ত্ৰিৰংগাৰ তলৰ পৰাই মূলসুঁতিলৈ আহিবলৈ পৰেশ বৰুৱাক আহ্বান মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্রী হিচাপে প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মাই । পতাকা উত্তোলনৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে । কিন্তু কি আছিল মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণা ?
ডিমা হাছাওত উগ্ৰপন্থী সংগঠনৰ গুলিয়াগুলী
ডিমা হাছাও জিলাৰ মাইবাঙত গুলিয়াগুলী ৷ এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছে ডিমাচা নেচনেল লিবাৰেচন আৰ্মি চমুকৈ (ডিএনএলএ) উগ্ৰপন্থী সংগঠনটোৱে ।
শ্বিলঙত সান্ধ্য আইন : কৰ্তন কৰা হ’ল ম’বাইল ইন্টাৰনেট সেৱা
অসমবাসীক আগন্তুক কিছু দিনলৈ শ্বিলং ভ্ৰমণ নকৰিবলৈ আহ্বান আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে ৷ কিয়নো আইন শৃংখলাজনিত পৰিস্থিতিৰ বাবে শ্বিলঙত জাৰী কৰা হৈছে সান্ধ্য আইন ৷
ঘানীৰ আত্মসমৰ্পণ: তালিবানৰ হাতত আফগানিস্তানৰ বাঘজৰী
ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্বৰফ ঘানীয়ে ৷ আফগান চৰকাৰৰ আত্মসমৰ্পণৰ পিছতে দেশখনত তালিবানে গঠন কৰিলে অন্তৱৰ্তীকালীন চৰকাৰ ৷
কেনে আছে ৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ পৰিয়াল ?
উপেক্ষিত-অনাদৃত শ্বহীদ পৰিয়াল ৷ জহি-খহি যোৱাৰ উপক্ৰম শ্বহীদ তোৰণ ৷ কাণ সাৰ নাই চৰকাৰ কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই অভিযোগ তৰিছে শ্বহীদ পৰিয়ালে ৷
হিমন্ত বিশ্ব শৰ্মাক দ্বিতীয় নাথুৰাম গড্ছে আখ্যা অখিল গগৈৰ
‘‘এখন সাম্প্ৰদায়িক, জাতিধ্বংসী আৰু ভয়ংকৰ কৃষক বিৰোধী বিধেয়ক বাতিল কৰোৱাত ব্যৰ্থ হোৱা বাবে মই অসমবাসীৰ ওচৰত ক্ষমাপ্ৰাৰ্থী । বিধানসভাত মই অকলে যুঁজ দিছিলো যদিও সফল হ'ব নোৱাৰিলো ।
স্বাধীনতা দিৱসত প্ৰদেশ কংগ্ৰেছৰ 'স্বতন্ত্রতা যাত্রা'
ৰাজীৱ ভৱনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি স্বাধীনতা সংগ্ৰামত আত্মবলিদান দিয়া বীৰ শ্বহীদ তথা মুক্তি যুঁজাৰুসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সভাপতি ভূপেন বৰাই ।
অৱসৰৰ পাছতো প্ৰতিবছৰে স্বাধীনতা দিৱস উদযাপন কৰা এজন সেনা জোৱান
এইখন অসমৰে এজন অৱসৰপ্ৰাপ্ত সেনা জোৱান ৷ 33 বছৰৰ পূৰ্বেই চাকৰিৰ পৰা অৱসৰ লৈছিল সেনা জোৱান গৰাকীয়ে ৷ কিন্তু অসৱৰৰ পাছতো প্ৰতিবছৰে নিজৰ উঁৱলি যোৱা সেনাৰ পোচাকজোৰ পিন্ধি স্বাধীনতা দিৱস উদযাপন কৰে এইগৰাকী প্ৰাক্তন সেনা জোৱানে ৷
ছোটে নৱাবলৈ জন্মদিনৰ শুভেচ্ছা...
অভিনেতা তথা ছোটে নৱাব ছেইফ আলী খান(Saif Ali Khan)ৰ 51 বছৰীয়া জন্মদিন ৷ জন্মদিনৰ শুভক্ষণত আহক জানো অভিনেতাগৰাকীৰ সফলতা-বিফলতাৰ কিছু কথা...
কেনেকৈ জন প্ৰকাশ ৰাওৰ পৰিচয় হৈ পৰিছিল জনি লিভাৰ ?
ভাৰতৰ ষ্টেণ্ড-আপ কমেডিয়ানসকলৰ মাজৰ অন্যতম জনি লিভাৰে 64 বছৰত ভৰি দিলে ৷ জনি লিভাৰ হিচাপে পৰিচয় লাভ কৰালৈকে অভিনেতাগৰাকী সন্মুখীন হৈছিল কঠোৰ সংগ্ৰামৰ ৷