সঞ্জয় কিষাণক মন্ত্ৰীত্বৰ পৰা বহিস্কাৰৰ দাবী অসম জাতীয় পৰিষদৰ
কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ বিৰুদ্ধে শ্ৰমিক কল্যাণ আৰু চাহ জনজাতি কল্যাণ সঞ্চালকালয়ত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল ৰাজীৱ মাঝি নামৰ এজন যুৱকে ৷ ইয়াৰ পাছতেই সঞ্জয় কিষাণৰ ব্যক্তিগত সহায়ক হিচাপে কৰ্মৰত বনী চাহানীয়ে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আন কেইবাটাও বিষ্ফোৰক অভিযোগ উত্থাপন কৰিছিল ।
ৱাল পেইণ্টিঙেৰে লাভলীনাক আদৰণি
অলিম্পিকৰ পদক হাতত লৈ বৃহস্পতিবাৰে পুৱা গুৱাহাটীত উপস্থিত হয় অসমৰ প্ৰথমগৰাকী মহিলা অলিম্পিয়ান বক্সাৰ লাভলীনা বৰগোঁহাই ৷ লাভলীনা উপস্থিত হোৱাৰ পাচতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে আদৰণি জনায় খেলুৱৈগৰাকীক ৷
গুৱাহাটীত উপস্থিত অসম কন্যা লাভলীনা...
অলিম্পিকৰ পদক হাতত লৈ বৃহস্পতিবাৰে পুৱা গুৱাহাটীত উপস্থিত হয় অসমৰ প্ৰথমগৰাকী মহিলা অলিম্পিয়ান বক্সাৰ লাভলীনা বৰগোঁহাই ৷ গুৱাহাটীৰ বৰঝাৰস্থিত বিমান বন্দৰত লাভলীনা উপস্থিত হোৱাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গামোচা, ফুলৰ থোপা আৰু জাপিৰে আদৰণি জনায় খেলুৱৈগৰাকীক ৷
যোৰহাটত লাইনচ্যুত মালবাহী ৰে’ল
এখন মালবাহী ৰে’ল লাইনচ্যুত হোৱাৰ ফলত বন্ধ হৈ পৰিছে তিতাবৰ-মৰিয়নী আৰু যোৰহাট ইঞ্জিনিয়াৰিং কলেজ পথ ৷ লাইনচ্যুত ৰে’লখনৰ ডবা উঠাবলৈ তিনিচুকীয়াৰ পৰা অনা হৈছে ৰিকভাৰী বাহন ৷
এটা শিক্ষাবৰ্ষ নষ্ট হোৱাৰ দিশে HSLC পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীৰ
মৰিয়নীৰ নকছাৰী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়(Nakachari Sr Secondary School)ত উচ্চতৰ মাধ্যমিক শিক্ষাবৰ্ষৰ নামভৰ্তিক লৈ হাহাকাৰ ৷ এইবাৰ উত্তীৰ্ণৰ হাৰ বৃদ্ধি হোৱাৰ বাবে নামভৰ্তিৰ আসনৰ অভাৱ হৈছে ৷ যাৰ ফলস্বৰূপে নামভৰ্তি নকৰাকৈ ঘৰলৈ উভতিবলগা হৈছে বহু শিক্ষাৰ্থী ৷
আজি বিশ্ব হস্তী দিৱস
বিশ্বত হাতীৰ সুৰক্ষা, সংবৰ্ধন আৰু হাতী-মানুহৰ সংঘাত দূৰীকৰণৰ বাবে 2012 ৰ পৰা প্ৰতি বছৰে 12 আগষ্টৰ দিনটোত আয়োজন কৰি অহা হৈছে বিশ্ব হস্তী দিৱস । বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো আয়োজন কৰা হয় দিনটো ।
অৱশেষত অৰুণাচলত উদ্ধাৰ কণমানি কুমকুম
বৃহস্পতিবাৰে পুৱাৰ ভাগত অৰুণাচল প্ৰদেশৰ ত’দেৰ পৰা উদ্ধাৰ হয় জোনাইৰ 6 বছৰীয়া কুমকুম পেগু(Kumkum Pegu) ৷ বুধবাৰে সন্ধিয়া ভাগত অপহৰণ হোৱাৰ পাচত ওৰে নিশা তদন্ত চলাই কণমানিজনীক উদ্ধাৰ কৰে অসম-অৰুণাচল আৰক্ষীয়ে ৷ ঘটনাৰ সৈতে জড়িত সন্দেহযুক্ত অৰ্জুন পেগু নামৰ যুৱকজন বৰ্তমানেও পলাতক অৱস্থাত ৷
প্ৰেম কৰোতে সাৱধান ! Social mediat ত ভাইৰেল এই ভিডিঅ’ত কি আছে চাওক...
প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল ৷ সঁচাকৈয়ে অপাৰ মহিমা এই প্ৰেমৰ ৷ প্ৰেমৰ বাবে মানুহে নকৰে বা কি ? আমাৰ এই প্ৰতিবেদন চোৱাৰ পিছত আপুনিও ভাবিবলৈ বাধ্য হৈ পৰিব...ৱাহ ৰে কি প্ৰেম !
শিক্ষাৰ্থীয়ে ঘেৰাও কৰিলে প্রধান শিক্ষকৰ বাসগৃহ
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ হোজাইৰ গান্ধী বিদ্যাপীঠ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত দেখা অসন্তুষ্টিৰ ফলস্বৰূপে একাংশ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আলোক কুমাৰ গুপ্তাৰ লালপটিস্থিত বাসগৃহ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
জনা নজনা : একেৰাহে 108 মিনিট ধৰি চলা এখন বক্সিং মেচ
অলিম্পিকত ব্ৰঞ্জৰ পদক জয়েৰে বিশ্বজুৰি অসমৰ বিজয়ধ্বজা উৰুৱাই বৃহস্পতিবাৰে জন্মভূমিত উপস্থিত হয় লাভলীনা বৰগোঁহাই ৷ লাভলীনাৰ এই বিজয়ৰ পাছত বৃদ্ধি পাইছে বক্সিঙৰ জনপ্ৰিয়তা ৷ কিন্তু এখন বক্সিং খেল সৰ্বাধিক কিমান সময় চলিব পাৰে জানেনে আপুনি ? 9 মিনিট, 15 মিনিট, 30 মিনিট ! কিন্তু বিশ্বৰ আটাইতকৈ দীঘল বক্সিং মেচখন সাত ঘণ্টাতকৈও অধিক সময় চলিছিল ৷