাকৰণ প্ৰদান ৷ সাজু ১৮২ খন বিছনা ক'ভিড ৰোগীৰ বাবে সাজু কৰা হৈছে চিকিৎসালয়ত ৷ জিলাখনত বৰ্তমান সক্ৰিয় ক'ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৪৭ গৰাকী ৷

কোকৰাঝাৰত ক’ভিড ভেকচিন গ্ৰহণ কৰিলে প্ৰমিলা ৰাণী ব্ৰহ্মই

কোকৰাঝাৰ জিলাতো ভয়াৱহভাৱে বৃদ্ধি পাইছে ক'ৰণাক্ৰান্ত লোকৰ সংখ্যা । জিলাখনত পুনৰ 21 জন লোকৰ দেহত ক’ভিড-19ৰ উপস্থিতি ধৰা পৰাত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 124 জনলৈকে ৷ ইয়াৰ লগে লগে কঠোৰ হৈছে জিলা প্ৰশাসন ৷

ক’ভিড সন্দৰ্ভত মাজুলী জিলা উপায়ুক্তৰ সংবাদমেল

মাজুলীত জিলা উপায়ুক্তৰ সংবাদমেল । পৰ্যটক সকলৰ বাবে ফেৰী ঘাট সমূহত ক’ভিড টেষ্টৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে । পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত বিশেষ নিয়ম বান্ধি দিছে মাজুলী প্ৰশাসনে ।

বিশ্বনাথৰ বাঘমৰা দৈনিক বজাৰত ক’ভিডৰ নতুন নীতি উলংঘন একাংশৰ

দেশ তথা ৰাজ্যত ভয়ানকভাৱে বৃদ্ধি পাইছে কৰ’ণাৰ ভয়াৱহ সংক্ৰমণ ৷ কিন্তু সচেতন হোৱা নাই ৰাজ্যৰ সাধাৰণ জনতা ৷ বৃহস্পতিবাৰে বিশ্বনাথ জিলাৰ বাঘমৰা দৈনিক বজাৰত কভিড-১৯ নতুন নীতি উলংঘন কৰা দেখা গৈছে ৷ শেহতীয়াকৈ দেশত হোৱা ক’ভিড-১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নতুনকৈ ক’ভিড-19 ৰ নীতি নিৰ্দেশনা জাৰি কৰিছে । সন্ধিয়া 6 বজাৰ লগে লগে সকলো দোকান বজাৰ শ্বপিং মল বন্ধ হোৱাৰ লগতে দোকান-হোটেলত ৫ জনৰ অধিক লোক সমাগম হ’ব নোৱাৰিব । কিন্তু বিশ্বনাথ জিলাৰ জিনজিয়া আৰক্ষী থানা অন্তৰ্গত নিজ বাঘমৰা দৈনিক বজাৰত তাৰ বিপৰীত দৃশ্য দেখা গ’ল ৷ 6 বজাৰ পাছতো একাংশ লোকে প্ৰশাসনে জাৰি কৰা নীতি উলংঘা কৰি মাস্ক নিপিন্ধাকৈ বজাৰত ঘূৰি ফুৰা পৰিলক্ষিত হয় ৷

কলগাছিয়াত নিচাসক্ত কিশোৰৰ উদ্ভণ্ডালি

বৰপেটা জিলাৰ জনীয়াত শেহতীয়াভাৱে বৃদ্ধি পাইছে নিচাযুক্ত সামগ্ৰী সেৱন কৰা কিশোৰৰ সংখ্যা ৷ দীৰ্ঘদিনৰ পৰা অঞ্চলটোৰ একাংশ কিশোৰ বলি হৈছে ড্ৰাগছ সৰবৰাহকাৰীৰ ৷ যাৰ ফলত অঞ্চলটোত বিনষ্ট হৈছে সামগ্ৰিক পৰিৱেশ ৷ বৃহস্পতিবাৰে নিশা শৰীয়তপুৰ গাঁৱৰ এগৰাকী 12 বছৰীয়া কিশোৰে নিচা জাতীয় দ্ৰব্য সেৱন কৰি পদপথত উদ্ভণ্ডালি কৰা ঘটনাই পোহৰলৈ আনিছে এই ভয়ংকৰ তথ্য ৷

