কাইলৈ গৰু বিহু
ভূপেন দাই গীতত কোৱাৰ দৰে, ব’হাগ মাথোঁ এটি ঋতু নহয়, নহয় ব’হাগ মাথোঁ এটি মাহ ৷ অসমীয়া জাতিৰ ই আয়ুসৰেখা, গণজীৱনৰ সাহ.... ৷ আজি উৰুকা আৰু কাইলৈ গৰু বিহু ৷ চেনেহৰ ৰঙালীক আদৰিবলৈ সাজু ৰাজ্যবাসী ৷ অতীজৰে পৰা চলি অহা পৰম্পৰা ৰক্ষাৰে কাইলৈ গৰুক গা ধুৱাই ৰাজ্যবাসীয়ে উদযাপন কৰিব গৰু বিহু ।
গুৱাহাটীত ক'ৰণাত আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু
বিহুৰ উখল-মাখল পৰিৱেশৰ মাজতে ৰাজ্যত ক'ৰণাই পুনৰ গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷ ক'ৰণাৰ দ্বিতীয়টো ঢৌত ৰাজ্যৰ শ শ লোক সংক্ৰমিত হৈছে। ৰাজধানী চহৰ গুৱাহাটী মহানগৰীতো ভয়াৱহ হাৰত বৃদ্ধি পাব ধৰিছে ক'ৰণা আক্ৰান্তৰ সংখ্যা ।
আজি উৰুকা
চেনেহৰ ৰঙালীক উদযাপন কৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ অতীজৰে পৰা চলি অহা পৰম্পৰা ৰক্ষাৰে কাইলৈ গৰুক গা ধুৱাই ৰাজ্যবাসীয়ে উদযাপন কৰিব গৰু বিহু । গৰু বিহু উপলক্ষে গৰুলৈ তৰাৰ পঘা, বাঁহৰ চাক বনোৱাত ব্যস্ত চহা কৃষিজীৱি অসমীয়া ৷ অসমীয়াৰ আবেগ ব'হাগকলৈ এতিয়া ব্যস্ত প্ৰতিজন অসমীয়া ৷
আমবাৰীৰ পৰা অসমবাসীক ধন্যবাদ জনালে অতুল বৰাই
নিৰ্বাচনক কেন্দ্ৰ কৰি আমবাৰীৰ পৰা ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকক ধন্যবাদ জনালে অগপৰ সভাপতিকে ধৰিকে প্ৰতিজন শীৰ্ষ নেতাই ৷ এই উপলক্ষে আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে সভাপতি অতুল বৰাই ৷
টীয়কত দৈৰ টেকেলি যোগানত ব্যস্ত দুগ্ধ ব্যৱসায়
উৰুকাৰ পুৱাই দৈৰ টেকেলি যোগানত ব্যস্ত হৈ পৰিছে টীয়কৰ দুগ্ধ ব্যৱসায় গোস্বামী মিল্ক প্ৰডাক্টে ৷ 2003 চনত অতি ক্ষুদ্ৰভাৱে টীয়কৰ ঐতিহাসিক নেপালী সত্ৰৰ উদীয়মান যুৱক দুৰ্লভ গোস্বামীয়ে নিজ বাসগৃহতে অশেষ কষ্টেৰে আৰম্ভ কৰিছিল এই ব্যৱসায় । সুদীৰ্ঘ 17 টা বছৰ গৰকি আজি বিহু বুলি প্ৰায় 5 হাজাৰটা দৈৰ টেকেলি উজনিৰ প্ৰায়বোৰ জিলালৈ প্ৰেৰণ কৰাৰ সমান্তৰালকৈ ক্ৰীম, ঘিউ, পনীৰ, পেৰাকে ধৰি কেইবাবিধো দুগ্ধজাত সামগ্ৰী যোগানৰ ব্যৱস্থা কৰিছে ব্যৱসায়ী গৰাকীয়ে ।
ধুবুৰীত বালি ছিণ্ডিকেটৰ তদন্ত ঘোষণা জিলা উপায়ুক্তৰ
লাখ লাখ টকাৰ ৰাজহ ফাঁকি দি বন বিষয়া কৰ্মচাৰীৰ লগত লগ হৈ ছিণ্ডিকেট চলাই যোৱাৰ বিৰুদ্ধে তৎপৰ হৈছে ধুবুৰী জিলা প্ৰশাসন ৷ ফুলবাৰী দলং নিৰ্মাণৰ ঠিকা লাভ কৰা এল এণ্ড টি নামৰ কোম্পানীটোক বালি যোগান ধৰাৰ নামত একাংশ বালি মাফিয়াই চলাই গৈছে অবৈধ ব্যৱসায় ৷
জুৰীয়াৰ এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে মাটি বেদখলৰ অভিযোগ
শিক্ষা দানৰ বিপৰীতে মাটি বেদখলত নামি পৰাৰ অভিযোগ উঠিছে নগাঁও জিলাৰ ৰূপহীহাটস্থিত জুৰীয়া মেলেকাধিং আব্দুল খালেক মধ্য ইংৰাজী মাদ্ৰাছাৰ প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে তেও কৰ্মৰত একেখন বিদ্যালয়ৰে 2 বিঘা 3 লোচা মাটি দখল কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
মিজোৰামৰ বক্সাৰ লালৰিনচাংগালৈ ক্ৰীড়ামন্ত্ৰীৰ দহ লাখ টকাৰ পুৰস্কাৰ
ডব্লিউবিচি বিশ্ব যুৱ বক্সিং চেম্পিয়নশ্বিপত খিতাপ দখল কৰা মিজোৰামৰ বক্সাৰ লালৰিনচাংগা লাউক পুৰস্কাৰ ৰাজ্যখনৰ ক্ৰীড়ামন্ত্ৰীৰ । ক্ৰীড়ামন্ত্ৰী ৰবাৰ্ট ৰোমাৱিয়া ৰয়টে আৰু তেওঁৰ পত্নীয়ে খেলুৱৈ গৰাকীক ১০.০৫ লাখ টকা প্ৰদান কৰে ।
উত্তৰাখণ্ডত বিবাহ অনুষ্ঠানত ২০০ গৰাকী ব্যক্তি সমবেত হ'ব পাৰিব
কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে উত্তৰাখণ্ড চৰকাৰেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । এক বিবৃতিযোগে উত্তৰাখণ্ডৰ মুখ্য সচিব ওম প্ৰকাশে জনোৱা মতে কণ্টেইনমেণ্ট জ'নৰ বাহিৰে বিবাহ অনুষ্ঠানত মাত্ৰ ২০০ জন লোকহে সমবেত হ'ব পাৰিব ।
ৰমজান উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা জ' বিদেনৰ
আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে সমগ্ৰ বিশ্বৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলক ৰমজানৰ শুভকামনা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতি জ' বিদেনে । লগতে বৈচিত্ৰ্যপূৰ্ণ আমেৰিকা গঢ়ি তোলাত আগবঢ়োৱা অৱদানৰ বাবে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক প্ৰশংসা কৰে ।