ETV Bharat / state

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি

Top 10 news 7 pm
সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Apr 13, 2021, 7:13 PM IST

কলিয়াবৰত মাছ ধৰা পৰ্বক লৈ পথ অৱৰোধ

কলিয়াবৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ একাংশ স্থানীয় ৰাইজৰ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত মাছ ধৰিবলৈ যোৱা লোকক কৰ্তৃপক্ষই বাধা দিয়াৰ বাবে ৰাজপথত প্ৰতিবাদ সাব্যস্ত স্থানীয় লোকসকলৰ ৷

ধুবুৰীত বালি ছিণ্ডিকেটৰ তদন্ত ঘোষণা জিলা উপায়ুক্তৰ

লাখ লাখ টকাৰ ৰাজহ ফাঁকি দি বন বিষয়া কৰ্মচাৰীৰ লগত লগ হৈ ছিণ্ডিকেট চলাই যোৱাৰ বিৰুদ্ধে তৎপৰ হৈছে ধুবুৰী জিলা প্ৰশাসন ৷ এখন চালানেৰে 12 ৰ পৰা 14 বাৰকৈ বালি কঢ়িওৱাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতে তদন্তৰ ঘোষণা কৰিছে উপায়ুক্ত গৰাকীয়ে ৷

খেৰণিত ভয়ংকৰ পথ দুৰ্ঘটনা

পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সোমবাৰে নিশা ট্ৰাক-মটৰ চাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় কানহায়ালাল চৌহান নামৰ ব্যক্তিগৰাকী আৰু গুৰুতৰভাৱে আহত হয় ব্যক্তিগৰাকীৰ পত্নী-পুত্ৰ ৷

বৈশাগু পালন বাবে ব্যাপক প্ৰস্তুতি ছিফুং হাৰিমু আফাদৰ ডেকা-গাভৰু সকলৰ

ৰংজালি বৈশাগু পালনৰ বাবে সাজু হৈছে বড়ো জনগোষ্ঠীয় লোক সকল ৷ ৰংজালি বৈশাগু উপলক্ষে এক নান্দনিক দৃশ্য দেখিবলৈ পোৱা গ‘ল চিৰাং জিলাৰ ৰৌমাৰী পথাৰত ৷

আমিনগাঁৱৰ মনসা মন্দিৰত চোৰৰ উপদ্ৰৱ

আমিনগাঁও ইষ্টকলনী মনসা মন্দিৰত চোৰৰ উপদ্ৰৱ । দুটাকৈ দানপাত্ৰৰ তলা ভাঙি চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু নগদ ধন । ঘটনাস্থলীত আমিনগাঁও আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

কেৰালাত চলচিত্ৰৰ দৃশ্যগ্ৰহণত বিজেপি কৰ্মীৰ বাধা

কেৰালাৰ পাঁচজন বিজেপিৰ কৰ্মীৰ বিৰুদ্ধে চলচিত্ৰ দৃশ্যগ্ৰহণৰ ক্ষেত্ৰত বাধা সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷ কেৰালাৰ কাদাম্পাঝিপুৰমৰ ভাইলিয়ামকুনু মন্দিৰৰত "নিয়ম নাধি" নামৰ এখন চলচিত্ৰৰ দৃশ্যগ্ৰহণৰ কাম চলি আছিল ৷

মিজোৰামত ভয়াৱহ ৰূপ লৈছে কৰ'ণাই

১২ এপ্ৰিলত মিজোৰামত ৩৬ গৰাকী লোক আক্ৰান্ত হৈছে কৰ'ণাত । ১২ এপ্ৰিলৰ দিনটোত ৰাজ্যখনত মুঠ ১৬৬০ টা নমুনা পৰীক্ষা কৰা হৈছিল য'ত আক্ৰান্তৰ হাৰ ২.২০ শতাংশ । বৰ্তমান ৰাজ্যখনত ১৭৫ টা সক্ৰিয়া ঘটনা থকাৰ লগতে এতিয়ালৈ ১২ গৰাকী লোকে মৃ্ত্যুক আঁকোৱালি লৈছে ।

উত্তৰ প্ৰদেশ পঞ্চায়ত নিৰ্বাচনঃ যোগেশ বাৰ্মা, পৱন গুপ্তাক আটক

উত্তৰ প্ৰদেশৰ বিজেপি বিধায়ক যোগেশ বাৰ্মাক আটক । পঞ্চায়ত নিৰ্বাচনত নিজৰ পছন্দৰ প্ৰাৰ্থীক টিকট প্ৰদান কৰাক লৈ বিবাদত লিপ্ত হৈছিল যোগেশ বাৰ্মা আৰু প্ৰাক্তন পঞ্চায়ত প্ৰধান পৱন গুপ্তা ।

টাটা টিৰ কাৰ্যালয় স্থানান্তৰণ সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে?

অসমৰ পৰা টাটা টিৰ কাৰ্যালয় স্থানান্তৰিত কৰাক লৈ মন্তব্য প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ৷ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অসমৰ কোম্পানী হস্তান্তৰ নকৰিবলৈ টাটাক অনুৰোধ জনায় আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় উদ্যোগিক মন্ত্ৰী পীয়ুষ গোয়েলৰ সৈতে আলোচনা কৰে ৷

মৰাণত বিহুক লৈ ব্যস্ত দেউৰী মহিলা সমাজ

মৰাণত তুংগত উঠিছে দেউৰী মহিলা সমাজৰ ৰঙালী বিহুৰ প্ৰস্তুতি ৷ বহাগ মাহৰ প্ৰথমটো বুধবাৰে বিহু উদযাপন কৰে দেউৰী সমাজে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.