ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি - undefined

দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি

Top 10 news at 1 PM
দুপৰীয়া 1 বজাৰ শীৰ্ষ 10 বাতৰি
author img

By

Published : Oct 12, 2020, 1:07 PM IST

যোৰহাট নিমাতীঘাট অভিমুখী ফেৰীত অঘটন

মাজুলীৰ অফলামুখ ফেৰী ঘাটৰ পৰা যোৰহাট নিমাতীঘাট অভিমুখী ফেৰীত অঘটন ৷ ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত পৰিল এগৰাকী ব্যক্তি ৷ বৰ্তমানেও লোকজনক উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷

বঙাইগাঁও শ্ৰীকাৰ্ণী ষ্টোৰত চিআইডিৰ অভিযান

দেওবাৰৰ নিশা বঙাইগাঁৱৰ কেইবা ঠাইত চিআইডি আৰু আৰক্ষীৰ অভিযান । অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ প্ৰশ্ন পত্ৰৰ ঠিকা লাভ কৰা বঙাইগাঁৱৰ ব‍্যৱসায়ী তথা মন্ত্ৰী ফণীভূষন চৌধুৰীৰ ঘনিষ্ঠ অক্ষয় চান্দ বৈদৰ পুত্ৰৰ শহুৰেকৰ ব‍্যৱসায়িক প্ৰতিষ্ঠান বঙাইগাঁও মায়াপুৰীৰ শ্ৰীকাৰ্ণী ষ্টোৰত চিআইডি আৰু আৰক্ষীয়ে চলাই অভিযান ।

মানৱতাৰ অনন্য নিদৰ্শনঃ অসহায় বৃদ্ধাক শেষ যাত্ৰালৈকে সংগ দিলে সাংবাদিক মজিবুৰ ৰহমানে

সোমবাৰে পুৱাৰ ভাগত শান্তি নিৱাস বৃদ্ধাশ্ৰমত শেষ শ্ৰদ্ধা জনোৱাৰ পিছত নলবাৰীৰ ৰাজহুৱা শ্মশানত শেষ কৃত্য সম্পন্ন কৰা হয় দুৰ্ভগীয়া বৃদ্ধা গৰাকীৰ ৷ জীৱনৰ শেষ যাত্ৰাটো বৃদ্ধা গৰাকীৰ কাষত উপস্থিত নহ'ল পৰিয়ালৰ লোক ৷

তিনিবছৰে পানীৰ তলত এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰঃ নিৰ্বিকাৰ স্বাস্থ্য বিভাগ

ধুবুৰীস্থিত এই প্ৰাথমিক স্বাস্থ্য সেৱাৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হৈছে শতাধিক অঞ্চলবাসী ৷ অতি শীঘ্ৰে স্বাস্থ্য কেন্দ্ৰটো পুনৰ নিৰ্মান কৰি ৰাইজক সকলো ধৰণৰ চিকিৎসা সেৱা প্ৰদান কৰিবলৈ দাবী জনাইছে ছাত্ৰ সন্থাই ৷

সংৰক্ষিত আসনত বহাক কেন্দ্ৰ কৰি হাইলাকান্দিত কংগ্ৰেছ কৰ্মীৰ মাজত সংঘাত

হাইলাকান্দিত কংগ্ৰেছৰ দলীয় সভাত উত্তপ্ত পৰিস্থিতি । দুই ফৈদৰ সংঘাতত ৰণক্ষেত্ৰত পৰিণত সভাস্থল । অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা হাইলাকান্দি জিলা কংগ্ৰেছৰ তত্বাৱধায়ক গজেন্দ্ৰ প্ৰসাদ উপমন্যুৰ সম্মুখত কাজিয়া দুই ফৈদৰ ।

আজি নেচিপু সুৰংগৰ আধাৰশিলা স্থাপন কৰিব প্ৰতিৰক্ষা মন্ত্ৰীয়ে

আজি দেশবাসীক অৰ্পন কৰা হ'ব সীমান্ত পথ নিৰ্মাণ সংস্থাই নিৰ্মাণ কৰা 44 খন সেতু ৷ লগতে টাৱাঙলৈ নিৰ্মাণ হ'ব লগা নেচিপু সুৰংগৰ সোমবাৰে আধাৰশিলা স্থাপন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে সাতখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত সীমান্ত পথ নিৰ্মাণ সংস্থাই নিৰ্মাণ কৰি উলিওৱা 44 খন সেতু দেশক সমৰ্পন কৰিব ৷

সৰ্থেবাৰীত মুখ্যমন্ত্ৰীৰ মীন মহল আঁচনিৰ শুভাৰম্ভ

প্ৰধানমন্ত্ৰী স্বনিয়োজন আঁচনিৰ অধীনত মুখ্যমন্ত্ৰীৰ মীনমহল আঁচনিৰ শুভাৰম্ভ ৷ সৰ্থেবাৰীত কৃষ্ণগুৰু সেৱাশ্ৰমত অসম ৰাজ্যিক মীন উন্নয়ন নিগমে আশ্ৰমৰ বহুৱাতা বিলত এক লাখ মাছ মেলি এই আঁচনিৰ শুভাৰম্ভ কৰে ৷

বিহাৰ নিৰ্বাচনৰ বাবে 30 জন প্ৰচাৰক তালিকা মুকলি বিজেপিৰ

সমাগত বিহাৰ বিধানসভা নিৰ্বাচন ৷ বিজেপিৰ ফালৰ পৰা ষ্টাৰ কেম্পেইনাৰৰ তালিকা মুকলি ৷ বিজেপিৰ বহু কেইগৰাকী জনপ্ৰিয় নেতাক নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব অৰ্পন ৷ আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে 30 জন ষ্টাৰ কেম্পেইনাৰৰ তালিকা মুকলি কৰিছে ৷

নিশাৰ সময়তো লেহত উৰিবলৈ সাজু ভাৰতীয় বায়ু সেনা

নিশাৰ ভাগত উদ্ভৱ হ'ব পৰা যিকোনো ধৰণৰ প্ৰত্যাহ্বানৰ বাবে সাজু হৈছে ভাৰতীয় বায়ুসেনা ৷ নিশাৰ ভাগত আইএএফ বিমানসমূহ পৰিলক্ষিত হোৱাৰ লগতে বায়ুসেনাৰ বহুতো বিমানৰ গুজৰণি একে সময়তে শুনিবলৈ পোৱা গৈছে ৷ এমআই-29, চিনুক, এমআই-17 আৰু পাতল ওজনৰ বিমান ধ্ৰুৱ লেহ বিমানঘাটিত নিশাৰ ভাগত দেখিবলৈ পোৱা গৈছে ৷

নিৰুদ্দেশ হোৱা ব্যক্তিৰ মৃতদেহক লৈ কলগাছিয়াত উত্তপ্ত পৰিস্থিতি

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাঙলাত হোৱা এক হত্যাকাণ্ডই সমগ্ৰ লাঙলাব্যাপী তীব্ৰ চাঞ্চল্য আৰু আতংকৰ সৃষ্টি কৰিছে । 24 ছেপ্টেম্বৰত মাটি সংক্ৰান্তীয় কামত লাঙলা গাঁৱৰ আবুল কালাম আজাদ সৰভোগলৈ বুলি ওলাই যোৱাৰ পৰাই নিৰুদ্দেশ হৈ আছিল । সুঁতিৰ পাথাৰ বেঁকী নদীত আবুল কালাম আজাদৰ মৃতদেহ উদ্ধাৰ ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.