ডিকমত অংগৰাগ পাপন মহন্তৰ সংগীতানুষ্ঠান বাতিল

চাবুৱাৰ ডিকম ইকৰাতলী খনিকৰ গাঁৱৰ বিহু সন্মিলন উদযাপন সমিতিয়ে এই সংগীতানুষ্ঠানখন বাতিল কৰে । বৃহস্পতিবাৰে সংবাদমেলযোগে বিহু উদযাপন সমিতিয়ে সংগীতানুষ্ঠানৰ লগতে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া সকলো অনুষ্ঠান বাতিল কৰাৰ কথা জানিবলৈ দিয়ে ।

ক’ভিড কেয়াৰ কেন্দ্ৰৰ খিৰিকী ভাঙি 31 জন ক’ভিড আক্ৰান্তৰ পলায়ন

ত্ৰিপুৰাত চৰকাৰী ক’ভিড কেয়াৰ কেন্দ্ৰৰ খিৰিকী ভাঙি 31 জন ক’ভিড আক্ৰান্তৰ পলায়ন ৷ পলাতক সকল আছিল মধ্য প্ৰদেশ, বিহাৰ, ৰাজস্থান আদিৰ পৰা ৰাজ্য়খনলৈ অহা লোক ৷

তুষাৰপাতৰ বাবে পুনৰ বন্ধ শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথ

৪৩৪ কিলোমিটাৰ দৈৰ্ঘৰ শ্ৰীনগৰ-লেহ ঘাইপথটো ৩১ ডিচেম্বৰত যান-বাহন চলাচলৰ বাবে বন্ধ কৰি দিয়া হৈছিল । বুধবাৰে সীমান্ত পথ সংস্থাই পথটো মুকলি কৰে যদিও প্ৰচণ্ড তুষাৰপাতৰ ফলত যান-বাহনৰ চলাচল পুনৰ বন্ধ কৰি দিয়া হয় ।

কৰ'ণাৰ বাবে অমৰনাথ যাত্ৰাৰ অনলাইন পঞ্জীয়ন স্থগিত

ক'ভিড-১৯ ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অমৰনাথ যাত্ৰাৰ পঞ্জীয়ন সাময়িকভাৱে স্থগিত ৰখা হৈছে । সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শ্ৰী অমৰনাথজী শ্ৰাইন বোৰ্ডে (এছএএছবি)য়ে স্থগিত ৰাখিছে অমৰনাথ যাত্ৰাৰ পঞ্জীয়ন ।

বন্দী দেবাংগনাৰ মুক্তিৰ দাবীত আলফা (স্বা)য়ে কৰি গৈছে নেকি অপহৰণ !

দেশৰ ৰাজধানী নতুন দিল্লীত 'কা' বিৰোধী আন্দোলনৰ নেতৃত্ব দি তিহাৰ জেলত বন্দী হৈ থকা অসম জীয়ৰী দেবাংগনা কলিতাৰ মুক্তিৰ দাবীত সৰব হ'ব পাৰে বিদ্ৰোহী সংগঠন আলফা আৰু এন এছ চি এন (আই‌এম)। মঙলবাৰে উজনি অসমৰ লাকুৱাৰ পৰা সন্দেহজনক আলফা (স্বা) আৰু এন এছ চি এনৰ দ্বাৰা অপহৃত অ এন জি চিৰ তিনি গৰাকী কৰ্মচাৰী হ'ব পাৰে দেবাংগনাক কাৰামুক্ত কৰাৰ মুক্তিপণ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.