ETV Bharat / state

9 বজাৰ দহটা শীৰ্ষ খবৰ - TOP 10 @ 9 AM

9 বজাৰ দহটা শীৰ্ষ খবৰ

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Mar 3, 2021, 9:11 AM IST

বিজেপি-অগপৰ আসন বুজাবুজি ৯৫ শতাংশ সম্পূৰ্ণ : হিমন্ত বিশ্ব

অগপই পূৰ্বতকৈ অধিক আসন পোৱাৰ সম্ভাৱনা আছে ৷ এই ইংগিত দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মঙলবাৰে অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ দিছপুৰৰ চৰকাৰী আৱাসত হোৱা দীঘলীয়া ৰুদ্ধদ্বাৰ বৈঠকৰ পাছত হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে ৷ মিত্ৰদল দুটাৰ মাজত আসন বুজাবুজি প্ৰায় 95 শতাংশ সম্পূৰ্ণ হোৱা বুলি সদৰি কৰি মন্ত্ৰী শৰ্মাই ৷

বিপিএফৰ ১২ খন আসনে সাহস দিব মহাজোঁটক !

বিটিচিৰ 12 খন আসন মহাজোঁটক দিব হাগ্ৰামাই ৷ তেজপুৰ জনসভাৰ পিচতে এই মন্তব্য প্ৰকাশ কৰিলে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷

ভূৱন পেগুক টিকট দিলে ভোট বৰ্জন কৰিব বিজেপি কৰ্মীয়ে !

ন বিজেপি তথা বিধায়ক ভূৱন পেগুৰ বিৰুদ্ধে প্ৰতিবাদ ধেমাজিৰ বিজেপি কৰ্মীৰ ৷ নতুনকৈ বিজেপি দলত যোগদান কৰা ভূৱন পেগুক অসম বিধানসভা নিৰ্বাচনত টিকট প্ৰদান নকৰিবলৈ ৰাজ্যিক নেতৃত্বক আহ্বান বিজেপি কৰ্মীৰ ৷ পেগুক টিকট প্ৰদান কৰিলে ভোট বৰ্জনৰ দৰে পদক্ষেপ হাতত লোৱাৰ হুংকাৰ প্ৰতিবাদী বিজেপি কৰ্মীৰ ৷

বিজেপিত যোগদানৰ পিচতে অথন্তৰ ভূৱন পেগুৰ

জোনাইত বিজেপিৰ মাজত অব্যাহত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত ৷ ভূৱন পেগুৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত বিজেপিৰ শতাধিক কৰ্মীৰ ৷ পেগুক প্ৰাৰ্থিত্ব প্ৰদানৰ বিৰোধিতা কৰি সমষ্টিটোৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ ৷

বিজেপিৰ অপৰাধমুক্ত অসমৰ শ্ল'গান কিমান খিনি বাস্তৱ হ’ব ?

বঢ়মপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ জিতু গোস্বামীৰ বিৰুদ্ধে আছে অপৰাধৰ দুটাকৈ গোচৰ ৷ কেইবাজনো জনপ্ৰতিনিধিৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ ৷

হাগ্ৰামাই বাহিনীৰ দখলত থকা ১২ খন আসন সন্দৰ্ভত কি ক'লে প্ৰদ্যুৎ বৰদলৈয়ে?

হাগ্ৰামা মহিলাৰীয়ে ৮০ খন আসন পাম বুলি অন্তৰৰ পৰা কৈছে আৰু ইয়াৰ ভিতৰত প্ৰথম পৰ্য্যায়ত হাগ্ৰামাই ১২ খন আসন দিব কংগ্ৰেছক ৷ সংবাদিকক সম্বোধন কৰি এইদৰে মন্তব্য প্ৰকাশ কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷

চিৰাঙত এজেপিৰ সংবাদমেলত লুৰিণক আক্ৰমণৰ গৰিহণা

চিৰাঙৰ বিজনীত অসম জাতীয় পৰিষদৰ চিৰাং জিলা কমিটিৰ সংবাদমেল ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰীত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ গাড়ীত বিজেপি কৰ্মীয়ে আক্ৰমণ কৰা কাৰ্যৰ গৰিহণা দিয়াৰ লগতে দোষীক অতি শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি দিয়াৰ দাবী উত্থাপন কৰে ৷

পাঁচটা গেৰাণ্টিৰে অসমত চৰকাৰ গঠন কৰিব মহাজোঁটে !

দিল্লীৰ ৰিমৰ্ট কনট্ৰলত চলে অসম ৷ পাঁচটা গেৰাণ্টিৰে অসমত চৰকাৰ গঠন কৰিব মহাজোঁটে ৷ নিৰ্বাচনী মন্ত্ৰণা লৈ 1 মাৰ্চত অসমত উপস্থিত হোৱাৰ পাচতে মঙলবাৰে তেজপুৰত এইদৰে শাসনাধীস্থ বিজেপিক প্ৰত্যাহ্বান জনালে প্ৰিয়ংকা গান্ধীয়ে ৷

অতিথিশালা ত্যাগ কৰিব লাগিব মুখ্যমন্ত্ৰী সোণোৱালে !

অসমৰ মুখ্য নিৰ্বাচন বিষয়া নিতিন খাড়েলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ আইন কোষৰ অধ্যক্ষ নিৰন বৰাৰ পত্ৰ ৷ নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতো মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্যিক অতিথিশালা নীতি বহিৰ্ভূতভাৱে দখল কৰি আছে বুলি পত্ৰত উল্লেখ কৰে নিৰন বৰাই ৷

পোষ্টেল বেলটৰ জৰিয়তে ভোট দান কৰিব পাৰিব ৮০ বছৰৰ উৰ্ধ্বৰ ভোটাৰে

অসমত নিৰ্বাচনৰ দিন ধাৰ্য হোৱাৰ লগে লগে ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰথমবাৰৰ বাবে বয়োজ্যেষ্ঠ, ক'ভিড ৰোগী আৰু বিশেষভাৱে সক্ষম লোকৰ সুবিধাৰ্থে পোষ্টেল বেলটৰ সুবিধা প্ৰৱৰ্তন কৰিছে। মঙলবাৰে হোজাই জিলা উপায়ুক্ত কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত সদনেক সিঙে পোষ্টেল বেলট সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে । ৮০ বছৰৰ উৰ্ধ্বৰ লোকসকল আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে এই বিশেষ বেলটৰ সুবিধা প্ৰদান কৰা হৈছে বুলি জনায় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.