ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 6 AT 7PM

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি
সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Apr 9, 2021, 7:01 PM IST

যুদ্ধবিৰতি প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে সামৰিক আলোচনাত মিলিত চীন-ভাৰত

বিবাদমান অঞ্চল সমূহত যুদ্ধবিৰতি প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে আন এটা পৰ্যায়ৰ সামৰিক আলোচনাত ভাগ লৈছে ভাৰত আৰু চীনে ৷ পূৱ লাডাখৰ হট স্প্ৰিংছ, গোগ্ৰা আৰু ডেপচাঙৰ দৰে বাকী থকা বিবাদমান অঞ্চল সমূহত যুদ্ধবিৰতি প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে অনুষ্ঠিত এই আলোচনা চক্ৰ ৷

ব্ৰক্ষ্মপুত্রত পাঁচটা আৰু বৰাকত চাৰিটা গেৰাণ্টি !

কংগ্ৰেছৰ পাঁচটা গেৰাণ্টিৰ অন্যতম আছিল নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' বাতিল কৰা । এই 'কা' বাতিলক লৈ কংগ্ৰেছে বৰাক ভেলীত এটা স্থিতি আৰু ব্ৰক্ষ্মপুত্র ভেলীত আন এটা স্থিতি গ্ৰহণ কৰিলে ।

সঁচাকৈয়ে এ আই ইউ ডি এফ নেতাৰ সৈতে যোগাযোগ কৰিছে নেকি বিজেপি নেতাই ?

ভোটগণনাৰ পূৰ্বেই অসমত পুনৰ চৰ্চিত এটা শব্দ - হৰ্ছ ট্রেডিং। সঁচাকৈয়ে চৰকাৰ গঠনত হব নেকি হৰ্ছ ট্রেডিং ? বিজেপিৰ কোন নেতাই যোগাযোগ কৰিছে এ আই ইউ ডি এফৰ নেতাৰ সৈতে ? হঠাৎ ৰাজ্যৰ বাহিৰত কিয় এ আই ইউ ডি এফৰ সকলো প্ৰাৰ্থী ? আশংকা হৰ্ছ ট্ৰেৰ্ডিঙৰ ! আউল লাগিব নেকি মহাজোঁটবন্ধনত ?

জন্মু-কাশ্মীৰত নিহত পাঁচ সন্ত্ৰাসবাদী

জন্মু-কাশ্মীৰত সেনাৰ অভিযানত নিহত পাঁচ সন্ত্ৰাসবাদী । দক্ষিণ কাশ্মীৰৰ চোপিয়ান জিলাত জন্মু-কাশ্মীৰ আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত নিহত পাঁচ সন্ত্ৰাসবাদী ।

কৰ্তব্যৰত জোৱানক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ এখন পঞ্চায়তৰ সভাপতি

অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানক প্ৰহাৰ কৰি তিতাবৰৰ বৰহোলাত গ্ৰেপ্তাৰ হ’ল গাওঁ পঞ্চায়তৰ সভাপতি ৷ জুই নিৰ্বাপন কৰিবলৈ উপস্থিত হোৱা অগ্নিনিৰ্বাহক বাহিনীৰ বাহনৰ পানী শেষ হোৱাক কেন্দ্ৰ কৰি কৰ্তব্যৰত জোৱানজনক ৰাজেন শইকীয়াই আক্ৰমণৰ লক্ষ্য কৰি লয় । অগ্নি নিৰ্বাপক বাহিনীৰ জোৱান কৌস্তৱ ফুকনৰ গোচৰৰ ভিত্তিত ৰাজেন শইকীয়াক শুক্ৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

ফিল'বাৰীত দুষ্প্ৰাপ্য লাজুকী বান্দৰৰ পোৱালি উদ্ধাৰ

ফিল'বাৰী চাহ বাগিচাত লাজুকী বান্দৰৰ পোৱালি উদ্ধাৰ কৰে স্থানীয় ৰাইজে । ডুমডুমাস্থিত বনাঞ্চলিক বিষয়াক গতাই দিয়া হয় লাজুকী বান্দৰটো ৷

দেশত ২.৩১% ক'ভিড ৰোগী ভৰ্তি হৈ আছে আই চি ইউত: হৰ্ষ বৰ্ধন

মন্ত্ৰীসকলৰ উচ্চ পৰ্যায়ৰ গোটৰ ২৪ সংখ্যক বৈঠকত চিকিৎসাধীন হৈ থকা ক'ভিড ৰোগীৰ কেতবোৰ তথ্য দাঙি ধৰিলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে । তেওঁ প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান দেশত ২.৩১% ক'ভিড ৰোগী আই চি ইউত আৰু ০.৪৬% ৰোগী ভেণ্টিলেটৰত আছে ।

ক’ৰ’নাৰ শেহতীয়া পৰিস্থিতিকলৈ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ সংবাদমেল

উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক গৰাকীয়ে মহামাৰী ক’ৰ’নাৰ শেহতীয়া ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰে এক সংবাদমেলৰ ৷ কোনো ধৰণৰ উৰা বাতৰিক প্ৰশ্ৰয় দিব নালাগে বুলি সংবাদমাধ্যমৰ আগত মত প্ৰকাশ কৰে ৰে’লৱেৰ মহাপ্ৰবন্ধক গৰাকীয়ে ৷

তিনিচুকীয়া মণ্ডল ৰেল প্ৰৱন্ধকৰ সংবাদমেল

তিনিচুকীয়াত কভিড-১৯ ৰ প্ৰটকলৰ মাজেৰে চলি থাকিব সেৱা ৰেল ৷ ৰেলৱে যাত্ৰীসকলে সম্পূৰ্ণ কভিড-১৯ ৰ প্ৰটকল মানি লাগিব ৰেল সেৱা ৷

COVID-১৯ প্ৰতিষেধকৰ ৰপ্তানি বন্ধৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ পত্ৰ ৰাহুলৰ

সকলোৰে বাবে উপলব্ধ কৰাবলৈ আহ্বান শেহতীয়াকৈ COVID-১৯ প্ৰতিষেধক সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । দেশৰ সকলো নাগৰিকৰ বাবে প্ৰতিষেধক উপলব্ধ কৰাবলৈ পত্ৰখনৰ জৰিয়তে প্ৰধানমন্ত্ৰীক আহ্বান জনাইছে ৰাহুল গান্ধীয়ে । লগতে COVID-১৯ প্ৰতিষেধকৰ ৰপ্তানি তাৎক্ষণিকভাৱে স্থগিত কৰাৰো দাবী জনায় কংগ্ৰেছ নেতাগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.