ETV Bharat / state

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি - TOP 10 NEWS

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 9 AM
পুৱাৰ 9 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Jun 9, 2020, 9:06 AM IST

Updated : Jun 9, 2020, 9:34 AM IST

ভাৰতৰ সীমাত অনাধিকাৰ প্ৰৱেশ কৰাতো ল'ৰা ধেমালি নহয় : অমিত শ্বাহ

গৃহমন্ত্ৰী শ্বাহে কয় যে, এন ডি এ চৰকাৰৰ শাসন কালত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণক লৈ সময় নষ্ট কৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ নিয়ন্ত্ৰণ ৰেখাত চাৰ্জিকেল ষ্ট্ৰাইক আৰু উগ্ৰপন্থীৰ আক্ৰমণৰ প্ৰত্যুত্তৰত পাকিস্তানত এয়াৰ ষ্ট্ৰাইক কৰা ঘটনাই প্ৰমাণ কৰে যে, ভাৰতৰ ভূমিত অনাধিকাৰ প্ৰৱেশ কৰাটো ল'ৰা ধেমালি নহয় ৷

চীনৰ সৈতে আলোচনা চলি থাকিবঃ প্ৰতিৰক্ষা মন্ত্ৰী

বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা ভাৰ্চুৱেল জন-সমবাদ ৰেলীত অংশগ্ৰহণ কৰি ৰাজনাথ সিঙে কেবাটাও মন্তব্য কৰে ৷ ইয়াৰ ভিতৰত চীনৰ সৈতে ভাৰতৰ শেহতীয়া সম্পৰ্কৰ কথাও উল্লেখ কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

বাঘজান তৈলখাদত উপস্থিত ছিংগাপুৰৰ বিশেষজ্ঞৰ দল

অৱশেষত তিনিচুকীয়াৰ বাঘজান তৈল খাদৰ গেছ নিৰ্গত হোৱাৰ ঘটনা শাম কটাৰ দিশে ৷ বন্ধ কৰি দিয়া হ'ব তিনিচুকীয়া জিলাৰ বাঘজানৰ তৈলখাদ ৷ গেছ নিৰ্গমণৰ ঘটনা ৰোধ কৰিবৰ বাবে বিশেষজ্ঞ দলৰ প্ৰচেষ্টা অব্যাহত ৷

29 হাজাৰলৈ বৃদ্ধি পালে দিল্লীৰ COVID-19 আক্ৰান্তৰ সংখ্যা, নিহত 874

ৰাজ্যখনত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা 29,000 ৰো অধিক হ'ল ৷ আনহাতে, মৃত্যু হোৱা লোকৰ সংখ্যা 874 গৰাকী ৷ সোমবাৰে দিল্লীত কৰ'ণা ভাইৰাছত নতুনকৈ আক্ৰান্ত হৈছে 1,007 জন লোক ৷

অনুমতি অবিহনে কয়লা খনন চলাই আছিল নেকি ক'ল ইণ্ডিয়াই ?

প্ৰসংগ দিহিং পাটাকাইত কয়লা খনন,ৰাজ্যজুৰি প্ৰতিবাদৰ পিচত পোহৰলৈ আহিছে আন এক তথ্য,কোন সঁচা কোন মিছা ? অনুমতি অবিহনে কয়লাৰ খনন চলাইছিল আছিল ক'ল ইণ্ডিয়াই ৷

আন্দোলন কৰি হোম কোৱাৰেন্টাইনলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 13 কৰ্মী

চৰকাৰী নীতি নিয়মৰ মাজেৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাই আন্দোলন কৰাৰ পাছতো অন্যায় ভাবে চাংসাৰি কোৱাৰেন্টাই কেন্দ্ৰলৈ অনাৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটিয়া সাধাৰণ সম্পাদক মুকুট ডেকাৰ ৷

কোৱাৰেন্টাইন চেন্টাৰত গছ বাগৰি বৃদ্ধাৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ মহদ টেহচিলত কোৱাৰেন্টাইন চেন্টাৰত গছ বাগৰি পৰি এগৰাকী বৃদ্ধাৰ মৃত্যু ৷ মহিলাগৰাকীৰ পুত্ৰই ইতিমধ্যে গ্ৰাম সমিতিৰ বিৰুদ্ধে বিভাগীয় বিষয়াৰ এটি গোচৰ দাখিল কৰিছে ৷

অভিনেত্ৰী অনুষ্কা শৰ্মাৰ বিৰুদ্ধে তৰা গোচৰৰ ২ জুলাইত পুনৰ শুনানি

২ জুলাইত পুনৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে অভিনেত্ৰী অনুষ্কা শৰ্মাৰ বিৰুদ্ধে তৰা গোচৰৰ ৷ অনুষ্কা শৰ্মাই প্ৰযোজনা কৰা "পাতাললোক" নামৰ এটা ৱেব চিৰিজত গোৰ্খা সম্প্ৰদায়ক লজ্জানত কৰি এটা বিশেষ দৃশ্যত নেপালী নাৰীৰ চৰিত্ৰৰ প্ৰতি অশ্লীল শব্দ প্ৰয়োগ কৰা বুলি অভিযোগ উঠিছিল ৷

কংগ্ৰেছ নেতাৰ বিৰুদ্ধে মহিলা চিকিৎসকক নিৰ্যাতনৰ অভিযোগঃ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

অন্ধ্ৰ প্ৰদেশৰ চিত্তৰত এগৰাকী চৰকাৰী চিকিৎসকক ওৱাই এছ আৰ চিপি নেতাই নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে সোমবাৰে ৰাজ্যখনৰ মুখ্য়মন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে ঘটনা সন্দৰ্ভত অপৰাধ অনুসন্ধান শাখাক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে ।

সোমবাৰৰ দিনটোত অসমত চিনাক্ত 154 গৰাকী ক'ভিড-19 আক্ৰান্ত

চন্দ্রপুৰত এজন যুৱকৰ দেহত ধৰা পৰিছে ক'ভিড-19 । অসমত বৰ্তমানলৈকে ক'ভিড-19ত আক্ৰান্ত হৈছে 2835 গৰাকী লোক আৰু আৰোগ্য লাভ কৰিছে 784 গৰাকীয়ে ৷

Last Updated : Jun 9, 2020, 9:34 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.