ETV Bharat / state

বিয়লি 5 বজাৰ দহটা শীৰ্ষ বাতৰি

author img

By

Published : May 9, 2021, 5:08 PM IST

বিয়লি 5 বজাৰ দহটা শীৰ্ষ বাতৰি

top-10-news-at-5pm
বিয়লি 5 বজাৰ দহটা শীৰ্ষ বাতৰি

ৰাজ্যৰ ষষ্ঠদশ গৰাকী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত ড৹ হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ 16 সংখ্যক মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচিত হ’ল ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ দেওবাৰে ঘোষণা কৰা হ’ল ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ৷ সৰ্বানন্দ সোণোৱালে প্ৰস্তাৱ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ নাম ৷

ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰিলে সৰ্বানন্দ সোণোৱালে

ৰাজ্যপাল জগদীশ মুখীৰ হাতত নিজ পদত্যাগ পত্ৰ দাখিল কৰিলে সৰ্বানন্দ সোণোৱালে ৷ ৰাজভৱনৰ পৰা পোনে পোনে দুয়োগৰাকী নেতাই একেলগে উপস্থিত হয় বিধানসভাৰ মজিয়াত ৷

জুইত জাহ গ’ল তেজপুৰৰ চ’ক বজাৰ

তেজপুৰ চহৰৰ ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ স্বৰূপ চ’ক বজাৰত বিধ্বংসী অগ্নিকাণ্ড ৷ শনিবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ডটোত জাহ গ’ল সমগ্ৰ চ’ক বজাৰ অঞ্চল । আৰক্ষীয়ে জনোৱা মতে, শ্ব’ৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত ঘটে । নিশা দাওদাওকৈ জ্বলি উঠিল অঞ্চলটোৰ ইখনৰ পাচত সিখনকৈ দোকান । দেওবাৰে পুৱতি নিশালৈ অগ্নি নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখে অগ্নিনিৰ্বাপক বাহিনী আৰু বায়ুসেনাই ।

বিগত 24 ঘন্টাত ভাৰতত ক‘ভিডত মৃত্যু ৪০৯২ জনৰ

দেশত যোৱা ২৪ ঘন্টাত ৪,০৩,৭৩৮ জন লোক মহামাৰীৰ কবলত পৰে । ইয়াৰ লগে লগে দেশখনত মুঠ আক্ৰান্ত লোকৰ সংখ্যা হয়গৈ ২,২২,৯৬,৪১৪ জন লোক ।

বজালীৰ শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ক’ভিড প্ৰতিষেধক নাটনি

বজালীৰ শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ক’ভিড প্ৰতিষেধক নাটনি ৷ প্ৰতিষেধক ল'বলৈ আহি দৈনিক হাজাৰ হাজাৰ মানুহ প্ৰতিষেধক নোলোৱাকৈ চিকিৎসালয়খনৰ পৰা ঘৰলৈ উভতি যাব লগা হৈছে ৷

কণ্টেইনমেণ্ট জ'ন ঘোষণা লামডিং চহৰক

কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমশঃ বৃ্দ্ধি পাবলৈ ধৰাত লামডিং চহৰক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিলে জিলা প্ৰশাসনে ৷ জিলা উপায়ুক্তৰ নিৰ্দেশনা অনুসৰি 8 মে'ৰ পৰা কণ্টেইনমেণ্ট জ'ন হিচাপে পৰিচিত হ’ল চহৰখন ৷

পাথাৰকান্দিত জব্দ বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ

পাথাৰকান্দিত আৰক্ষীৰ অভিযানত জব্দ বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ ৷ পাথাৰকান্দি আৰু কৰিমগঞ্জ আৰক্ষীৰ যৌথ অভিযানত সফিয়ান আহমেদ নামৰ লোকজনৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হয় 100 গাম ব্ৰাউন চুগাৰ ৷ জব্দ কৃত ব্ৰাউন চুগাৰখিনিৰ মূল্য প্ৰায় 3 লাখ বুলি জানিবলৈ দিছে পাথাৰকান্দি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ তেৰাঙে ৷

ক’ভিড ১৯ ভেকচিন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি: এজাহাৰ দাখিল

হোজাইৰ লংকা প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা ক’ভিড ভেকচিন কেন্দ্ৰত শনিবাৰে সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতি ৷ কেন্দ্ৰটোত 18-44 বছৰৰ বয়সৰ লোকসকলক নিয়মিতভাৱে ভেকচিন প্ৰদান কৰি আহিছে, যদিও বিয়লি ভাগত কেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷

টিটিএডিচিৰ উন্নয়নৰ বাবে এবছৰৰ দৰমহা প্ৰদান টিপ্ৰাৰ অধ্যক্ষৰ

ক’ভিড 19 ৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে ত্ৰিপুৰাৰ জনজাতীয় স্বায়ত্ব শাসিত জিলা পৰিষদৰ উন্নয়নৰ বাবে এটা বছৰৰ সম্পূৰ্ণ দৰমহা দান কৰিছে টিপ্ৰা(TIPRA) ৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে ৷ দেৱবৰ্মনে শনিবাৰে এই কথা ঘোষণা কৰাৰ পিছতে সামাজিক মাধ্যমত তেওঁক যথেষ্ট প্ৰশংসা কৰা হয় ৷

ম্যানমাৰৰ শৰণাৰ্থীক লক্ষাধিক টকাৰ সাহায্য জাম্পুই পাৰ্বত্য মিজো সন্মিলনৰ

ভাৰতত আশ্ৰয় গ্ৰহণ কৰি থকা ম্যানমাৰৰ শৰণাৰ্থীসকলক অতিৰিক্ত 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে ত্ৰিপুৰাৰ জাম্পুই পাৰ্বত্য মিজো সন্মিলনে ৷ প্ৰতিবেশী দেশখনত নাগৰিকসকলৰ ওপৰত সেনাই চলোৱা অত্যাচাৰত আক্ৰান্ত লোকসকলে যাতে এই মানৱ সংকট পাৰ কৰিব পাৰে তাৰ বাবে সহায় আগবঢ়াই আহিছে সংস্থাটোৱে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.