ETV Bharat / state

9 বজাৰ শীৰ্ষ দহটা বাতৰি... - TOP 10 @ 9 AM

9 বজাৰ শীৰ্ষ দহটা বাতৰি...

9 বজাৰ শীৰ্ষ দহটা বাতৰি...
9 বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Jun 12, 2021, 9:01 AM IST

চাপৰৰ হাতীপোতা গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ধুবুৰীৰ চাপৰৰ হাতীপোতা গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ দুৰ্নীতিত জড়িত থকাৰ অভিযোগত নাম সাঙুৰ খাইছে পঞ্চায়ত সচিব, কনিষ্ঠ অভিযন্তা, জি আৰ এচ(GRS) তথা মেম্বাৰৰ বিৰুদ্ধে ৷ জবকাৰ্ডৰ নামত একাংশ পঞ্চায়ত, বিষয়া-প্ৰতিনিধিয়ে লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ ৷

ত্ৰিপুৰাত পৰীক্ষা অবিহনে 1.8 লক্ষাধিক শিক্ষাৰ্থীক উত্তীৰ্ণৰ সিদ্ধান্ত

কৰ’ণা ভাইৰাছ(Corona Virus)ৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ত্ৰিপুৰাৰ শিক্ষা বিভাগে পঞ্চম, অষ্টম, নৱম আৰু একাদশ শ্ৰেণীত অধ্যয়নৰত প্ৰায় 1.8 লক্ষাধিক শিক্ষাৰ্থীক পৰীক্ষা অবিহনেই উত্তীৰ্ণ কৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বৃহস্পতিবাৰে ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰী ৰতনলাল নাথে সদৰী কৰে এই কথা ।

Micro Finance Loan : কোনে কোনে লাভ কৰিব ঋণৰ ৰেহায়ৰ সুবিধা ?

শুকুৰবাৰে জনতা ভৱনত মাইক্ৰ’ ফাইনেন্স ঋণ (micro finance loan) সন্দৰ্ভত সংবাদমেল সম্বোধন মন্ত্ৰী অশোক সিংঘাল (Ashok Singhal)ৰ ৷ কোনে কোনে মাইক্ৰ’ ফাইনেন্সৰ ঋণত ৰেহাই লাভ কৰিব, সেই সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে ৷

মুখ্যমন্ত্রীক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছে

এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মুখত এনে কথা শোভা নাপায়। বিশেষকৈ যিগৰাকী ব্যক্তি ৰাজ্যখনৰ জন গাঁথনিৰ সত্যতা জ্ঞাত বুলি আমি ভাবো। জনসংখ্যা বিস্ফোৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীৰ বক্তব্য সম্পূৰ্ণ মিছা তথ্যৰ ওপৰত আধাৰত আৰু মানুহক বিপথে পৰিচালনা কৰাৰ প্ৰয়াস কৰিছে বুলি মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছে ৷

অচিৰেই অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিব নতুন আলহী

শুকুৰবাৰে পৰিৱেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত হয় অসম ৰাজ্যিক চিৰিয়াখানা(ZOO)ত ৷ ৰাজ্যিক চিৰিয়াখানা উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে বটানিকেল গাৰ্ডেন পৰিদৰ্শন কৰাৰ লগতে চিৰিয়াখানাৰ সুৰক্ষাকৰ্মী আৰু জীৱ-জন্তু সমূহৰ স্বাস্থ্যৰ বুজ লয়। ইফালে, চিৰিয়াখানাত দুটাকৈ ঘোং(black panther)ৰ পোৱালি জন্ম হোৱাৰ কথা সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয়,ৰিলায়েন্সৰ লগত হোৱা বুজাবুজিৰ চুক্তি অনুযায়ী দুটা ঘোঙৰ (black panther)বিনিময়ত ইজৰাইলৰ পৰা চাৰিটাকৈ জেব্ৰা ৰাজ্যিক চিৰিয়াখানালৈ অনা হ’ব। লগতে চেক ৰিপাব্লিকৰ পৰা চাৰিটিকৈ বগা দেউকাৰ দেওহাঁহ আহি পাব। নতুনকৈ আহিব লগীয়া জীৱ-জন্তুসমূহৰ বাবে বেষ্টনী প্ৰায় সাজু হৈ উঠিছে।

দুলীয়াজানত ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে OIEEAৰ সামগ্ৰী প্ৰদান

ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে কিছু সামগ্ৰী প্ৰদান দুলীয়াজান অইল ইণ্ডিয়া এক্সিকিউটিভ এমপ্লয়ী এছ’চিয়েচনৰ (Oil India Executive Employee Association)ৰ ৷ ক’ভিড ৰোগী তথা স্বাস্থ্যকৰ্মীৰ বাবে প্ৰয়োজনীয় কিছু সামগ্ৰী ডিব্ৰুগড় জিলা প্ৰশাসনক প্ৰদান কৰে অইল ইণ্ডিয়া এক্সিকিউটিভ এমপ্লয়ী এছ’চিয়েচন চমুকৈ OIEEA ৰ ৷

ছয়গাঁৱত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি পেট্ৰ’লজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে বৰ্তমানৰ চৰকাৰখনক সমালোচনা কৰে ।

এখন দলঙৰ বাবে হাহাকাৰ কৰিছে দ্বাৰকুছিবাসীয়ে

ৰঙিয়াৰ দ্বাৰকুছিৰ এখন দলং নিৰ্মাণৰ বাবে আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই ৷ নিৰ্বাচনৰ সময়ত দলংখন নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়া জনপ্ৰতিনিধিয়ে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পাচতে সকলো আশ্বাস-প্ৰতিশ্ৰুতি পাহৰি যায় বুলি ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ।

চৰকাৰৰ এমহীয়া খতিয়ান দাঙি ধৰিলে লখিমপুৰৰ সাংসদ-বিধায়কে

লখিমপুৰৰ বিধায়ক মানৱ ডেকা(MANAB DEKA) আৰু লোকসভাৰ সাংসদ প্ৰদান বৰুৱা(PRADAN BARUAH)ই শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি ৰাজ্য চৰকাৰৰ কাম-কাজৰ এমহীয়া খতিয়ান দাঙি ধৰে । লগতে বানত ক্ষতিগ্ৰস্ত লোকক সহায় কৰাৰো আশ্বাস দিয়ে বিধায়ক আৰু সাংসদগৰাকীয়ে ।

মাণিকপুৰত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কংগ্ৰেছ কৰ্মীৰ ৷ চৰকাৰক সমালোচনা বিধায়ক আব্দুল বাতেন খন্দকাৰৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.