ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Jun 2, 2021, 9:05 AM IST

9 বজাৰ শীৰ্ষ দহটা বাতৰি...
9 বজাৰ শীৰ্ষ দহটা বাতৰি...

অমানৱীয় লংকাকাণ্ড: চিকিৎসক প্ৰহাৰৰ ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া

হোজাই জিলাৰ ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি মৃতকৰ আত্মীয়ই নিৰ্মম ভাৱে প্ৰহাৰ কৰে চিকিৎসক ডা৹ সেউজ সেনাপতিক ৷ চিকিৎসক গৰাকীৰ প্ৰহাৰৰ সমগ্ৰ দৃশ্য ভাইৰেল হৈছে সামাজিক মাধ্যমত ৷ যাক লৈ সৃষ্টি হৈছে দেশজুৰি প্ৰতিক্ৰিয়াৰ ৷

বনিয়াৰ হাতলৈ যাব অসমৰ দুয়োটা কাগজকল : বিক্ৰীৰ বিজ্ঞাপন প্ৰকাশ

অৱশেষত অসমৰ ঔদ্যোগিক ইতিহাসৰ অন্যতম অংশ নগাঁও আৰু কাছাৰ কাগজকল বিক্ৰীৰ সিদ্ধান্ত ল’লে চৰকাৰে । মঙলবাৰে এই সন্দৰ্ভত বিক্ৰীৰ বিজ্ঞাপন প্ৰকাশ কৰিছে চৰকাৰী পক্ষই ।

‘কাজিৰঙাক অকলে এৰি দিয়ক’: অসম চৰকাৰক সমালোচনা দিয়া মিৰ্জাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অসম চৰকাৰে গ্ৰহণ কৰা হেলিকপ্টাৰ ট্যুৰিজিমক সমালোচনা বলীউড অভিনেত্ৰী দিয়া মিৰ্জাৰ ৷ কাজিৰঙাক অকলশৰীয়াকৈ এৰি দিবলৈ ৰাজ্য চৰকাৰক আহ্বান অভিনেত্ৰীগৰাকীৰ ৷

এগৰাকী কৰ’ণাক্ৰান্ত ৰোগীৰ বাবে গ্ৰীণ কৰিডৰৰ ব্যৱস্থা

শিলচৰৰ ৰাজপথত গ্ৰীণ কৰিডৰৰ ব্যৱস্থা ৷ এগৰাকী কৰ’ণাত আক্ৰান্ত ৰোগীক ওড়িশালৈ নিয়াৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা কুম্ভিৰগ্ৰাম বিমানবন্দৰলৈ যোৱা পথত এই গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰে জিলা প্ৰশাসনে ৷

উজনি মাজুলীৰ বিধস্ত পথে জীয়াতু ভোগাইছে জনসাধাৰণক

উজনি মাজুলীবাসীৰ যাতায়তৰ মূল পথটো মেৰামতিৰ বাবে বিভিন্ন সময়ত দল সংগঠন, স্থানীয় লোকে লোক নিৰ্মাণ বিভাগক দাবী জনাই আহিছে যদিও আজি পৰ্যন্ত বিভাগটোৰে কোনো গুৰুত্ব প্ৰদান নকৰাত অঞ্চলটোৰ লোকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

কাছাৰ আৰক্ষীৰ জালত তিনি ড্ৰাগছ সৰবৰাহকাৰী

শিলচৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে কাছাৰ আৰক্ষীয়ে । মঙলবাৰে শিলচৰ চহৰৰ মাজমজিয়া তাৰাপুৰৰ পৰা ড্ৰাগছ সৰবৰাহৰ লগত জড়িত তিনিজনক আটক কৰে কাছাৰ আৰক্ষীয়ে ৷ ইয়াৰ লগতে হেৰ'ইনসহ মবাইল আৰু নগদ টকা জব্দ কৰে কাছাৰ আৰক্ষীয়ে ৷

ডিব্ৰুগড়ত আশা অ'ল্ড এজ হোমত ক'ভিড প্ৰতিষেধক প্ৰদান

ডিব্ৰুগড়ৰ সম্প্ৰতি প্ৰতিদিনে বৃদ্ধি পাই আছে ক'ভিড ৰোগীৰ সংখ্যা । ক'ভিড-১৯(Covid 19) ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ পদক্ষেপ হিচাপে ইতিমধ্যে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থান আৰু কেন্দ্ৰসমূহত ক'ভিড-১৯ (Covid 19)ৰ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত আছে ।

নগাঁও আৰক্ষীৰ জালত গাঞ্জাসহ এজন ড্ৰাগছ ব্যৱসায়ী

মণিপুৰী গাঞ্জাসহ ইটাচালী আৰক্ষীৰ জালত এজন ড্ৰাগছ ব্যৱসায়ী। নগাঁৱৰ ইটাচালী আৰক্ষীৰ এটা দলে কৰৈয়নী গধুৰীয়া গাঁৱত ড্ৰাগছ বিৰোধী অভিযান চলাই মণিপুৰী গাঞ্জাৰ লগতে ২ কেজিৰো অধিক স্থানীয় গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷

মিজোৰামৰ প্ৰতিষেধক প্ৰদানৰ শেহতীয়া তথ্য...

৩১ মে'ৰ দিনটোত মিজোৰামত বিভিন্ন লোকক মুঠ ১,৭৬৭ পালি ক'ভিশ্বিল্ড প্ৰতিষেধক প্ৰদান কৰা হৈছে । ১৬ জানুৱাৰীৰ পৰা মিজোৰামত মুঠ ৩,১০,৫৭৫ পালি ক'ভিশ্বিল্ড প্ৰতিষেধক প্ৰদান কৰা হৈছে । ইয়াৰ ভিতৰত ২,৫৮,৪৮২ গৰাকী হিতাধিকাৰীয়ে প্ৰথম পালি গ্ৰহণ কৰিছে আনহাতে ৫২,০৯৩ গৰাকী হিতাধিকাৰীয়ে দ্বিতীয় পালি গ্ৰহণ কৰিছে ।

মৰিগাঁৱত মুখ্য সচিব জিষ্ণু বৰুৱা: জিলা প্ৰশাসনৰে গুৰুত্বপূৰ্ণ বৈঠক

মৰিগাঁৱত ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ জিলা প্ৰশাসনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন । উক্ত বৈঠকত মুখ্য সচিব গৰাকীয়ে জিলাখনৰ ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ লগতে আগন্তুক দিনত জিলাখনৰ বান পৰিস্থিতিক কেনেদৰে মোকাবিলা কৰি জিলাবাসীক নিৰাপদে ৰাখিব পাৰে এই সন্দৰ্ভতো কৰিলে আলোচনা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.