ETV Bharat / state

পুৱাৰ 11 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Jun 18, 2020, 11:05 AM IST

পুৱাৰ 11 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 11 AM
পুৱাৰ 11 বজাৰ শীৰ্ষ 10 বাতৰি

বৰহোলাৰ জয়ন্ত বৰাৰ মৃত্যুক পৰিকল্পিত হত্যা আখ্যা বিধায়ক ৰূপজ্যোতী কুৰ্মীৰ

যোৰহাট জিলাৰ বৰহোলাৰ যুৱক জয়ন্ত বৰাৰ মৃত্যুৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থা অথবা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাক অৰ্পন কৰাৰ দাবী মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷

হোজাইত দলবদ্ধ ধৰ্ষন আৰু হত্যাৰ গোচৰত এজনক আটক

হোজাই জিলাৰ ভেলেউগুৰিৰ এগৰাকী নাবালিকাক ধৰ্ষণ আৰু হত্যা ঘটনাত জড়িত এজন অভিযুক্তক আটক ৷ ডবকা আৰক্ষীয়ে অভিযান চলাই বুধবাৰে নিশা আটক কৰে চনু গৌড় নামৰ অভিযুক্ত জনক ৷

মিছামাৰীত অসম পেট্ৰেলিয়াম মজদুৰ ইউনিয়নৰ প্ৰতিবাদঃ আবদ্ধ তেল সৰবৰাহ কৰা টেংকাৰ

বিগত 6 দিন ধৰি শোণিতপুৰৰ মিছামাৰীত আবদ্ধ হৈ আছে অৰুণাচল প্ৰদেশলৈ পেট্ৰেলিয়ামজাত সামগ্ৰী সৰবৰাহ কৰা সকলো টেংকাৰ গাড়ী ৷

ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ অস্থায়ী সদস্য পদ লাভ ভাৰতৰ

ভাৰতৰ লগতে আয়াৰলেণ্ড, মেক্সিকো আৰু নৰৱে'ই লাভ কৰিছে এই সদস্য পদ ৷ এই নিৰ্বাচনত উপস্থিত আছিল 192 সদস্য ৰাষ্ট্ৰ ৷ সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন আছিল 128 টা ভোট ৷ ভাৰতে 184 টা ভোট লাভ কৰাৰ পৰিৱৰ্তে কানাডা নিৰ্বাচনত পৰাস্ত হয় ৷

ডুমডুমা নগৰৰ মাজমজিয়াত নিচাসক্ত এম্বুলেঞ্চ চালকৰ অতপালি

ডুমডুমা নগৰৰ মাজমজিয়াত নিচাসক্ত এম্বুলেঞ্চ চালকৰ অতপালি । ৰাইজে কৰায়ত্ত কৰি গতালে আৰক্ষীক ।

4G আপগ্ৰেডৰ সময়ত BSNL এ ব্যৱহাৰ কৰিব নোৱাৰিব চীনা টেলিকম সামগ্ৰী

টেলিকম বিভাগে BSNL ক 4G নেটৱৰ্কলৈ আপগ্ৰেডৰ সময়ত চীনা সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিব ৷ ইয়াৰোপৰি, চীনা সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল নহৈ ব্যক্তিগত টেলিকম অপাৰেটৰ ব্যৱহাৰ কৰিবলৈও বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব ৷

মহিলাক অশালীন ব্যৱহাৰ কৰি আৰক্ষীৰ জালত ছাত্ৰ পৰিষদৰ নেতা

ৰাইজৰ অভিযোগৰ ভিত্তিত নগাঁও জিলাৰ কামপুৰ আৰক্ষীয়ে আটক কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ বহুকেইগৰাকী ছাত্ৰনেতাক ৷ জিলাখনৰ কামপুৰৰ গুইমাৰীৰ এটা গড়কাপ্তানি পথ নিৰ্মানক লৈ ৰাইজৰ লগত হতাহতিত লিপ্ত হৈছিল অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেইবাজনো সদস্য‌ই ৷

17 দিনৰ মূৰত লামডিং-শিলচৰ ব্ৰডগজ ৰেলপথ পুনৰ মুকলি

উত্তৰ পূব সীমান্ত ৰে'লৱেৰ জনসংযোগ বিষয়া নৃপেন্দ্ৰ ভট্টাচাৰ্যই জনোৱা মতে, আজি বহু দিনৰ মুৰত ৰেলৰ ইঞ্জিন চলে পাহাৰ লাইনত ।

বানৰ বাবেই পথৰ ওপৰত মৰণা মাৰিছে কৃষকে, নষ্ট হৈছে বহু শস্য

জীয়াঢলৰ কোৱাল বানৰ কৱলত পৰিছে ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল । পানীৰে একাকাৰ হৈছে ঘৰ-পথাৰ । এনে অৱস্থাত কৃষকসকলৰ অৱস্থাও দিনে দিনে অৱনতি হোৱাৰ লগতে নষ্ট হৈছে বহুসংখ্যক ধান ৷

108ৰ চালকক আক্ৰমণৰ ঘটনাত জড়িত এজনক গ্ৰেপ্তাৰ

24 ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ 108ৰ চালকক আক্ৰমণৰ ঘটনাত জড়িত এজনক । নগাওঁ আৰক্ষীক ধন্যবাদ 108 কৰ্মচাৰীৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.