ETV Bharat / state

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - TOP 10 @ 9 AM

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
9 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ
author img

By

Published : Feb 25, 2021, 8:58 AM IST

বটদ্ৰৱাত আবতৰীয়া দীপাৱলী

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অসম আগমনৰ প্ৰাক মুহুৰ্তত হেজাৰ হেজাৰ বন্তিৰ পোহৰত উজ্জ্বলি উঠিল গুৰুজনাৰ পবিত্ৰ ভূমি বটদ্ৰৱা । বৃহস্পতিবাৰে বটদ্ৰৱাৰ সৌন্দৰ্য বৰ্ধন আৰু উন্নয়ন প্ৰকল্পৰ শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে ৷ অমিত শ্বাহৰ আগমনৰ প্ৰাক মুহুৰ্তত বুধবাৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ নেতৃত্বত বটদ্ৰৱা থানৰ ভকত-বৈষ্ণৱৰ লগতে সত্ৰবাসীয়ে মিলি হেজাৰ হেজাৰ মিঠা তেলৰ চাকি জ্বলাই আলোকময় কৰি তোলে সমগ্ৰ বটদ্ৰৱা থান ৷

২৬ ফেব্ৰুৱাৰীৰ ভাৰত বন্ধলৈ পূর্ণ সমর্থন অসম জাতীয় পৰিষদৰ

অহা ২৬ ফেব্ৰুৱাৰীত কনফেডাৰেচন অব অল ইণ্ডিয়া ট্রেডাৰ্ছে আহ্বান জনোৱা ভাৰত বন্ধলৈ সমৰ্থন আগবঢ়ালে অসম জাতীয় পৰিষদে ৷

প্ৰসংগ বিজেপিৰ সভা: ৰহাৰ টোলগেটত তীব্ৰ বাক-বিতণ্ডা

বুধবাৰে অমিত শ্বাহৰ সভালৈ অধিগ্ৰহণ কৰা গাড়ীসমূহ নগাঁৱলৈ আহি থকাৰ সময়তে লাগে অথন্তৰ । অভিযোগ অনুসৰি, ৰহাৰ টোলগেট কৰ্তৃপক্ষই প্ৰতিখন গাড়ীৰ পৰা তিনিশ টকাকৈ কৰ বিচাৰে । কিন্তু টোলগেটত ধন দিবলৈ অমান্তি হয় বাহনসমূহৰ চালকসকলে ৷

অসমত প্ৰায় তেৰ হাজাৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰা হ'ব: ৰামেশ্বৰ তেলী

খাদ্য সংশোধন উদ্যোগৰ জৰিয়তে কিদৰে সৰু বৰ বিভিন্ন উদ্যোগ গঢ় দিব পাৰি সেই সম্পৰ্কে উদ্যোগীসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্যেশ্যে বুধবাৰে বৰপেটাত এখন কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা আৰু PMFMP আঁচনিৰ অধীনত আৰু ফাইনাৰৰ উদ্যোগত অনুষ্ঠিত কৰ্মশালাখনত অংশগ্ৰহন কৰে কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংশোধন উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

গুজৰাটৰ মুছলমানে বিজেপিক ভোট দিয়ে, অসমৰ মুছলমানেও দিব:ৰণজিৎ কুমাৰ দাস

সংখ্যালঘু ভোটাৰক আকৰ্ষণ কৰিবলৈ সৰভোগ সমষ্টিৰ নিচুকাত আধাৰশিলা স্থাপন কৰি সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে কয় কংগ্ৰেছ শাসনত থাকিলে মুছলমান লোকক হত্যা কৰা হয়, ঘৰ-বাৰী পুৰি দিয়া হয় ৷ কিন্তু বিজেপি চৰকাৰৰ দিনত মুছলমান লোকক হত্যা কৰাটো দূৰৰে কথা গাৰ নোম এডালো লৰাব পৰা নাই ৷

অসমক পুনৰ 6 মাহলৈ 'অশান্ত অঞ্চল' ঘোষণা

ৰাজ্যত নিৰ্বাচন কেন্দ্ৰীক কুচকাৱাজ চলি থকা সময়তে অসমক পুনৰ 6 মাহৰ বাবে ঘোষণা 'অশান্ত অঞ্চল' ৷ সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন(AFSPA)১৯৫৮ ৰ অধিন ঘোষণা কৰা হৈছে 'অশান্ত অঞ্চল' ৷

খুমটাইত চুকাফাৰ ৩৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন

খুমটাইত বৰ অসম গঢ়োতা চুকাফাৰ ৩৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় । চুকাফাৰ ভাতৃত্ববোধ নামেৰে প্ৰতিমূৰ্তিটো উন্মোচন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

চিকিৎসা ব্যৱসায় নহয়, এয়া এক সেৱাহে: হিমন্ত বিশ্ব শৰ্মা

এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বুধবাৰে কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ বাইহাটাত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গেট শইকীয়া মাল্টিস্পেচিয়েলেটি হস্পিতালখন আনুষ্ঠানিকভাবে মুকলি কৰে ৷

সমুখত নিৰ্বাচন:আৰ্থিক সংকটত কংগ্ৰেছ

নিৰ্বাচন চমু চাপি অহাৰ লগে লগে এটা নতুন সংকট আহিছে প্ৰদেশ কংগ্ৰেছৰ সন্মুখত । নিৰ্বাচনী কাৰ্যসূচী ৰূপায়ণৰ বাবে পৰ্যাপ্ত টকা নাই অসম প্ৰদেশ কংগ্ৰেছৰ ! যাৰ বাবে বিমোৰত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব ।

শতাধিক মহিলাৰ প্ৰতিবাদেৰে উত্তাল বাঘজান

বাঘজানত পুনৰ প্ৰতিবাদ । বাঘজান EPS ৰ সমীপত শ-শ মহিলাৰ উত্তাল প্ৰতিবাদ সাব্যস্ত । চৰকাৰে বৰ্তমানো ক্ষতিপূৰণ নিদিয়াৰ দাবীত এই প্ৰতিবাদ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.