ETV Bharat / state

9 বজাৰ দহটা শীৰ্ষ বাতৰি - TOP 10 @ 9AM

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি

TOP 10 @ 9AM
9 বজাৰ দহতা শীৰ্ষ বাতৰি
author img

By

Published : Jul 21, 2020, 9:07 AM IST

নিশা বানপীড়িতৰ খবৰ ল'লে মুখ্যমন্ত্ৰীয়ে

পশ্চিম নলবাৰীৰ পুখুৰাত সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুঢ়াদিয়া নদীৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰে ৷ পানী কমিলেই ভগ্ন মথাউৰিটো নিৰ্মাণ কৰাৰ আশ্বাস দিয়ে ।

কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিলে মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই ৷ কৃষিমন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাচাক লগত লৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে ৷

সৰ্থেবাৰীৰ কাঁহশিল্পৰ উন্নয়নৰ বাবে 1 কোটি টকাৰ অনুদান মুখ্যমন্ত্ৰীৰ

সৰ্থেবাৰী আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱন উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । 1997 চনত থানালৈ উন্নীত হোৱা সৰ্থেবাৰী আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱনটো মুখ্যমন্ত্ৰীৰ মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে

অখিল গগৈৰ মুক্তিৰ দাবীৰে বিধানসভাত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

চাৰিটা দাবী উত্থাপন কৰি কংগ্ৰেছ দলে আজি বিধানসভা চৌহদত পালন কৰিলে এক অৱস্থান ধৰ্মঘাট কাৰ্যসূচী

কৰ’ণাত আক্ৰান্ত দিছপুৰৰ বিধায়ক অতুল বৰা

দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী অতুল বৰাৰ শৰীৰত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ।

ৰাজস্থান ৰাজনৈতিক সংঘাত : মুখ্যমন্ত্ৰীয়ে আহ্বান জনালে বিধায়িনী বৈঠক

মংগলবাৰে অনুষ্ঠিত হ'ব ৰাজস্থান মন্ত্ৰীসভাৰ বিধায়িনী দলৰ বৈঠক ৷ মুখ্যমন্ত্ৰী অশোক গেহলটৰ অধ্যক্ষতাত ফেয়াৰমাউন্ট হোটেলত দিনৰ 11 বজাত অনুষ্ঠিত হ'ব এই বৈঠক ৷

স্থগিত হ’ল আইচিচি টি-20 বিশ্বকাপ

চলিত বৰ্ষত অষ্ট্ৰেলিয়াত হ’বলগীয়া পুৰুষ টি-20 বিশ্বকাপ বাতিল ৷ কৰ’ণা ভাইৰাছৰ বাবেই স্থগিত কৰা হ’ল পুৰুষ টি-20 বিশ্বকাপ প্ৰতিযোগিতা ৷

মঙলবাৰে কৰিমগঞ্জ ভ্ৰমণ কৰিব মন্ত্ৰী পীযূষ হাজৰিকাই

ৰাজ্যত অৱ্যাহত আছে কৰ'ণা ভাইৰাছৰ আতংক ৷ কৰিমগঞ্জ জিলাৰ ক'ভিড-19ৰ সামগ্ৰিক পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে মংলবাৰে জিলাখন ভ্ৰমণ কৰিব ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযূষ হাজৰিকাই ।

চিৰাঙত বানত জাহ গ'ল 27 টা পৰিয়ালৰ বাসগৃহ

চিৰাং জিলাৰ নেপালপাৰা গাঁৱত আই নদীৰ গৰাখহনীয়াৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইতিমধ‍্যে খহনীয়াত আই নদীৰ বুকুত জাহ গৈছে গাঁওখনৰ ২৭ টা পৰিয়ালৰ বাস গৃহ ।

চৰকাৰৰ সুমতি বিচাৰি মৰিগাঁৱত গণেশ মন্দিৰত সমূহীয়া প্ৰাৰ্থনা

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাতো কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ আশু আৰোগ্য কামনা আৰু সোণোৱাল চৰকাৰৰ সুমতি বিচাৰি সোমবাৰে বহুকেটা দল সংগঠনে সমূহীয়া মাংগলিক অনুষ্ঠানৰ আয়োজন কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.