ETV Bharat / state

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Jun 13, 2020, 9:01 AM IST

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 9 AM
পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

বাঘজানৰ জুই : আমেৰিকা আৰু কানাডাৰ পৰা আহিল বিশেষজ্ঞৰ দল

বাঘজানৰ তৈলখাদৰ জুই নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে অসমত আহি উপস্থিত হৈছে 3গৰাকী বিদেশী বিশেষজ্ঞৰ দল । তিনিচুকীয়াৰ বাঘজানত সংঘটিত অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ এইদৰে বিশেষ বিমানেৰে অসমত উপস্থিত হৈছে বিশেষজ্ঞৰ দলটো ৷

কৰ'ণাৰ হট স্পট হিচাবে চিহ্নিত শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী শাখা

কৰ'ণাৰ হট স্পট হিচাবে চিহ্নিত হৈছে শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী শাখা । শুকুৰবাৰে পুনৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী শাখাৰ মহিলা কৰ্মচাৰীকে ধৰি দুজনৰ শৰীৰত ধৰা পৰে COVID-19 ৷

চৰাইদেউত চিকিৎসালয়ৰ পৰা মুক্ত হ'ল প্ৰথমজন কৰ'ণা আক্ৰান্ত

চৰাইদেউ মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন প্ৰথমজন COVID-১৯ ৰোগীক ঘৰলৈ প্ৰেৰণ কৰা হয় ৷ সোণাৰিৰ ৰজাপুখুৰীস্থিত চিকিৎসালয় খনৰ ক'ভিড কক্ষত যোৱা 4 জুনত ভৰ্তি কৰোৱা হৈছিল ব্যক্তিগৰাকীক ।

বিশ্বনাথৰ চন্দ্ৰভেটী অঞ্চলক কন্টেইনমেন্ট জ'ন ঘোষণা প্ৰশাসনৰ

বিশ্বনাথ জিলাৰ চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত চন্দ্ৰভেটী গাঁও নিবাসী কৃষ্ণ কটোৱাল নামৰ ১৮ বছৰীয়া যুৱক এজন COVID-১৯ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পাছত জিলাখনত COVID-১৯ৰ অধিক সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত জিলা প্ৰশাসনে সমগ্ৰ এলেকাটোক তাৎক্ষণিক ভাৱে বলৱৎ হোৱাকৈ কন্টেইনমেন্ট জ'ন ঘোষণা কৰাৰ লগতে ইতিমধ্যে সমগ্ৰ এলেকাটো ছীল কৰিছে ৷

বাঘজান পৰিভ্ৰমণ কৃষি মন্ত্ৰী অতুল বৰাৰ

অঞ্চলটো ভ্ৰমণৰ সময়ত বাঘজানবাসীৰ ৰোষত পৰে কৃষি মন্ত্ৰী গৰাকী ৷ আশ্ৰয় শিবিৰত থকা ক্ষোভিত ৰাইজে তীৰ্যক বাক্যবানেৰে থকা সৰকা মন্ত্ৰী গৰাকীক ৷

ধুবুৰী জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ত পাম্পচে'ট কেলেংকাৰী, গ্ৰেপ্তাৰ ঠিকাদা

গৌৰীপুৰ কৃষি অভিযন্তাৰ কাৰ্যালয়ত কোটি টকীয়া পাম্পচে'ট কেলেংকাৰীৰ অভিযোগ । ঠিকাদাৰ মিজানুৰ ৰহমানক গ্ৰেপ্তাৰ। পলাতক হৈ আছে অভিযন্তা ।

অইল কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই তৈলখাদত বিস্ফোৰণঃ বিজ্ঞানী প্ৰদীপ কুমাৰ শইকীয়া

অইল কৰ্তৃপক্ষক লৈ সৰৱ হৈ মুখ খুলিছে বিশ্বৰ সৰ্ববৃহৎ তৈল খনন সংস্থা আমেৰিকাৰ Halliburton Logging Service ৰ জ্যেষ্ঠ ভূ-বিজ্ঞানী, Schlumberger Oilfield Serviceৰ Principal Petrophysicist,ONGCGeoscientist,বিশ্বৰ বিভিন্ন তৈল খননৰ ক্ষেত্ৰত বিভিন্ন অভিজ্ঞতাৰে পৰিপুষ্ট প্ৰদীপ কুমাৰ শইকীয়া ৷

নমুনা পৰীক্ষাৰ হাৰ বৃদ্ধিৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ৰাজ্যত শেহতীয়াকৈ COVID ১৯ সংক্ৰমণৰ ঘটনা ব্যাপক হাৰত বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ। যাৰ ফলস্বৰূপে সাধাৰণ লোকৰ মাজত নমুনা পৰীক্ষাৰ হাৰ বৃদ্ধি কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বিটিচিত দুৰ্নীতিত লিপ্ত কোনো লোক সাৰি যাব নোৱাৰেঃৰাজ্যপাল জগদীশ মুখী

বিটিচিত চলি থকা দুৰ্নীতি সন্দৰ্ভত সৰৱ ৰাজ্যপাল ৷ বিটিচিত বৰ্তমান সময়ত যিয়ে দুৰ্নীতি কৰি আছে তেওঁলোক কোনো সাৰি যাব নোৱাৰে বুলিও স্পষ্টকৈ নিজৰ মন্তব্যত উল্লেখ কৰে জগদীশ মুখীয়ে ।

হাৰিয়ানাত মাতৃৰ সন্মুখৰ পৰাই অপহৰণ যুৱতীক

শুকুৰবাৰে হাৰিয়ানাৰ ঝাজ্জৰ জিলাত মাতৃৰ চকুৰ সন্মুখৰ পৰা অপহৰণ কৰি নিয়ে যুৱতীক । অপহৰণকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী চিচিটিভি কেমাৰাত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.